লূকে লিখা শুভবাৰ্তা ৬:১-৪৯

  • যীচু “বিশ্ৰাম-বাৰৰ প্ৰভু হয়” (১-৫)

  • হাত শুকাই যোৱা এজন মানুহক সুস্থ কৰিলে (৬-১১)

  • ১২ জন পাঁচনি (১২-১৬)

  • যীচুৱে শিকায় আৰু সুস্থ কৰে (১৭-১৯)

  • সুখ আৰু দুখৰ কাৰণ (২০-২৬)

  • হানি কৰিব বিচৰা লোকসকলক প্ৰেম কৰা (২৭-৩৬)

  • নিন্দা নকৰিবা (৩৭-৪২)

  • গছক নিজৰ ফলৰ যোগেদি চিনাক্ত কৰিব পাৰি (৪৩-৪৫)

  • মজবুত ভেটিৰে বনোৱা ঘৰ; ভেটি নোহোৱা ঘৰ (৪৬-৪৯)

৬  এবাৰ বিশ্ৰাম-বাৰে* যীচুৱে শস্যৰ পথাৰৰ মাজেদি গৈ আছিল আৰু তেওঁৰ শিষ্যসকলে শস্যৰ থোক চিঙি হাতেৰে ঘঁহি ঘঁহি খাবলৈ ধৰিলে। ২  তেতিয়া কিছুমান ফৰীচীয়ে কʼলে, “তোমালোকে এনে কাম কিয় কৰিছা, যি বিশ্ৰাম-বাৰে কৰিব নালাগে?” ৩  কিন্তু যীচুৱে তেওঁলোকক উত্তৰ দিলে, “যেতিয়া দায়ূদ আৰু তেওঁৰ লোকসকলৰ ভোক লাগিছিল, তেতিয়া তেওঁলোকে কি কৰিলে, এই বিষয়ে তোমালোকে কেতিয়াও পঢ়া নাই নে? ৪  ঈশ্বৰলৈ আগবঢ়োৱা ৰুটি কেৱল পুৰোহিতসকলে খাব পাৰিছিল, তথাপিও তেওঁ ঈশ্বৰৰ ভৱনত সোমালে আৰু তেওঁক আগবঢ়োৱা ৰুটি দিয়া হʼল, তেওঁ সেয়া খালে আৰু নিজৰ লোকসকলকো দিলে। কিন্তু এনে কৰাটো দায়ূদ আৰু তেওঁৰ লোকসকলৰ কাৰণে নিয়মৰ বিৰুদ্ধে আছিল।” ৫  তাৰ পাছত যীচুৱে তেওঁলোকক কʼলে, “মানুহৰ পুত্ৰ বিশ্ৰাম-বাৰৰ প্ৰভু হয়।” ৬  আকৌ এবাৰ বিশ্ৰাম-বাৰৰ দিনাখন যীচু সভাঘৰলৈ গʼল আৰু শিকাবলৈ ধৰিলে। তাত এনে এজন মানুহ আছিল, যিজনৰ সোঁহাত শুকাই গৈছিল।* ৭  যীচুৱে বিশ্ৰাম-বাৰত ৰোগীসকলক সুস্থ কৰিব নে নকৰে, সেয়া নিয়ম শিকোৱা লোকসকলে* আৰু ফৰীচীবিলাকে ধ্যান দি চাই আছিল যাতে কিবা উপায়েৰে যীচুৰ ওপৰত মিছা অভিযোগ লগাব পাৰে। ৮  কিন্তু যীচুৱে জানিছিল যে তেওঁলোকে নিজৰ মনত কি ভাবি আছে। সেইবাবে, তেওঁ হাত শুকাই যোৱা মানুহজনক কʼলে, “উঠি ইয়ালৈ আহা আৰু মাজত থিয় হোৱা।” তেতিয়া সেই মানুহজন উঠিলে আৰু গৈ মাজত থিয় হʼল। ৯  