সত্য ঈশ্বৰ কোন?
অধ্যায় ৩
সত্য ঈশ্বৰ কোন?
যেতিয়া আপুনি পৰিষ্কাৰ নিশা আকাশলৈ চায়, তেতিয়া বহু সংখ্যক তৰাবোৰ দেখি আচৰিত নহয়নে? সিহঁতৰ অস্তিত্ব আপুনি কেনেকৈ বৰ্ণনা কৰিব? আৰু পৃথিবীত থকা জীৱিত বস্তুবোৰৰ বিষয়ে কি—ৰং-বিৰঙৰ ফুল, চৰাই আৰু সিহঁতৰ মধুৰ সঙ্গীত, শক্তিশালী তিমি, যিবোৰে সমুদ্ৰত জপিয়াই থাকে? এই তালিকা কেতিয়াও শেষ নাই। এই সকলোবোৰ হঠাতে সৃষ্টি হব নোৱাৰে। এইটো কোনো আচৰিত নহয় যে বহুতে বাইবেলৰ প্ৰথম শাৰীৰ সৈতে সন্মত হয়, যʼত স্পষ্টৰূপে লিখা আছে: “আদিতে ঈশ্বৰে আকাশ-মণ্ডল আৰু পৃথিবী সৃষ্টি কৰিলে”!—আদিপুস্তক ১:১.
২ ঈশ্বৰ বিষয়ক প্ৰশ্নলৈ, মানৱজাতি বিভিন্ন ভাগত বিভক্ত। কিছুলোকে ভাবে যে ঈশ্বৰ এজন ব্যক্তিত্বশূন্য। কোটি-কোটি লোকে মৃত পূৰ্বপুৰুষসকলক উপাসনা কৰে, কিয়নো তেওঁলোকে বিশ্বাস কৰে যে ঈশ্বৰ ইমান দূৰত যে তেওঁক ঢুকি পোৱা অসাধ্য। কিন্তু বাইবেলে প্ৰকাশ কৰে যে সত্য ঈশ্বৰ প্ৰকৃততে এজন ব্যক্তি, যিজনে ব্যক্তিগতৰূপে আমালৈ আগ্ৰহ ৰাখে। সেইবাবে, ই আমাক উৎসাহ দিয়ে “ঈশ্বৰক বিচাৰিবলৈ,” আৰু কৈছে: “তেওঁ আমাৰ কাৰো পৰা দূৰ নহয়।”—পাঁচনিৰ কৰ্ম্ম ১৭:২৭.
৩ ঈশ্বৰ দেখাত কেনেকুৱা? তেওঁৰ মহামাম্বিত উপস্থিতি কিছুমান দাসে দৰ্শনত দেখিবলৈ পাইছিল। ইয়াত তেওঁ নিজকে লাক্ষণিকৰূপে সিংহাসনৰ ওপৰত বহি থকা দেখুৱাইছিল আৰু তেওঁৰ চাৰিওফালে দীপ্তি প্ৰকাশ পাইছে। তদুপৰি, যিসকলে সেই দৰ্শন পাইছিল তেওঁলোকে কেতিয়াও তেওঁৰ মুখমণ্ডল স্পষ্টৰূপে বৰ্ণনা কৰা নাছিল। (দানিয়েল ৭:৯, ১০; প্ৰকাশিত বাক্য ৪:২, ৩) ইয়াৰ কাৰণ, কিয়নো “ঈশ্বৰ আত্মা”; তেওঁৰ কোনো পাৰ্থিৱ দেহ নাই। (যোহন ৪:২৪) বাস্তৱিকতে, সঠিকৰূপে আমাৰ সৃষ্টিকৰ্ত্তাৰ এটি সঠিক পাৰ্থিৱ প্ৰতিমা বনোৱাটো অসম্ভৱ, কাৰণ “কোনেও ঈশ্বৰক কেতিয়াও দেখা নাই।” (যোহন ১:১৮; যাত্ৰাপুস্তক ৩৩:২০) তথাপিও, বাইবেলে ঈশ্বৰৰ বিষয়ে আমাক বহু কিছু শিকায়।
সত্য ঈশ্বৰৰ এটা নাম আছে
৪ বাইবেলত, সত্য ঈশ্বৰক “সৰ্ব্বশক্তিমান ঈশ্বৰ,” “সৰ্ব্বপৰি জনা,” “মহান সৃষ্টিকৰ্তা,” “মহান শিক্ষক,” “সৰ্ব্বভৌম প্ৰভু,” আৰু “চিৰস্থায়ী ৰজা” ৰূপে প্ৰকাশ কৰি চিনাক্ত কৰা হৈছে। (আদিপুস্তক ১৭:১; গীতমালা ৫০:১৪; উপদেশক ১২:১, NW; যিচয়া ৩০:২০, NW; পাঁচনিৰ কৰ্ম্ম ৪:২৪, NW; ১ তীমথিয় ১:১৭) এই উপাধিবোৰত মনোযোগ দিলে, আমাক ঈশ্বৰৰ জ্ঞান বৃদ্ধি কৰিবলৈ সহায় কৰিব পাৰে।
