পাঠ ০৩
ঈশ্বৰে কোৱা কথাবোৰ আপুনি বিশ্বাস কৰিব পাৰেনে?
এতিয়ালৈকে আপুনি শিকিলে যে ঈশ্বৰে ভৱিষ্যতে এটা ভাল জীৱন দিবলৈ প্ৰতিজ্ঞা কৰিছে আৰু আমাক ভাল পৰামৰ্শও দিছে। এইবোৰ কথা জানি আপোনাক হয়তো ভাল লাগিছে। কিন্তু আপুনি হয়তো ভাবিব পাৰে, ‘এইখন পুৰণি কিতাপ হয়। ইয়াত লিখা কথাবোৰ মই বিশ্বাস কৰিব পাৰোঁনে?’ লাখ লাখ লোকে বিশ্বাস কৰে যে বাইবেলত লিখা কথাবোৰ সঁচা হয়। বাইবেলত লিখা কথাবোৰৰ ওপৰত আপুনি কিয় বিশ্বাস কৰিব পাৰে, আহক চাওঁ।
১. বাইবেলত উল্লেখ থকা ঘটনাবোৰ সঁচানে?
বাইবেলে কয় যে ইয়াত “সত্য বচন” লিখা আছে। (উপদেশক ১২:১০) ইয়াত উল্লেখ থকা ঘটনাবোৰ সঁচা হয় আৰু যিসকলৰ বিষয়ে ইয়াত উল্লেখ আছে, তেওঁলোক সঁচাকৈ জীয়াই আছিল। (লূক ১:৩, ৪; ৩:১, ২ পঢ়ক।) বুৰঞ্জীবিদ আৰু কিছুমান পুৰাতত্ববিদৰ মতে বাইবেলত যি তাৰিখ, মানুহ, ঘটনা আৰু ঠাইৰ বিষয়ে উল্লেখ কৰা হৈছে, সেই সকলো সঁচা হয়।
২. বাইবেলত লিখা কথাবোৰ আমি কিয় বিশ্বাস কৰিব পাৰোঁ?
বাইবেলত পৃথিৱী আৰু আন কিছুমান বিষয়ে যি লিখা আছে, সেইবোৰ পুৰণি সময়ৰ লোকসকলে বিশ্বাস কৰা নাছিল। কিন্তু বহুবছৰৰ পাছত বৈজ্ঞানিকসকলৰ অনুসন্ধানৰপৰা গম পোৱা গʼল যে বাইবেলত লিখা কথাবোৰ সঠিক হয়। বাইবেলত লিখা কথাবোৰ আমি বৰ্তমান আৰু ভৱিষ্যৎ, সকলো সময়তে ‘বিশ্বাস’ কৰিব পাৰোঁ।—গীতমালা ১১১:৭, ৮.
৩. বাইবেলত ভৱিষ্যতৰ বিষয়ে যি লিখা আছে, সেইবোৰ আমি কিয় ভৰসা কৰিব পাৰোঁ?
ঈশ্বৰে এনে কথা কʼব পাৰে, যিবোৰ ‘এতিয়ালৈকে হোৱা নাই।’ a (যিচয়া ৪৬:১০) প্ৰাচীন সময়ত ঈশ্বৰে আগতিয়াকৈ কৈছিল যে ভৱিষ্যতে কি কি হʼব আৰু ঠিক সেইদৰেই হʼল। আমাৰ সময়ৰ বিষয়ে কোৱা কথাবোৰ আজি পূৰ হৈ আছে। এই পাঠত আমি এনেধৰণৰ কিছুমান ঘটনাৰ ওপৰত ধ্যান দিম। আপুনি এই বিষয়ে জানি আচৰিত হʼব যে বাইবেলত কোৱা এটা এটা কথা কেনেকৈ পূৰ হʼল।
গভীৰভাৱে ধ্যান কৰক
বৈজ্ঞানিকসকলৰ অনুসন্ধানৰপৰা কেনেকৈ গম পোৱা গʼল যে বাইবেলত লিখা কথাবোৰ সঠিক হয়। বাইবেলৰ কিছুমান ভৱিষ্যতবাণীৰ ওপৰত ধ্যান দিয়ক। ইয়াৰ বিষয়ে জানি আপুনি আচৰিত হʼব।
৪. বাইবেলখন বিজ্ঞানৰ অনুসৰি সঠিক হয়
প্ৰাচীন সময়ত বহুতোলোকে বিশ্বাস কৰিছিল যে পৃথিৱীখন কোনো জীৱ-জন্তুৰ ওপৰত আছে। ভিডিঅʼখন চাওক।
মন কৰক যে প্ৰায় ৩,৫০০ বছৰৰ আগতে পৃথিৱীৰ বিষয়ে বাইবেলত কি লিখা হৈছিল। ইয়োব ২৬:৭ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:
-
এই পদত পৃথিৱীৰ বিষয়ে কি লিখা আছে? বাইবেলৰ এই কথাষাৰ পঢ়ি আমি কিয় আচৰিত হওঁ?
পৃথিৱীৰ পানী ভাপ হৈ আকাশত ডাৱৰৰ সৃষ্টি কৰে আৰু সেই ডাৱৰ পুনৰ বৰষুণৰূপে পৃথিৱীত পৰে, তাকে জলচক্ৰ বুলি কোৱা হয়। লোকসকলে জলচক্ৰৰ বিষয়ে ২০০ বছৰৰ আগতে জানিব পাৰিলে। কিন্তু বাইবেলত হাজাৰ হাজাৰ বছৰৰ আগতেই এই বিষয়ে কোৱা হৈছিল। উপদেশক ১:৭ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:
-
জলচক্ৰৰ বিষয়ে বাইবেলত বহু হাজাৰ বছৰৰ আগতেই লিখা হৈছিল। এয়া কিয় এক আচৰিত কথা হয়?