তাৰ পাছত যীচুৱে তেওঁলোকক কʼলে, “মই তোমালোকক সুধিছোঁ, ঈশ্বৰৰ নিয়মৰ অনুসৰি বিশ্ৰাম-বাৰত কি কৰাটো সঠিক, কাৰোবাৰ কাৰণে ভাল কাম কৰা, নে বেয়া কাম কৰা? কাৰোবাৰ জীৱন বচোৱা, নে হত্যা কৰা? ১০  তাৰ পাছত যীচুৱে চাৰিওফালে সকলোকে চালে আৰু সেই মানুহজনক কʼলে, “তোমাৰ হাতখন আগবঢ়াই দিয়া।” তেওঁ সেইদৰেই কৰিলে আৰু তেওঁৰ হাতখন ভাল হৈ গʼল। ১১  কিন্তু নিয়ম শিকোৱা লোক আৰু ফৰীচীবিলাকৰ বহুত খং উঠিল আৰু যীচুৰ লগত কি কৰা উচিত, এই বিষয়ে তেওঁলোকে এজনে-আনজনৰ লগত আলোচনা কৰিবলৈ ধৰিলে। ১২  এদিনাখন যীচুৱে প্ৰাৰ্থনা কৰিবলৈ পাহাৰৰ ওপৰলৈ উঠিল আৰু গোটেই ৰাতি ঈশ্বৰলৈ প্ৰাৰ্থনা কৰি থাকিল। ১৩  তাৰ পাছত যেতিয়া পোহৰ হʼল, তেতিয়া তেওঁ নিজৰ শিষ্যসকলক মাতিলে আৰু তেওঁলোকৰ মাজৰ ১২ জনক বাছনি কৰিলে, যিসকলক তেওঁ পাঁচনি* নাম দিলে। ১৪  তেওঁলোক আছিল: চিমোন, যাক তেওঁ পিতৰ নামো দিলে আৰু তেওঁৰ ভায়েক আন্দ্ৰিয় আৰু যাকোব, যোহন, ফিলিপ, বাৰ্থলময়, ১৫  মথি, থোমা, আলফয়ৰ লʼৰা যাকোব, চিমোন, যাক “উৎসাহী” বুলি কোৱা হয়। ১৬  যিহূদা, যিজন যাকোবৰ লʼৰা আছিল আৰু যিহূদা ঈষ্কৰিয়োতীয়া, যিজনে পাছত বিশ্বাসঘাত কৰিলে। ১৭  যীচুৱে তেওঁলোকৰ লগত তললৈ নামি আহিলে আৰু এখন সমান ঠাইত আহি ৰৈ গʼল। তাত তেওঁৰ শিষ্যসকলৰ এটা ডাঙৰ ভীৰ আছিল আৰু গোটেই যিহূদিয়া আৰু যিৰূচালেমৰ পৰা, লগতে সমুদ্ৰৰ কাষৰ এলেকা অৰ্থাৎ তূৰ আৰু চীদোনৰ পৰা বহুতো লোক আহি তাত জমা হৈছিল। তেওঁলোকে তেওঁৰ কথা শুনিবলৈ আৰু নিজৰ বেমাৰৰ পৰা সুস্থ হʼবলৈ আহিছিল। ১৮  আনকি, যিসকলক দুষ্ট স্বৰ্গদূতে পাইছিল, তেওঁলোকো সুস্থ হৈ গʼল। ১৯  ভীৰৰ সকলোৱে তেওঁক চুবলৈ চেষ্টা কৰিছিল, কাৰণ তেওঁৰ পৰা ওলাই অহা শক্তিয়ে সকলোকে সুস্থ কৰিছিল। ২০  যীচুৱে নিজৰ শিষ্যসকলৰ ফালে চালে আৰু তেওঁলোকক কʼবলৈ ধৰিলে: “সুখী তোমালোক, যিসকল দুখীয়া, কাৰণ ঈশ্বৰৰ ৰাজ্য