৫ যিহেতু, ঈশ্বৰৰ এটা অদ্বিতীয় নাম আছে যিটো হিব্ৰু শাস্ত্ৰত প্ৰায় ৭,০০০ বাৰ দেখিবলৈ পোৱা যায়—তেওঁৰ যিকোনো উপাধিতকৈ বেছি। প্ৰায় ১,৯০০ বছৰৰ আগতে, যিহুদীসকলৰ অন্ধবিশ্বাসে এই ঈশ্বৰীয় নাম উচ্চাৰণ কৰা বন্ধ কৰিছিল। বাইবেল, হিব্ৰু ভাষাত স্বৰবৰ্ণ ব্যৱহাৰ নকৰাকৈ লিখিছিল। এইবাবে, সঠিকৰূপে ইয়াক জানিবলৈ কোনো উপায় নাছিল যে কেনেকৈ মোচি, দায়ুদ বা প্ৰাচীন সময়ৰ লোকসকলে এই চাৰিটা ব্যঞ্জন বৰ্ণক উচ্চাৰণ কৰিছিল (יהוה) যাৰ দ্বাৰা ঈশ্বৰীয় নামক বুজায়। কিছুমান বিদ্বান লোকে পৰামৰ্শ দিছে যে হয়তো ঈশ্বৰৰ নামৰ উচ্চাৰণ “ইয়াওৱে” (Yahweh) হব পাৰে, কিন্তু তেওঁলোকেও নিশ্চিত হব পৰা নাই। অসমীয়া ভাষাত বহু শতাব্দী ধৰি ইয়াৰ উচ্চাৰণ “যিহোৱা” ব্যৱহাৰ কৰা হৈছে আৰু বহুতো ভাষাত ইয়াৰ সমতুল্য শব্দক ব্যৱহাৰ কৰা হৈছে যিটো বৰ্তমান সময়তো ইয়াক বহলভাৱে স্বীকাৰ কৰা হয়।—যাত্ৰাপুস্তক ৬:৩ আৰু যিচয়া ২৬:৪ চাওঁক।
আপুনি কিয় ঈশ্বৰৰ নাম ব্যৱহাৰ কৰা উচিত
৬ ঈশ্বৰৰ নিজস্ব নাম, যিহোৱা নামৰ দ্বাৰা তেওঁক অন্য দেৱতাৰ পৰা পৃথক কৰাত সহায় কৰে। সেইবাবে বাইবেলত এই নামটো বাৰে বাৰে পোৱা যায়, গীতমালা ৮৩:১৮ পদত স্পষ্টৰূপে কৈছে: “যিহোৱা নামেৰে বিখ্যাত যি তুমি, অকল তুমিয়েই যে সমুদায় পৃথিবীৰ ওপৰত সৰ্ব্বোপৰি জনা।” সেইকাৰণে, যেতিয়া আমি তেওঁৰ বিষয়ে কওঁ আমাক উপযুক্তভাৱে ঈশ্বৰৰ ব্যক্তিগত নাম ব্যৱহাৰ কৰা উচিত।
বিশেষকৈ হিব্ৰু শাস্ত্ৰ পদবিলাকত। বহুতো অনুবাদকে ঈশ্বৰীয় নাম ব্যৱহাৰ কৰিবলৈ বিফল হৈছে, কিন্তু৭ হিব্ৰু ক্ৰিয়াপদত যিহোৱা নামৰ অৰ্থ হৈছে “অস্তিত্বত অনা।” গতিকে, ঈশ্বৰৰ নামৰ অৰ্থ হৈছে “তেওঁ অস্তিত্বত আনে।” ইয়াৰ দ্বাৰা যিহোৱা ঈশ্বৰে নিজকে মহান উদ্দেশ্যপূৰ্ণতা হিচাবে চিনাক্ত কৰে। তেওঁ সদায় নিজৰ উদ্দেশ্যক বাস্তৱত পৰিণত কৰে। মাত্ৰ সত্য ঈশ্বৰে এই নাম সঠিকৰূপে বহন কৰিবলৈ সমৰ্থ, কাৰণ মানৱজাতিয়ে কেতিয়াও নিশ্চিত হব পৰা নাই যে তেওঁলোকৰ আচঁনিত সফলতা হব। (যাকোব ৪:১৩, ১৪) একমাত্ৰ যিহোৱাই কব পাৰে: “মোৰ মুখৰ পৰা ওলোৱা বাক্য তেনেকুৱা হব। . . . যিহৰ নিমিত্তে তাক পঠাওঁ, সেয়ে সিদ্ধ নোহোৱাকৈ উলটি নাহিব।”—যিচয়া ৫৫:১১.
