মথিয়ে লিখা শুভবাৰ্তা ২২:১-৪৬
২২ যীচুৱে আৰু এবাৰ তেওঁলোকক উদাহৰণ দি কʼলে,
২ “স্বৰ্গৰাজ্য এনে এজন ৰজাৰ দৰে হয়, যিজনে নিজৰ লʼৰাৰ বিয়াৰ কাৰণে ডাঙৰ ভোজৰ আয়োজন কৰিছে।
৩ এই ভোজলৈ নিমন্ত্ৰণ দিয়া লোকসকলক মাতিবলৈ তেওঁ নিজৰ দাসসকলক পঠাইছিল। কিন্তু তেওঁলোকে আহিব বিচৰা নাছিল।
৪ ৰজাই আকৌ কিছুমান দাসক এইদৰে কৈ পঠালে, ‘যিসকলক নিমন্ত্ৰণ দিয়া হৈছে, তেওঁলোকক কোৱাগৈ, “চোৱা! মই আহাৰ তৈয়াৰ কৰিলোঁ, মই মোৰ জন্তুবোৰৰ ভিতৰত আটাইতকৈ ভাল জন্তুবোৰ কাটিছোঁ আৰু সকলো তৈয়াৰ হʼল। বিয়াৰ ভোজলৈ আহি যোৱা।”’
৫ কিন্তু কোনেও ধ্যানেই নিদিলে আৰু তেওঁলোকে নিজৰ নিজৰ কামত লাগি গʼল, কিছুমানে নিজৰ খেতিলৈ আৰু কিছুমানে নিজৰ ব্যৱসায়লৈ ওলাই গʼল।
৬ আৰু আন কিছুমানে তেওঁৰ দাসসকলক ধৰি তেওঁলোকৰ লগত বেয়া ব্যৱহাৰ কৰিলে আৰু তেওঁলোকক হত্যা কৰিলে।
৭ তেতিয়া ৰজাৰ বৰ খং উঠিল আৰু তেওঁ নিজৰ সেনা পঠাই সেই হত্যাকাৰীসকলক হত্যা কৰালে। আৰু তেওঁলোকৰ চহৰ জ্বলাই ধ্বংস কৰি দিলে।
৮ ইয়াৰ পাছত তেওঁ নিজৰ দাসসকলক কʼলে, ‘বিয়াৰ ভোজৰ বাবে সকলো তৈয়াৰ কৰা হʼল, কিন্তু যিসকলক মতা হৈছিল, তেওঁলোক ইয়াৰ বাবে যোগ্য নাছিল।
৯ সেইবাবে, চহৰৰ ডাঙৰ ডাঙৰ ৰাস্তালৈ যোৱা আৰু তোমালোকে তাত যাকে পোৱা, তেওঁক* বিয়াৰ ভোজলৈ মাতি আনা।’
১০ তেতিয়া সেই দাসসকলে ৰাস্তালৈ ওলাই গʼল আৰু তেওঁলোকে ভাল বা বেয়া যিমান লোকক লগ পালে, সেই সকলোকে লৈ আনিলে। আৰু বিয়াঘৰ আলহীৰে ভৰি পৰিল।
১১ যেতিয়া ৰজাই আলহীক চাবলৈ ভিতৰলৈ সোমালে, তেতিয়া তেওঁ বিয়াৰ কাপোৰ নিপিন্ধা এজন মানুহক দেখিলে।
১২ তেতিয়া তেওঁ সেই মানুহজনক সুধিলে, ‘বন্ধু, তুমি বিয়াৰ কাপোৰ নিপিন্ধাকৈ ভিতৰলৈ কেনেকৈ আহিলা?’ তেওঁ একো উত্তৰ দিব নোৱাৰিলে।
১৩ তেতিয়া ৰজাই নিজৰ সেৱকসকলক কʼলে, ‘ইয়াৰ হাত ভৰি বান্ধি বাহিৰত আন্ধাৰত পেলাই দিয়া, যʼত সি কান্দিব আৰু দাঁত কৰচিব।’
১৪ সেইবাবে, নিমন্ত্ৰণ বহুতো লোকে পাইছে, কিন্তু কম লোককহে বাছনি কৰা হৈছে।”
১৫ তাৰ পাছত ফৰীচীবিলাক গুচি গʼল আৰু তেওঁলোকে নিজৰ মাজতে ষড়যন্ত্ৰ কৰিবলৈ ধৰিলে যাতে তেওঁলোকে যীচুক তেওঁৰ কথাতে ফান্দত পেলাব পাৰে।
১৬ সেইবাবে, তেওঁলোকে নিজৰ শিষ্যসকলক হেৰোদৰ গোটৰ লোকসকলৰ লগত যীচুৰ ওচৰলৈ পঠালে। তেওঁলোকে যীচুক কʼলে, “হে গুৰু, আমি জানোঁ যে আপুনি সকলো সময়তে সঁচা কথা কয় আৰু ঈশ্বৰৰ বিষয়ে সত্য শিকায়। আপুনি লোকসকলৰ পৰা প্ৰশংসা পাবলৈ চেষ্টা নকৰে, কিয়নো আপুনি কাৰোবাৰ বাহিৰৰ ৰূপ চাই ব্যৱহাৰ নকৰে।
১৭ সেইবাবে, আমাক কওক আপুনি কি ভাবে, সম্ৰাটক* কৰ দিয়াটো উচিত হয় নে নহয়?”