তোমালোকৰ। ২১  সুখী তোমালোক, যিসকল এতিয়া ভোকত আছা, কাৰণ তোমালোকক তৃপ্ত কৰা হʼব। সুখী তোমালোক, যিসকলে এতিয়া কান্দি আছা, কাৰণ তোমালোকে হাঁহিবা। ২২  সুখী তোমালোক, যেতিয়াই লোকসকলে মানুহৰ পুত্ৰৰ কাৰণে তোমালোকক ঘৃণা কৰে আৰু তোমালোকক নিজৰ মাজৰ পৰা উলিয়াই দিয়ে, তোমালোকক বদনাম কৰে আৰু দুষ্ট বুলি কয়, তোমালোকৰ নাম বেয়া কৰে।* ২৩  সেই সময়ত তোমালোকে আনন্দ কৰিবা আৰু আনন্দত নাচি উঠিবা, কাৰণ স্বৰ্গত তোমালোকক ডাঙৰ পুৰস্কাৰ দিয়া হʼব। তেওঁলোকৰ পূৰ্বপুৰুষসকলেও ভৱিষ্যবক্তাসকলৰ লগত এইবোৰেই কৰিছিল। ২৪  কিন্তু ধিক্কাৰ তোমালোক, যিসকল ধনী, কাৰণ তোমালোকে নিজৰ সকলো সুখ পাইছা। ২৫  ধিক্কাৰ তোমালোক, যি এতিয়া তৃপ্ত, কাৰণ তোমালোক ভোকাতুৰ হʼবা। ধিক্কাৰ তোমালোক, যিসকল এতিয়া হাঁহি আছা, কাৰণ তোমালোকে শোক কৰিবা আৰু কান্দিবা। ২৬  ধিক্কাৰ তোমালোক, যেতিয়া সকলোৱে তোমালোকৰ প্ৰশংসা কৰে, কাৰণ তেওঁলোকৰ পূৰ্বপুৰুষসকলে মিছা ভৱিষ্যবক্তাসকলৰ লগতো এইদৰেই কৰিছিল। ২৭  কিন্তু যিসকলে মোৰ কথা শুনি আছা, মই তোমালোকক কৈছোঁ: তোমালোকক হানি কৰিব বিচৰা লোকসকলক প্ৰেম কৰি থাকা। যিসকলে তোমালোকক ঘৃণা কৰে, তেওঁলোকৰ কাৰণে ভাল কাম কৰি থাকা। ২৮  যিসকলে তোমালোকক শাও দিয়ে, তেওঁলোকক আশীৰ্বাদ কৰি থাকা আৰু যিসকলে তোমালোকৰ অপমান কৰে, তেওঁলোকৰ কাৰণে প্ৰাৰ্থনা কৰি থাকা। ২৯  যিজনে তোমাৰ এখন গালত চৰ মাৰে, তেওঁৰ ফালে আনখন গালো পাতি দিবা। যিজনে তোমাৰ চোলা লʼব খোজে, তেওঁক বাকী কাপোৰবোৰো দি দিবা। ৩০  যিজনে তোমাক খোজে তেওঁক দিয়া আৰু যিজনে তোমাৰ বস্তু লৈ যায়, তেওঁৰ পৰা উভতাই নিবিচাৰিবা। ৩১  আনে তোমাৰ লগত যিদৰে ব্যৱহাৰ কৰাটো তুমি বিচাৰা, ঠিক সেইদৰে তুমিও আনৰ লগত ব্যৱহাৰ কৰা। ৩২  যিসকলে তোমালোকক প্ৰেম কৰে কেৱল তেওঁলোককে প্ৰেম কৰিলে, ইয়াত প্ৰশংসা কৰিবলৈ কি আছে? কাৰণ পাপীসকলেও তেওঁলোকক প্ৰেম