৮ হিব্ৰু আদিপুৰুষ অব্ৰাহাম, ইচ্হাক আৰু যাকোব, প্ৰত্যেকে “যিহোৱাৰ নামেৰে প্ৰাৰ্থনা কৰিছিল,” কিন্তু তেওঁলোকে সেই ঈশ্বৰীয় নামৰ সম্পূৰ্ণ অৰ্থ জনা নাছিল। (আদিপুস্তক ২১:৩৩; ২৬:২৫; ৩২:৯; যাত্ৰপুস্তক ৬:৩) পাছত যেতিয়া যিহোৱা ঈশ্বৰে তেওঁলোকৰ বংশধৰ, ইস্ৰায়েল জাতিক মিচৰৰ দাসত্বৰ পৰা মুক্ত কৰিবলৈ আৰু “গাখীৰ আৰু মৌ-জোল বৈ থকা দেশ” তেওঁলোকক দিবলৈ তেওঁৰ উদ্দেশ্যৰ বিষয়ে প্ৰকাশ কৰাত, তেওঁলোকৰ বাবে এইটো অসম্ভৱ যেন লাগিছিল। (যাত্ৰাপুস্তক ৩:১৭) তথাপি, ভৱিষ্যবক্তা মোচিক কোৱাৰ দ্বাৰাই ঈশ্বৰে তেওঁৰ নামৰ চিৰস্থায়ী অৰ্থক গুৰুত্ব দিছিল: “তুমি ইস্ৰায়েলৰ সন্তানবিলাকক এইদৰে কবা, যে তোমালোকৰ ওপৰ-পিতৃবিলাকৰ ঈশ্বৰে, অব্ৰাহাম, ইচ্হাক আৰু যাকোবৰ ‘ঈশ্বৰ যিহোৱাই মোক তোমালোকৰ ওচৰলৈ পঠালে;’ এয়ে মোৰ চিৰকালৰ নাম আৰু ইয়াৰ দ্বাৰা পুৰুষানুক্ৰমে সেই সোঁৱৰণীয় হম।”—যাত্ৰপুস্তক ৩:১৫.
৯ মোচিয়ে মিচৰৰ ৰজা, ফৰৌণক, ইস্ৰায়েল লোকসকলক অৰণ্যত যিহোৱাৰ উপাসনা কৰিবলৈ এৰি দিবলৈ কৈছিল। কিন্তু ফৰৌণে, যিজনে নিজকে দেৱতাৰ যাত্ৰাপুস্তক ৫:১, ২.
দৰে ভাবিছিল আৰু নিজে অন্য মিচৰীয়া দেৱতাৰ উপাসনা কৰিছিল, উত্তৰ দিছিল: “যিহোৱা নো কোন, যে মই তেওঁৰ কথা শুনি ইস্ৰায়েলক এৰি দিম? মই যিহোৱাক নেজানো আৰু ইস্ৰায়েলকো এৰি নিদিওঁ।”—১০ যিহোৱা ঈশ্বৰে তেতিয়া নিজৰ উদ্দেশ্য পূৰ্ণ কৰিবলৈ ধাৰাৱাহিক ভাৱে আৰম্ভ কৰিছিল আৰু তেওঁৰ নামৰ অৰ্থৰ সামঞ্জস্য ৰাখিছিল। তেওঁ প্ৰাচীন মিচৰীয়া বিলাকৰ ওপৰত দহটা ক্লেশ আনিছিল। শেষৰ ক্লেশত মিচৰৰ জ্যেষ্ঠ সন্তানসকলক বধ কৰা হৈছিল, তাত অহংকাৰ ফৰৌণৰ পুত্ৰও আছিল। তেতিয়া মিচৰীয়াসকলে ইস্ৰায়েলক এৰি দিবলৈ বাধ্য হৈছিল। যিহেতু, কিছুমান মিচৰীয়াই যিহোৱাৰ কাৰ্য্য দেখি ইমানে প্ৰভাৱিত হৈছিল যে তেওঁলোকে মিচৰ দেশ এৰি ইস্ৰায়েলসকলৰ লগ লৈছিল।—যাত্ৰাপুস্তক ১২:৩৫-৩৮.
১১ দৃঢ়চিত্ত ফৰৌণ আৰু তেওঁৰ সৈন্যবাহিনীয়ে, ৬০০ যুদ্ধ-ৰথৰ সৈতে, তেওঁৰ দাসসকলক পুনৰ বন্দী কৰিবলৈ আহিল। আৰু যেনেকৈ মিচৰীয়াসকল ওচৰ চাপিবলৈ ধৰিলে, ঈশ্বৰে আচৰিতভাৱে চূফ সাগৰক দুভাগ কৰিলে যাতে ইস্ৰায়েলসকলে শুকান ভূমিয়েদি পাৰ হৈ যাব পাৰে। যেতিয়া অশ্বাৰোহীবিলাকে তেওঁলোকৰ পাছে পাছে সাগৰৰ মাজত সোমাল, যিহোৱাই “সিহঁতৰ ৰথৰ ঘিলাবোৰো সোলোকালত, সিহঁতে অতি কষ্টেৰেহে ৰথ চলাব পাৰিলে।” মিচৰীয়া যুঁজাৰুবোৰে চিঞৰিছিল: “আহাঁ, আমি ইস্ৰায়েলৰ সম্মুখৰ পৰা পলাওঁহঁক; কিয়নো যিহোৱাই সিহঁতৰ ফলীয়া হৈ, মিচৰীয়াবিলাকৰ বিৰুদ্ধে যুজ কৰিছে।” কিন্তু বহুত পলম হৈ গৈছিল। জলসমূহৰ প্ৰকান্ড গড়বোৰ উভটি আহিছিল আৰু “ৰথ আৰু অশ্বাৰোহীবিলাকক, অৰ্থাৎ তেওঁবিলাকৰ পাছে পাছে সাগৰত সোমোৱা ফৰৌণৰ সকলো সৈন্যসমূহক ঢাকিলে।” (যাত্ৰাপুস্তক ১৪:২২-২৫, ২৮) এইদৰে যিহোৱাই নিজৰ নিমিত্তে এক মহান নাম স্থাপন কৰিলে আৰু সেই ঘটনা আজিলৈকে পাহৰা নাই।—যিহোচূৱা ২:৯-১১.