১৮ কিন্তু তেওঁলোকৰ উদ্দেশ্য সঠিক নহয় বুলি যীচুৱে বুজি পালে আৰু তেওঁ কʼলে, “হে কপটীয়াবিলাক, তোমালোকে মোৰ পৰীক্ষা কিয় কৰিছা?
১৯ মোক কৰ দিয়া মুদ্ৰা দেখুৱা।” তেতিয়া তেওঁলোকে যীচুৰ ওচৰলৈ এক দীনাৰ* আনিলে।
২০ যীচুৱে তেওঁলোকক সুধিলে, “ইয়াত কাৰ ছবি আৰু নাম আছে?”
২১ তেওঁলোকে কʼলে, “সম্ৰাটৰ।” তেতিয়া যীচুৱে কʼলে, “সেইবাবে যি সম্ৰাটৰ হয়, সেয়া সম্ৰাটক দিয়া আৰু যি ঈশ্বৰৰ হয়, সেয়া ঈশ্বৰক দিয়া।”
২২ এই কথা শুনি তেওঁলোক আচৰিত হʼল আৰু তেওঁক এৰি তাৰ পৰা গুচি গʼল।
২৩ মৃতবিলাকক আকৌ জীয়াই তোলা হʼব* বুলি বিশ্বাস নকৰা চদ্দূকীসকলে আহি যীচুক সুধিলে,
২৪ “হে গুৰু, মোচিয়ে কৈছিল, ‘যদি কোনো ব্যক্তি সন্তান নোহোৱাকৈ মৰি যায়, তেনেহʼলে ভায়েকে তেওঁৰ পত্নীক বিয়া কৰিব আৰু নিজৰ মৃত ককায়েকৰ কাৰণে সন্তান জন্ম দিব।’
২৫ আমাৰ ইয়াত সাতজন ভাই-ককাই আছিল। প্ৰথমজনে বিয়া কৰি সন্তান নোহোৱাকৈ মৰিল। আৰু ভায়েকৰ কাৰণে নিজৰ পত্নী এৰি গʼল।
২৬ এইদৰে দ্বিতীয় আৰু তৃতীয়জনৰ লগত হʼল, আনকি সাতজনলৈকে এইদৰেই হʼল।
২৭ অৱশেষত, সেই তিৰোতাগৰাকীও মৰি গʼল।
২৮ তেনেহʼলে মৃতবিলাকক যেতিয়া আকৌ জীয়াই তোলা হʼব, তেতিয়া তেওঁ সেই সাতজনৰ ভিতৰত কাৰ পত্নী হʼব? কাৰণ সেই সাতজনেই তেওঁক বিয়া কৰিছিল।”
২৯ যীচুৱে তেওঁলোকক কʼলে, “তোমালোকে ভুল বুজিছা, কিয়নো তোমালোকে শাস্ত্ৰ আৰু ঈশ্বৰৰ শক্তিৰ বিষয়ে নাজানা।
৩০ কাৰণ যেতিয়া মৃতবিলাকক আকৌ জীয়াই তোলা হʼব, তেতিয়া কোনো পুৰুষ বা তিৰোতাই বিয়া নকৰিব, কিন্তু তেওঁলোক স্বৰ্গদূতৰ দৰে হʼব।
৩১ মৃতবিলাকক আকৌ জীয়াই তোলাৰ বিষয়ে ঈশ্বৰে তোমালোকক যি কৈছিল, সেয়া তোমালোকে পঢ়া নাই নে,