-
আপুনি এতিয়া যি পদ পঢ়িলে, এই পদৰ অনুসৰি আপুনি কি কʼব? আপুনি বাইবেলৰ ওপৰত বিশ্বাস কৰিব পাৰেনে?
৫. কিছুমান ডাঙৰ ডাঙৰ ঘটনাৰ বিষয়ে বাইবেলত আগতিয়াকৈ কোৱা হৈছিল
যিচয়া ৪৪:২৭–৪৫:২ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:
-
বাবিল ধ্বংস হোৱাৰ ২০০ বছৰৰ আগতে বাইবেলত ইয়াৰ বিষয়ে কি কোৱা হৈছিল?
b ৫৩৯-ত পাৰস্য ৰজা কোৰচে বাবিল নগৰখন জয় কৰিছিল। বাবিল নগৰৰ চাৰিওফালে এখন নদী বৈ গৈছিল আৰু ইয়াৰ বাবে শত্ৰুসকলে নগৰত সোমাব নোৱাৰিছিল। কিন্তু কোৰচে নদীৰ পানী বৈ যোৱা দিশ সলনি কৰিলে আৰু নদীৰ পানী কম হৈ গʼল। বাবিল নগৰৰ দুৱাৰখন খোলা আছিল। সেইবাবে, তেওঁলোকে যুদ্ধ নকৰাকৈ সহজে নগৰখন অধিকাৰ কৰিব পাৰিলে। এই ঘটনা ২,৫০০ বছৰৰ আগতেই ঘটিছিল, কিন্তু এতিয়াও তাত কোনেও বাস নকৰে। এই বিষয়ে বাইবেলত আগতিয়াকৈ ভৱিষ্যতবাণী কৰা হৈছিল।
বুৰঞ্জীৰ কিতাপৰপৰা জানিব পাৰি যে খ্ৰীষ্টপূৰ্বযিচয়া ১৩:১৯, ২০ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:
-
এই ভৱিষ্যতবাণী কেনেকৈ পূৰ হʼল?
৬. বৰ্তমান সময়ৰ পৰিস্থিতিৰ বিষয়ে বাইবেলত আগতিয়াকৈ কোৱা হৈছিল
“শেষ-কালত” কি কি হʼব, তাৰ বিষয়ে বাইবেলত আগতিয়াকৈ কোৱা হৈছে। (২ তীমথিয় ৩:১) সেইবোৰ পূৰ হৈ থকা আজি আমি দেখিবলৈ পাইছোঁ।
মথি ২৪:৬, ৭ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নৰ ওপৰত আলোচনা কৰক:
-
বাইবেলত শেষ-কালৰ বিষয়ে কি লিখা আছে?
দ্বিতীয় তীমথিয় ৩:১-৫ পঢ়ক, তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:
-
এই পদবোৰৰ অনুসৰি শেষ-কালত কেনেধৰণৰ লোকসকলক দেখিবলৈ পোৱা যাব?
-
আপুনিও এনে লোকসকলক দেখিবলৈ পাইছেনে?
কিছুমান লোকে কয়: “বাইবেল এখন কল্পনা কাহিনীৰ কিতাপ।”
-
বাইবেলৰ ওপৰত ভৰসা কৰিবলৈ আপোনাক কি কথাই সহায় কৰিলে?
আমি কি শিকিলোঁ
বুৰঞ্জী, বিজ্ঞান আৰু ভৱিষ্যতবাণীবোৰৰপৰা জানিব পাৰি যে বাইবেলত লিখা কথাবোৰ সঁচা হয়।
আপুনি কেনেকৈ উত্তৰ দিব?
-
বাইবেলত উল্লেখ কৰা ঘটনাবোৰ সঁচাকৈ ঘটিছিল নে?
-
বাইবেলত উল্লেখ থকা কোনটো কথা বিজ্ঞানৰ অনুসৰি সঠিক হয়?
-
আপুনি কি ভাবে, বাইবেলত ভৱিষ্যতৰ বিষয়ে যি উল্লেখ আছে, সেয়া বিশ্বাস কৰিব পাৰিনে?
বেছিকৈ জানক
বাইবেলত এনে কথা উল্লেখ আছেনে, যিবোৰ বিজ্ঞানৰ অনুসৰি সঠিক নহয়?
“বিজ্ঞান আৰু পবিত্ৰ শাস্ত্ৰৰ মাজত মিল আছেনে?” (ৱেবছাইটত দিয়া লেখ)
‘শেষ-কালৰ’ বিষয়ে বাইবেলত যি লিখা আছে, সেইবোৰ আজি পূৰ হৈ আছেনে?
“বাইবেলৰ ছটা ভৱিষ্যতবাণী বৰ্তমান সময়ত পূৰ হৈ আছে” (প্ৰহৰীদুৰ্গ লেখ)
বাইবেলত গ্ৰীক সাম্ৰাজ্যৰ বিষয়ে কৰা ভৱিষ্যতবাণী কেনেকৈ পূৰ হৈছিল, তাৰ বিষয়ে জানক।
বাইবেলৰ ভৱিষ্যতবাণীবোৰ জনাৰ পাছত এজন ব্যক্তিয়ে বাইবেলৰ ওপৰত কেনেকৈ বিশ্বাস কৰিবলৈ ধৰিলে, তাৰ বিষয়ে জানক।
“মই ভাবিছিলোঁ কোনো ঈশ্বৰ নাই” (প্ৰহৰীদুৰ্গ-হিন্দী, নং ৫ ২০১৭)