১২ ঈশ্বৰে নিজৰ নিমিত্তে যি নাম স্থাপন কৰিলে, বৰ্তমান আমাৰ বাবে ই আজি বিশেষ অৰ্থ আছে। তেওঁৰ নাম যিহোৱা, নিশ্চিতৰূপে স্থাপিত কৰে যে আদিপুস্তক ১:২৮; ২:৮) শেষলৈ, ঈশ্বৰে আজি তেওঁৰ সাম্ৰাজ্যৰ সকলো বিৰোধীক বিনষ্ট কৰিব, কাৰণ তেওঁ বৰ্ণনা কৰিছে: “মই যে যিহোৱা, তাক সিহঁতে জানিব।” (যিহিষ্কেল ৩৮:২৩) তেতিয়া ঈশ্বৰে তেওঁৰ সেৱকসকলক উদ্ধাৰ কৰি, ধাৰ্ম্মিকতাৰ নতুন জগতলৈ লৈ যাবলৈ তেওঁৰ প্ৰতিজ্ঞা পূৰ্ণ কৰিব।—২ পিতৰ ৩:১৩.
তেওঁ যি উদ্দেশ্য কৰে তাক সফল কৰিব। তেওঁৰ মূল উদ্দেশ্য সৈতে সন্মিলিত আছে আমাৰ পৃথিবীখন এক পৰমদেশলৈ পৰিণত কৰা। (১৩ যিসকলে ঈশ্বৰৰ অনুগ্ৰহ পাবলৈ বিচাৰে সেই সকলে বিশ্বাসৰে তেওঁৰ নামেৰে প্ৰাৰ্থনা কৰিবলৈ শিকিব লাগিব। বাইবেলে প্ৰতিজ্ঞা কৰিছে: “যি কোনোৱে যিহোৱাৰ নামত প্ৰাৰ্থনা কৰে, তেওঁ পৰিত্ৰাণ পাব।” (ৰোমীয়া ১০:১৩, NW) হয়, যিহোৱা নামে অতি অৰ্থপূৰ্ণ। আপুনি যিহোৱাক ঈশ্বৰ আৰু উদ্ধাৰকৰ্ত্তা হিচাবে প্ৰাৰ্থনা কৰিলে আপোনাক অন্তহীন আনন্দলৈ লৈ যাব পাৰে।
সত্য ঈশ্বৰৰ গুণসমূহ
১৪ ইস্ৰায়েলসকলক মিচৰ দেশৰ পৰা উদ্ধাৰৰ ঘটনা অধ্যয়ন কৰোতে ঈশ্বৰৰ চাৰিটা মুখ্য গুণ স্পষ্টৰূপে প্ৰকাশ কৰে। ফৰৌণৰ লগত তেওঁৰ ব্যৱহাৰত প্ৰবল পৰাক্ৰম প্ৰকাশ কৰিছিল। (যাত্ৰাপুস্তক ৯:১৬) ঈশ্বৰে সেই জটিল অৱস্থাক যি কৌশলৰে পৰিচলনা কৰিছিল ইয়াৰ দ্বাৰা তেওঁৰ অতুলনীয় বুদ্ধি প্ৰকাশ পাইছিল। (ৰোমীয়া ১১:৩৩, NW) তেওঁ দৃঢ়চিত্ত বিৰোধী আৰু তেওঁৰ প্ৰজাৰ ওপৰত কৰা অত্যাচাৰীবিলাকক উচিত দণ্ড দি তেওঁ নিজৰ ন্যায় প্ৰকাশ কৰিছিল। (দ্বিতীয় বিবৰণ ৩২:৪) ঈশ্বৰৰ এটা মুখ্য গুণ হৈছে প্ৰেম। যিহোৱা ঈশ্বৰে অব্ৰাহামৰ বংশৰ বিষয়ে কৰা ভৱিষ্যতবাণীৰ পূৰ্ণতাই তেওঁৰ উল্লেখনীয় গুণ প্ৰেম দেখাইছিল। (দ্বিতীয় বিবৰণ ৭:৮) কিছুমান মিচৰীয়াই মিছা দেৱতাক পৰিত্যাগ কৰে আৰু মাত্ৰ সত্য ঈশ্বৰক সমৰ্থন কৰি উপকৃত হোৱাত তেওঁ অনুমতি দি তেওঁ প্ৰেম প্ৰদৰ্শন কৰিলে।
১৫ যেনেকৈ আপুনি বাইবেল পঢ়িব, আপুনি লক্ষ্য কৰিব যে ঈশ্বৰৰ মুখ্য গুণ হৈছে প্ৰেম আৰু তেওঁ ইয়াক বিভিন্নভাৱে প্ৰৰ্দশন কৰিছে। উদাহৰণৰূপে, প্ৰেম থকাৰ বাবে তেওঁ সৃষ্টিকৰ্ত্তা হৈছিল আৰু প্ৰথমে জীৱনৰ আনন্দ, আত্মিক প্ৰাণীৰ সৈতে উপভোগ কৰিছিল। সেই কোটি কোটি স্বৰ্গদূতে ঈশ্বৰক প্ৰেম কৰে আৰু ইয়োব ৩৮:৪, ৭; দানিয়েল ৭:১০) ঈশ্বৰে পৃথিবী সৃষ্টি কৰি আৰু মানৱক ইয়াত সুখৰে থকাৰ বাবে ব্যৱস্থা কৰি তেওঁৰ প্ৰেম দেখুৱাছিল।—আদিপুস্তক ১:১,২৬-২৮; গীতমালা ১১৫:১৬.
তেওঁৰ প্ৰশংসা কৰে। (১৬ আমি ঈশ্বৰৰ প্ৰেমৰ পৰা ইমানে লাভবান হওঁ যে ইয়াৰ বিৱৰণ দি শেষ কৰিব নোৱাৰি। এটা কাৰণ হৈছে, ঈশ্বৰ শ্ৰম সহকাৰে এনে এক বিস্ময়কৰ উপায়েৰে আমাৰ শৰীৰ সৃষ্টি কৰিলে যাতে আমি জীৱন উপভোগ কৰিব পাৰো। (গীতমালা ১৩৯:১৪) প্ৰেম প্ৰদৰ্শিত কৰি তেওঁ “আকাশৰ পৰা বৰষুণ বৰষাই, শস্য উৎপন্ন হোৱা বতৰ কৰি, আহাৰ আৰু আনন্দৰে [আমাৰ] হৃদয় তৃপ্ত কৰায়।” (পাঁচনিৰ কৰ্ম্ম ১৪:১৭) ঈশ্বৰে আনকি “দুষ্ট আৰু সন্ত দুয়োৰো ওপৰত তেওঁৰ সূৰ্য্য উদয় হবলৈ দিয়ে; আৰু ধাৰ্ম্মিক অধাৰ্ম্মিক এই দুয়োৰো ওপৰত বৰষুণো বৰষায়।” (মথি ৫:৪৫) প্ৰেমে আমাৰ সৃষ্টিকৰ্তাক আমাক সহায় কৰিবলৈ প্ৰেৰণা কৰিলে, যাতে আমি ঈশ্বৰৰ জ্ঞান লাভ কৰি আৰু তেওঁৰ সেৱকৰূপে আনন্দৰে সেৱা কৰাত সহায় কৰে। কিয়নো, “ঈশ্বৰ প্ৰেম।” (১ যোহন ৪:৮) কিন্তু তেওঁৰ ব্যক্তিত্বৰ বিষয়ে আৰু বহুতো দিশ আছে।
“এজন দয়াশীল আৰু কৰুণাময় ঈশ্বৰ”
১৭ ইস্ৰায়েল লোকসকলে চূফ সাগৰ পাৰ হৈ অহাৰ পাছতো, তেওঁলোকে ঈশ্বৰক ভালদৰে জনা প্ৰয়োজন আছিল। মোচিয়ে প্ৰয়োজনীয়তাক অনুভৱ কৰি প্ৰাৰ্থনা কৰিছিল “মই যদি তোমাৰ দৃষ্টিত অনুগ্ৰহ পালোঁ, তেন্তে, বিনয় কৰিছোঁ, মই যেন তোমাক জানি তোমাৰ দৃষ্টিত অনুগ্ৰহ পাওঁ, এই নিমিত্তে মোক তোমাৰ পথ জনোৱা।” (যাত্ৰাপুস্তক ৩৩:১৩) মোচিয়ে ভালদৰে ঈশ্বৰক জানিবলৈ সমৰ্থ হৈছিল যেতিয়া ঈশ্বৰে কৰা ঘোষণা শুনিব পাইছিল: “যিহোৱা, যিহোৱাই কৃপা আৰু দয়াৰে পৰিপূৰ্ণ ঈশ্বৰ, ক্ৰোধত ধীৰ, দয়া আৰু সত্যতাত মহান; হাজাৰ হাজাৰ পুৰুষলৈকে দয়া কৰোঁতা; অপৰাধ, আজ্ঞালঙ্ঘন আৰু পাপ ক্ষমা কৰোঁতা; তথাপি তেওঁ নিশ্চয়ে দোষীক নিৰ্দ্দোষী নকৰে।” (যাত্ৰাপুস্তক ৩৪:৬, ৭) ঈশ্বৰে তেওঁৰ প্ৰেমৰ সৈতে ন্যায় ভাৰসাম্য ৰাখি ন্যায় কৰে, যাতে ইচ্ছাকৃত পাপীক সিহঁতৰ ভুলৰ প্ৰতিফলৰ পৰা ৰক্ষা পাব নোৱাৰে।
১৮ যেনেকৈ মোচিয়ে শিকাইছিল, ঈশ্বৰে দয়া দেখায়। এজন দয়ালু ব্যক্তিৰ মনত প্ৰকাশিত বাক্য ২১:৩-৫) ঈশ্বৰৰ সেৱকসকলৰ এই দুষ্ট জগতৰ পৰিস্থিতিৰ কাৰণে দুদৰ্শাৰ অভিজ্ঞতা হব পাৰে বা তেওঁলোকে অজ্ঞানৰ কাৰ্য্য কৰাত অশান্তিত ভোগিব পৰে। কিন্তু যদি সাহায্যৰ অৰ্থে তেওঁলোকে বিনম্ৰভাৱে যিহোৱাৰ ফালে ঘুৰে, তেন্তে তেওঁ, তেওঁলোকক সান্ত্বনা আৰু সহায় কৰিব। কিয়? কাৰণ তেওঁ তেওঁৰ উপাসকসকলক কৰুণাৰে সহানুভূতি দেখায়।—গীতমালা ৮৬:১৫; ১ পিতৰ ৫:৬, ৭.