৩২ ‘মই অব্ৰাহামৰ ঈশ্বৰ, ইচহাকৰ ঈশ্বৰ আৰু যাকোবৰ ঈশ্বৰ হওঁ’? তেওঁ মৃতবিলাকৰ নহয়, কিন্তু জীৱিতবিলাকৰ ঈশ্বৰ।”
৩৩ এই কথা শুনি লোকসকলে তেওঁৰ শিক্ষাত আচৰিত হʼল।
৩৪ যেতিয়া ফৰীচীসকলে শুনিলে যে চদ্দূকীবিলাকে যীচুক কোনো উত্তৰ দিব নোৱাৰিলে, তেতিয়া তেওঁলোকে একগোট হৈ যীচুৰ ওচৰলৈ আহিল।
৩৫ তেওঁলোকৰ মাজৰ নিয়মৰ বিষয়ে ভালদৰে জনা এজনে যীচুক পৰীক্ষা কৰিবলৈ এইদৰে সুধিলে,
৩৬ “হে গুৰু, নিয়মৰ ভিতৰত কোনটো আজ্ঞা প্ৰধান?”
৩৭ তেওঁ কʼলে, “‘তুমি নিজৰ ঈশ্বৰ যিহোৱাক* নিজৰ সম্পূৰ্ণ হৃদয়, সম্পূৰ্ণ প্ৰাণ* আৰু সম্পূৰ্ণ মগজুৰে প্ৰেম কৰিবা।’
৩৮ এইটোৱে প্ৰধান আৰু প্ৰথম আজ্ঞা।
৩৯ আৰু ইয়াৰ দৰে দ্বিতীয় আজ্ঞাটো হৈছে, ‘তুমি নিজৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰিবা।’
৪০ গোটেই নিয়ম আৰু ভৱিষ্যবক্তাসকলৰ শিক্ষা এই দুটা আজ্ঞাৰ ওপৰতে আধাৰিত।”
৪১ যেতিয়া ফৰীচীসকল তাত একগোট হৈ আছিল, তেতিয়া যীচুৱে তেওঁলোকক সুধিলে,
৪২ “তোমালোকে খ্ৰীষ্টৰ বিষয়ে কি ভাবা? তেওঁ কাৰ বংশৰ হয়?” তেওঁলোকে কʼলে, “দায়ূদৰ।”
৪৩ তেওঁ কʼলে, “তেনেহʼলে দায়ূদে কিয় পবিত্ৰ শক্তিৰ দ্বাৰা অনুপ্ৰাণিত হৈ তেওঁক প্ৰভু বুলি কয় আৰু এইদৰে কয়,
৪৪ ‘যিহোৱাই* মোৰ প্ৰভুক কʼলে, “মই তোমাৰ শত্ৰুবিলাকক তোমাৰ ভৰিৰ তল নকৰালৈকে তুমি মোৰ সোঁহাতে বহি থাকা”’?
৪৫ সেইবাবে, দায়ূদে যদি তেওঁক প্ৰভু বুলি কয়, তেনেহʼলে তেওঁ দায়ূদৰ বংশৰ কেনেকৈ হʼব পাৰে?”
৪৬ তেতিয়া তেওঁক কোনেও উত্তৰ দিব নোৱাৰিলে আৰু সেই দিনৰে পৰা তেওঁক কিবা সুধিবলৈ কাৰো সাহস নহʼল।
Footnotes
^ বা “বেছিতকৈ বেছি লোকক।”
^ গ্ৰীক ভাষাত “কৈচৰ।”
^ অতি. খ১৪ চাওক।
^ বা “পুনৰুত্থান।” শব্দকোষ চাওক।
^ অতি. ক৫ চাওক।
^ শব্দকোষত “জীৱন” চাওক।
^ অতি. ক৫ চাওক।