কৰা লোকসকলকহে প্ৰেম কৰে ৩৩  আৰু তোমালোকে যদি কেৱল সেই লোকসকলৰ কাৰণেই ভাল কাম কৰা, যিসকলে তোমাৰ কাৰণে ভাল কাম কৰে, তেনেহʼলে ইয়াত প্ৰশংসা কৰিবলৈ কি আছে? কাৰণ পাপীসকলেও এইদৰেই কৰে। ৩৪  আৰু তোমালোকে যদি কেৱল সেই লোকসকলক ধাৰ* দিয়া, যিসকলৰ পৰা তোমালোকে ঘূৰাই পোৱাৰ আশা আছে, তেনেহʼলে ইয়াত প্ৰশংসা কৰিবলৈ কি আছে? পাপীসকলেও আন পাপীসকলক ধাৰ দিয়ে যাতে যিমান ধাৰ দিছে, সিমান ঘূৰাই পায়। ৩৫  ইয়াৰ পৰিৱৰ্তে, তোমালোকক হানি কৰিব বিচাৰা লোকসকলক প্ৰেম কৰি থাকা আৰু তেওঁলোকৰ কাৰণে ভাল কাম কৰি থাকা আৰু একো ঘূৰাই পোৱাৰ আশা নকৰাকৈ ধাৰ দি থাকা, তেতিয়া তোমালোকে ডাঙৰ পুৰস্কাৰ পাবা আৰু তোমালোক মহান ঈশ্বৰৰ পুত্ৰ হʼবা, কাৰণ তেওঁ কৃতজ্ঞ নোহোৱা আৰু দুষ্ট লোকসকলকো কৃপা কৰে। ৩৬  যিদৰে তোমালোকৰ পিতৃ দয়ালু, ঠিক সেইদৰে তোমালোকেও দয়া কৰি থাকা। ৩৭  আনৰ নিন্দা নকৰিবা, তেতিয়া তোমালোকৰো কেতিয়াও নিন্দা কৰা নহʼব। আনক দোষ দিবলৈ বন্ধ কৰা, তেতিয়া তোমালোককো কেতিয়াও দোষ দিয়া নহʼব। ক্ষমা কৰি থাকা, তেতিয়া তোমালোককো ক্ষমা কৰা হʼব। ৩৮  আনক দি থাকা আৰু লোকসকলে তোমালোককো দিব, তেওঁলোকে তোমালোকৰ জেপত* ঠিক জোখত হেঁচি হেঁচি, জোকাৰি জোকাৰি আৰু ওপৰলৈকে ভৰাই দিব। কাৰণ যি জোখেৰে তোমালোকে আনক জোখা, সেই জোখেৰে তোমালোককো জোখা হʼব।” ৩৯  তাৰ পাছত তেওঁ তেওঁলোকক এটা উদাহৰণো দিলে: “এজন অন্ধই আন এজন অন্ধক পথ দেখুৱাব পাৰে নে? যদি দেখুৱায়, তেনেহʼলে তেওঁলোক দুয়োজনে গাঁতত নপৰিব নে? ৪০  শিষ্য* নিজৰ গুৰুতকৈ ডাঙৰ নহয়, কিন্তু সম্পূৰ্ণভাৱে শিক্ষা লাভ কৰা প্ৰতিজন শিষ্যই তেওঁৰ গুৰুৰ দৰে হʼব। ৪১  তোমাৰ চকুত থকা ডাঙৰ কাঠৰ টুকুৰালৈ* মন নকৰি, ভায়েৰাৰ চকুত থকা সৰু কুটাডালিলৈ কিয় মন কৰিছা? ৪২  যদি তুমি নিজৰ চকুত থকা ডাঙৰ কাঠৰ টুকুৰা দেখা পোৱা নাই, তেনেহʼলে তুমি নিজৰ ভাইক কেনেকৈ কʼব পাৰিবা যে ‘আহা ভাই, তোমাৰ চকুৰ পৰা কুটাডালি উলিয়াই দিওঁ?’ হে কপটীয়া! প্ৰথমে নিজৰ চকুত থকা কাঠৰ টুকুৰাডাল ওলোৱা, তেতিয়াহে নিজৰ ভায়েৰাৰ চকুৰ পৰা কুটাডালি উলিয়াবলৈ ভালকৈ দেখা পাবা। ৪৩  কোনো ভাল গছে বেয়া ফল নিদিয়ে আৰু কোনো বেয়া গছে ভাল ফল নিদিয়ে। ৪৪  কাৰণ প্ৰত্যেক গছক নিজৰ ফলৰ যোগেদি চিনাক্ত কৰিব পাৰি। উদাহৰণস্বৰূপে, লোকসকলে কাঁইটীয়া গছৰ পৰা ডিমৰু নিছিঙে আৰু কাঁইটীয়া জোপোহাৰ পৰাও আঙুৰ নাপাৰে। ৪৫  ভাল মানুহে ভাল কথা কয়, কিয়নো তেওঁৰ হৃদয় ভাল কথাৰে ভৰি থাকে। কিন্তু বেয়া মানুহে বেয়া কথা কয়, কিয়নো তেওঁৰ হৃদয় বেয়া কথাৰে ভৰি থাকে, কাৰণ হৃদয়ত যি থাকে, সেয়াই মুখৰ পৰা ওলায়। ৪৬  তেনেহʼলে তোমালোকে মোক কিয় ‘প্ৰভু! প্ৰভু!’ বুলি মাতি থাকা, কিন্তু মই যি কওঁ, সেয়া নকৰা? ৪৭  মই তোমালোকক কৈছোঁ যে যি কোনোৱে মোৰ ওচৰলৈ আহে, মোৰ কথা শুনে আৰু সেইবোৰ পালন কৰে, তেওঁ কাৰ নিচিনা। ৪৮  তেওঁ সেই ব্যক্তিৰ নিচিনা হয়, যিজনে এটা ঘৰ বনাবলৈ দলৈকে খান্দিলে আৰু শিলাৰ ওপৰত ভেটি বনালে। সেইবাবে, যেতিয়া বানপানী আহিল আৰু নদীৰ সোঁতে সেই ঘৰটো খুন্দা মাৰিলে, তেতিয়া সেই ঘৰটো নাভাঙিল। কিয়নো তাৰ ভেটি মজবুত আছিল। ৪৯  আনহাতে, যিজনে মোৰ কথা শুনে, কিন্তু সেইবোৰ পালন নকৰে, তেওঁ সেই ব্যক্তিৰ নিচিনা হয়, যিজনে ভেটি নবনোৱাকৈ নিজৰ ঘৰ মাটিৰ ওপৰত বনালে, যেতিয়া নদীৰ সোঁতে তেওঁৰ ঘৰটোক খুন্দা মাৰিলে, তেতিয়া সেই ঘৰটো লগে লগে ভাঙি গʼল আৰু সম্পূৰ্ণৰূপে ধ্বংস হৈ গʼল।”

Footnotes

বা “আৰাম কৰা দিনত।” শব্দকোষ চাওক।
বা “জঠৰ ৰোগ হৈছিল।”
আক্ষ., “লেখক।” শব্দকোষ চাওক।
গ্ৰীক ভাষাত ইয়াৰ অৰ্থ হৈছে, “পঠিওৱা হৈছে।”
বা “নাম কাটি দিয়ে।”
বা “সুত নোলোৱাকৈ।”
এই জেপ এজন ব্যক্তিৰ চোলাৰ ভাজত বনোৱা হৈছিল আৰু এয়া বস্তু কঢ়িয়াবলৈ ব্যৱহাৰ কৰা হৈছিল।
বা “বিদ্যাৰ্থী।”
বা “চতিলৈ।”