পাঠ ১৯
বিশ্বাসী আৰু বুদ্ধিমান দাস কোন হয়?
মৃত্যুৰ আগমুহূৰ্ত্তত যীচুয়ে পিতৰ, যাকোব, যোহন আৰু আন্দ্ৰিয় নামৰ এই চাৰিজন শিষ্যৰ লগত কিছুমান বিষয় আলোচনা কৰিছিল। অন্তিম দিনত তেওঁৰ উপস্থিতিৰ বিষয়ে বৰ্ণনা কৰি যীচুয়ে এক গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিছিল: “দাসবিলাকক উচিত সময়ত আহাৰ দিবলৈ, যি জন দাসক প্ৰভুৱে সিহঁতৰ ওপৰত গৰাকী পাতিলে, এনে বিশ্বাসী বুদ্ধিমান দাস কোন?” (মথি ২৪:৩, ৪৫; মাৰ্ক ১৩:৩, ৪) যীচুয়ে শিষ্যসকলক নিশ্চয়তা দিছিল যে তেওঁলোকৰ “প্ৰভুৱে” এনে কিছুমান লোকক নিযুক্ত কৰিব, যিয়ে অন্তিম কালত আধ্যাত্মিক আহাৰ নিয়মিতৰূপে যোগান ধৰি থাকিব। এই দাস কোন হয় বাৰু?
তেওঁলোক আত্মাত অভিষিক্ত যীচুৰ অনুগামী। এই ‘দাসে’ উচিত সময়ত আধ্যাত্মিক আহাৰ যোগান ধৰাৰ কামত জড়িত থাকে। আমাক “উচিত সময়ত নিৰূপিত আহাৰ দিবলৈ” আমি এই দাসৰ ওপৰত নিৰ্ভৰ কৰোঁ।—লূক ১২:৪২.
তেওঁলোকে ঈশ্বৰৰ গৃহক চোৱা-চিতা কৰে। (১ তীমথিয় ৩:১৫) যীচুয়ে এই দাসক যিহোৱা ঈশ্বৰৰ পাৰ্থিৱ সংগঠনৰ কাম-কাজবোৰ চোৱা-চিতাৰ বাবে গভীৰ দায়িত্ব দিছে। তেওঁলোকে সংগঠনৰ সম্পত্তিবোৰ চোৱা-চিতা কৰে, ঘোষণা কৰা কাৰ্য্য কেনেকৈ কৰিব লাগে, তাৰ বাবে নিৰ্দ্দেশনা দিয়ে আৰু মণ্ডলীবোৰৰ যোগেদি আমাক শিক্ষা দিয়ে। এইদৰে তেওঁলোকে আমাৰ সময় অনুসৰি প্ৰয়োজনীয়তা পূৰ কৰে। এই বিশ্বাসী বুদ্ধিমান দাসে প্ৰকাশন, সভা, সন্মিলন আৰু অধিৱেশনবোৰৰ যোগেদি আমাক আধ্যাত্মিক আহাৰৰ যোগান ধৰে।
এই দাসক বিশ্বাসী বুলি কোৱা হয়। কিয়নো তেওঁলোকে বাইবেলৰ সত্যতা বিশ্বাসেৰে প্ৰকাশ কৰে আৰু শুভবাৰ্ত্তা ঘোষণা কৰা কাৰ্য্যক মনে-প্ৰাণে কৰে। তেওঁলোকক বুদ্ধিমান দাস বুলিও কোৱা হয়। কিয়নো তেওঁলোকক যীচু খ্ৰীষ্টই এই পৃথিৱীত থকা বস্তুবোৰক চোৱা-চিতা কৰাৰ যি দায়িত্ব দিছে, তাক তেওঁলোকে বুদ্ধিমানেৰে কৰে। (পাঁচনিৰ কৰ্ম্ম ১০:৪২) যিহোৱা ঈশ্বৰে আশীৰ্ব্বাদ কৰাৰ বাবে বিশ্বাসী বুদ্ধিমান দাসে প্ৰচুৰ পৰিমাণে আধ্যাত্মিক আহাৰ যোগান ধৰিছে আৰু সাক্ষীসকলৰ সংখ্যা দিনক দিনে বাঢ়িবলৈ ধৰিছে।—যিচয়া ৬০:২২; ৬৫:১৩.
-
যীচুয়ে নিজৰ শিষ্যসকলক আধ্যাত্মিক আহাৰ দিবলৈ কাক মনোনীত কৰিছিল?
-
দাসক কি অৰ্থত বিশ্বাসী আৰু বুদ্ধিমান বুলি কোৱা হয়?