যন্ত্ৰণাত ভুগি থকা লোকৰ প্ৰতি সহানুভূতি থাকে আৰু তেওঁলোকলৈ মুক্তিৰ বাবে চেষ্টা কৰে। এইদৰে যন্ত্ৰণা, বেমাৰ আৰু মৃত্যুৰ পৰা স্থায়ী মুক্তি দিবলৈ আয়োজন কৰা ব্যৱস্থাৰ দ্বাৰা ঈশ্বৰে মানৱজাতিৰ প্ৰতি কৰুণা দেখায়। (১৯ কতৃত্ব পোৱা বহুতো লোকে অন্যৰ ওপৰত কঠোৰ ব্যৱহাৰ কৰে। তাৰ বিপৰীতে, যিহোৱা তেওঁৰ নম্ৰ দাসসকলৰ প্ৰতি কিমান কৰুণাময়! তেওঁ যদিও গোটেই বিশ্বৰ আটাইতকৈ উচ্চ অধিপতি, তথাপি তেওঁ সমগ্ৰ মানৱজাতিৰ প্ৰতি উল্লেখনীয় স্নেহ দেখুৱায়। (গীতমালা ৮:৩, ৪; লূক ৬:৩৫) যিহোৱা ব্যক্তিগতভাৱে মানুহৰ প্ৰতি কৰুণাময় অনুগ্ৰহৰ বাবে তেওঁলোকৰ বিশেষ নিবেদনৰ উত্তৰ দিয়ে। (যাত্ৰাপুস্তক ২২:২৬, ২৭: লূক ১৮:১৩, ১৪) অৱশ্যে, ঈশ্বৰে যিকোনো ব্যক্তিৰ প্ৰতি দয়া আৰু অনুগ্ৰহ দেখুৱাবলৈ বাধ্য নহয়। (যাত্ৰাপুস্তক ৩৩:১৯) সেইবাবে, আমাক ঈশ্বৰৰ দয়া আৰু কৰুণাৰ প্ৰতি গভীৰভাৱে উপলব্ধি কৰা প্ৰয়োজন।—গীতমালা ১৪৫:১, ৮.
ক্ৰোধত ধীৰ, অপক্ষপাতী আৰু ধাৰ্ম্মিক
২০ যিহোৱা ক্ৰোধত ধীৰ। তথাপি, ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁ কোনো কৰ্ম্মসাধন নকৰে, কাৰণ তেওঁ দৃঢ়চিত্ত ফৰৌণ আৰু তেওঁৰ সৈন্যসকলক চুফ সাগৰত নাশ কৰি তেওঁ সেইটো প্ৰমাণ কৰিলে। যিহোৱা পক্ষপাতীও নহয়। এইবাবে, তেওঁৰ অনুগ্ৰহকাৰী লোক, ইস্ৰায়েলসকলে ক্ৰমাগত অন্যায় কামৰ বাবে অৱশেষত তেওঁৰ অনুগ্ৰহ হেৰুৱাইছিল। ঈশ্বৰে তেওঁৰ সেৱকৰূপে সকলো জাতিৰ পৰা লোকসকলক গ্ৰহণ কৰে, কিন্তু মাত্ৰ যিসকলে তেওঁৰ ধাৰ্ম্মিকতাৰ পথ মানি চলে।—পাঁচনিৰ কৰ্ম্ম ১০:৩৪, ৩৫.
২১ বাইবেলৰ প্ৰকাশিত বাক্য কিতাপে ঈশ্বৰৰ “ধাৰ্ম্মিক সিদ্ধান্ত” শিকাৰ মূল্যৰ প্ৰতি গুৰুত্ব দিছে। ই আমাক কয় যে স্বৰ্গীয় প্ৰাণীয়ে গাইছে: “হে সৰ্ব্বশক্তিমান প্ৰভু যিহোৱা, তোমাৰ কৰ্ম্ম মহৎ আৰু আচৰিত; হে চিৰস্থায়ী ৰজা, তোমাৰ পথ ন্যায় আৰু সত্য। হে প্ৰভু, কোনে ভয় নকৰিব? আৰু তোমাৰ নাম মহিমান্বিত নকৰিব? কিয়নো কেৱল তুমিহে পবিত্ৰ; কাৰণ, তোমাৰ ন্যায় কৰ্ম্ম প্ৰকাশিত হোৱাত, সকলো জাতিবিলাকে তোমাৰ আগত প্ৰণিপাত কৰিব।” (প্ৰকাশিত বাক্য ১৫:২-৪, NW) তেওঁ যি সত্য বুলি কয় তাক মানি আমি যিহোৱালৈ ভয় বা তেওঁৰ প্ৰতি শ্ৰদ্ধা দেখুৱাব পাৰো। ঈশ্বৰৰ বুদ্ধি আৰু প্ৰেম সমন্ধে নিজকে স্মৰণৰ দ্বাৰা ই সহজ কৰি দিয়ে। তেওঁৰ সকলো আজ্ঞা আমাৰ বাবে লাভজনক।—যিচয়া ৪৮:১৭, ১৮.
“আমাৰ ঈশ্বৰ যিহোৱা মাত্ৰ এজনা”
২২ প্ৰাচীন মিচৰীয়াসকলে বহুতো দেৱতাৰ উপাসনা কৰিছিল, কিন্তু যিহোৱা এজন “মৰ্য্যদা ৰখাত উদ্যোগী ঈশ্বৰ।” (যাত্ৰাপুস্তক ২০:৫) মোচিয়ে ইস্ৰায়েলসকলক সোঁৱৰাই দিছিল যে “আমাৰ ঈশ্বৰ যিহোৱা একমাত্ৰ যিহোৱা।” (হেলনীয়া মুদ্ৰণ আমাৰ।) (দ্বিতীয় বিবৰণ ৬:৪) যীচু খ্ৰীষ্টই সেই কথাবোৰ বাৰে বাৰে কৈছিল। (মাৰ্ক ১২:২৮, ২৯) সেইবাবে, যিসকলে বাইবেলক ঈশ্বৰৰ বাক্য বুলি গ্ৰহণ কৰে তেওঁলোক তিনিজন ব্যক্তি বা দেৱতাত অন্তভূক্ত থকা কোনো ত্ৰিমূৰ্ত্তিক উপাসনা নকৰে। আচলতে, “ত্ৰিমূৰ্ত্তি” শব্দ বাইবেলত কতো পোৱা নাযায়। সত্য ঈশ্বৰ এজনেই ব্যক্তি, যীচুখ্ৰীষ্টৰ পৰা সম্পূৰ্ণ বেলেগ। (যোহন ১৪:২৮; ১ কৰিন্থীয়া ১৫:২৮) ঈশ্বৰৰ পবিত্ৰ আত্মা কোনো ব্যক্তি নহয়। ই যিহোৱা ঈশ্বৰৰ সক্ৰিয় শক্তি, যাক সৰ্ব্বশক্তিমান ঈশ্বৰে তেওঁৰ উদ্দেশ্য পূৰ্ণ কৰিবলৈ ব্যৱহাৰ কৰে।—আদিপুস্তক ১:২; পাঁচনিৰ কৰ্ম্ম ২:১-৪, ৩২, ৩৩; ২ পিতৰ ১:২০, ২১.
২৩ যেতিয়া আপুনি বিবেচনা কৰে যে যিহোৱা কিমান বিস্ময়কৰ, তেতিয়া আপুনি সন্মত নহয়নে যে আপোনাৰ উপাসনা তেওঁহে পোৱাৰ যোগ্য? যেতিয়া আপুনি তেওঁৰ বাক্য বাইবেল অধ্যয়ন কৰিব, আপুনি তেওঁক ভালদৰে জানিব আৰু আপোনাৰ চিৰস্থায়ী সুখ আৰু আনন্দৰ বাবে আপোনাৰ পৰা তেওঁ কি বিচাৰে তাক জানিব পাৰিব। (মথি ৫:৩, ৬) ইয়াৰ উপৰিও, ঈশ্বৰৰ প্ৰতি আপোনাৰ প্ৰেম গঢ়ি উঠিব পাৰে। ই উপযুক্ত, কাৰণ যীচুৱে কৈছিল: “তুমি সকলো হৃদয়, সকলো প্ৰাণ, সকলো চিত্ত, আৰু সকলো শক্তিৰে তোমাৰ ঈশ্বৰ যিহোৱাক প্ৰেম কৰা।” (মাৰ্ক ১২:৩০, NW) স্পষ্টৰূপে, ঈশ্বৰৰ প্ৰতি যীচুৰ এনেধৰণৰ প্ৰেম আছিল। কিন্তু বাইবেলে যীচু খ্ৰীষ্টৰ বিষয়ে কি প্ৰকাশ কৰিছে? যিহোৱাৰ উদ্দেশ্যৰ প্ৰতি তেওঁৰ ভূমিকা কি?
আপোনাৰ জ্ঞান পৰীক্ষা কৰক
ঈশ্বৰৰ নাম কি আৰু ই হিব্ৰু শাস্ত্ৰত কিমানবাৰ ব্যৱহাৰ হৈছে?
কিয় আপোনাক ঈশ্বৰৰ নাম ব্যৱহাৰ কৰা উচিত?
যিহোৱা ঈশ্বৰৰ কি গুণবিলাকে আপোনাক বিশেষকৈ আৰ্কষণ কৰে?
[Study Questions]
১. বাইবেলৰ আৰম্ভনীৰ স্পষ্ট বাক্যশাৰীৰ সৈতে বহুতে একমত কিয়?
২. বাইবেলে ঈশ্বৰৰ বিষয়ে কি কয় আৰু ই আমাক কি কৰিবলৈ উৎসাহ দিয়ে?
৩. ঈশ্বৰৰ প্ৰতিমা তৈয়াৰ কৰা কিয় অসম্ভৱ?
৪. বাইবেলত ঈশ্বৰৰ প্ৰতি কি অৰ্থপূৰ্ণ উপাধিবোৰ ব্যৱহাৰ কৰা হৈছে?
৫. ঈশ্বৰৰ নাম কি আৰু হিব্ৰু শাস্ত্ৰ পদত ইয়াক কিমানবাৰ ব্যৱহাৰ কৰা হৈছে?
৬. গীতমালা ৮৩:১৮ পদত যিহোৱাৰ বিষয়ে কি কয় আৰু আমি কিয় তেওঁৰ নাম ব্যৱহাৰ কৰা উচিত?
৭. যিহোৱা নামৰ অৰ্থই আমাক ঈশ্বৰৰ বিষয়ে কি শিকায়?
৮. যিহোৱাই মোচিৰ যোগেদি কি উদ্দেশ্য ঘোষণা কৰিছিল?
৯. ফৰৌণে যিহোৱাৰ প্ৰতি কেনেধৰণৰ দৃষ্টিভঙ্গী ৰাখিছিল?
১০. প্ৰাচীন মিচৰ দেশত, যিহোৱাই ইস্ৰায়েলৰ সৈতে জড়িত থকা তেওঁৰ উদ্দেশ্যক পূৰ্ণ কৰিবলৈ কি কাৰ্য্য কৰিছিল?
১১. কি আচৰিত কাৰ্য্য যিহোৱা ঈশ্বৰে চূফ সাগৰত সম্পন্ন কৰিছিল আৰু তেওঁৰ শত্ৰুপক্ষৰ সৈন্যই কি স্বীকাৰ কৰিবলৈ বাধ্য হৈছিল?
১২, ১৩. (ক) বৰ্তমান আমাৰ বাবে ঈশ্বৰৰ নামে কি অৰ্থ ৰাখে? (খ) মানুহক সোনকালে কি শিকাৰ আৱশ্যক আৰু কিয়?
১৪. বাইবেলে ঈশ্বৰৰ প্ৰধান গুণসমূহৰ বিষয়ে কি উল্লেখ কৰিছে?
১৫, ১৬. ঈশ্বৰে কি কি উপায়েৰে প্ৰেম দেখুৱাইছে?
১৭. আমি যাত্ৰাপুস্তক ৩৪:৬, ৭ পদত ঈশ্বৰৰ বিষয়ে কি শিকো?
১৮. যিহোৱা কৰুণাময় বুলি কেনেকৈ প্ৰমাণিত হয়?
১৯. আমি কিয় কব পাৰো ঈশ্বৰ কৰুণাময়?
২০. যিহোৱা ক্ৰোধত ধীৰ আৰু অপক্ষপাতী বুলি কিহে দেখায়?
২১. (ক) প্ৰকাশিত বাক্য ১৫:২-৪ পদত আমাক ঈশ্বৰৰ বিষয়ে কি শিকায়? (খ) ঈশ্বৰে যিটো বিষয়ে সচাঁ বুলি কয়, সেই কাৰ্য্য কৰিবলৈ কিহে আমাক সহজ কৰি দিয়ে?
২২. যিসকলে বাইবেল গ্ৰহণ কৰে তেওঁলোকে কিয় কোনো ত্ৰিমূৰ্ত্তিক উপাসনা নকৰে?
২৩. (ক) ঈশ্বৰৰ প্ৰতি আপোনাৰ প্ৰেম কেনেকৈ বৃদ্ধি কৰিব? (খ) যীচুৱে ঈশ্বৰৰ প্ৰেমৰ বিষয়ে কি কৈছে আৰু খ্ৰীষ্টৰ বিষয়ে আমাক কি শিকা আৱশ্যক?
[Picture on page 29]
সকলো বস্তুৰ সৃষ্টিকৰ্তাৰ বিষয়ে আপুনি কিমান ভালকৈ জানে?