দুখ-কষ্ট নোহোৱাকৈ এক অনন্ত জীৱন জীয়াই থকাটো সম্ভৱনে?
আপুনি কি ভাবে?
হয়
নহয়
হʼবও পাৰে
ঈশ্বৰে কি প্ৰতিজ্ঞা কৰিছে?
“ধাৰ্ম্মিকবিলাক পৃথিবীৰ অধিকাৰী হব, আৰু তাত সৰ্ব্বতিকাললৈকে বাস কৰিব।”—গীতমালা ৩৭:২৯.
এইদৰে হʼলে আমাৰ জীৱন কেনেকুৱা হʼব?
কোনো দুখ-কষ্ট নাথাকিব, আমি নিজৰ পৰিয়াল আৰু বন্ধুসকলৰ লগত আনন্দেৰে জীয়াই থাকিব পাৰিম।—যিচয়া ৬৫:২১, ২২.
আমি কেৱল কিছু বছৰৰ বাবে নহয়, কিন্তু সদায় আনন্দেৰে জীয়াই থাকিম।—গীতমালা ২২:২৬.
বাইবেলত কৰা এই প্ৰতিজ্ঞাবোৰ সঁচাকৈ পূৰ হʼবনে?
হয়, নিশ্চয় পূৰ হʼব। এই প্ৰতিজ্ঞাবোৰ পূৰ হʼব বুলি আমি কিয় ভৰসা কৰিব পাৰোঁ, তাৰ বিষয়ে জানিবলৈ এই ব্ৰচাৰখনৰ তিনিওটা পাঠ পঢ়ক: