Skip to content

Skip to table of contents

দ্বিতীয় বংশাৱলি কিতাপৰ আলোকপাত

দ্বিতীয় বংশাৱলি কিতাপৰ আলোকপাত

যিহোৱাৰ বাক্য জীয়া

দ্বিতীয় বংশাৱলি কিতাপৰ আলোকপাত

বাইবেলৰ এই কিতাপখন চলোমন ৰজাই ইস্ৰায়েলৰ ওপৰত কৰা শাসনৰ বিৱৰণীৰ সৈতে আৰম্ভ হৈছে। দ্বিতীয় বংশাৱলি কিতাপখন পাৰস্যৰ কোৰচ ৰজাই বাবিলত বন্দী হৈ থকা ইহুদীসকলৰ উদ্দেশ্যে কোৱা এই বাক্যশাৰীৰ সৈতে সমাপ্তি হৈছে, যʼত তেওঁ এইদৰে কৈছিল: “[যিহোৱাই] যিহূদা দেশৰ যিৰূচালেমত তেওঁৰ নিমিত্তে এটা গৃহ নিৰ্ম্মাণ কৰিবৰ ভাৰ মোক দিলে। তেওঁৰ সকলো প্ৰজাবিলাকৰ মাজৰ যি কোনো লোক তোমালোকৰ মাজত আছে, তেওঁৰ ঈশ্বৰ যিহোৱা তেওঁৰ লগত থাকক, আৰু তেওঁ [যিৰূচালেমলৈ] উঠি যাওক।” (২ বংশাৱলি ৩৬:২৩) এই কিতাপখন ইজ্ৰা পুৰোহিতে সা.যু.পূ. ৪৬০ চনত লিখি সম্পূৰ্ণ কৰে। এই কিতাপখনত ৫০০ বছৰ অৰ্থাৎ সা.যু.পূ. ১০৩৭ চনৰ পৰা লৈ সা.যু.পূ. ৫৩৭ চনলৈকে ঘটা ঘটনাবোৰৰ বিষয়ে উল্লেখ কৰা হৈছে।

পাৰস্যৰ কোৰচ ৰজাই দিয়া আজ্ঞাৰ বাবে ইহুদীসকলে যিৰূচালেমলৈ উভটি আহি যিহোৱাৰ উপাসনা পুনৰস্থাপন কৰিবলৈ সক্ষম হʼল। কিন্তু দীৰ্ঘ সময়ে বাবিলত বন্দী হৈ থকাৰ বাবে তেওঁলোকে জীয়াতু ভুগীবলগীয়া হৈছিল। গতিকে বাবিলৰ পৰা উভটি অহাৰ সময়ত তেওঁলোকৰ নিজৰ জাতিৰ ইতিহাসৰ বিষয়ে বিশেষ কোনো জ্ঞান নাছিল। দ্বিতীয় বংশাৱলিত দায়ূদ ৰজাৰ ৰাজকীয় বংশৰ ৰজাসকলৰ শাসনৰ কালত ঘটা ঘটনাবোৰৰ এক জীৱন্ত সাৰাংশ দিয়া হৈছে। এই বিৱৰণী আমাৰ বাবেও অতি আগ্ৰহজনক, কিয়নো ইয়াত সত্য ঈশ্বৰৰ আজ্ঞাকাৰী হোৱাৰ ফলত পোৱা আশীৰ্ব্বাদ আৰু তেওঁৰ আজ্ঞা উল্লঙ্ঘন কৰাৰ পৰিণামৰ বিষয়ে স্পষ্টকৈ উল্লেখ কৰা হৈছে।

এজন ৰজাই যিহোৱাৰ ভৱন নিৰ্মাণ কৰা

(২ বংশাৱলি ১:১-৯:৩১)

চলোমন ৰজাই আন্তৰিকতাৰে কৰা নিৱেদনৰ অনুসাৰে যিহোৱাই তেওঁক সন্মান, অজস্ৰ ধন-সম্পত্তিৰ উপৰিও বুদ্ধি আৰু জ্ঞান প্ৰদান কৰিলে। সেই ৰজাজনে যিৰূচালেমত যিহোৱাৰ উদ্দেশ্যে এক ঐশ্বৰ্য্যশালী ভৱন নিৰ্মাণ কৰাত লোকসকলে “আনন্দিত আৰু সন্তুষ্ট” হʼল। (২ বংশাৱলি ৭:১০) এইদৰে “ঐশ্বৰ্য্য আৰু জ্ঞানত চলোমন ৰজা পৃথিবীত থকা সকলো ৰজাতকৈ প্ৰধান হল।”—২ বংশাৱলি ৯:২২.

ইস্ৰায়েলৰ ওপৰত ৪০ বছৰ শাসন কৰাৰ পিছত চলোমন ৰজাই ‘ওপৰ-পিতৃবিলাকৰ লগত নিদ্ৰিত হলত, তেওঁৰ পুত্ৰ ৰহবিয়াম তেওঁৰ পদত ৰজা হল।’ (২ বংশাৱলি ৯:৩১) চলোমন ৰজাই সত্য উপাসনাৰ পৰা আঁতৰি যোৱাৰ বিষয়ে ইজ্ৰাই কোনো উল্লেখ কৰা নাই। কেৱল চলোমন ৰজাই ইজিপ্তৰ পৰা অনেক ঘোঁৰা অনা আৰু ফৰৌণ ৰজাৰ জীয়েকক বিবাহ কৰি অবিবেচকৰ কাৰ্য্য কৰা বুলি বৰ্ণনা কৰিছে। এইদৰে বংশাৱলি কিতাপখনে এক ইতিবাচক বিষয় দাঙি ধৰিছে।

শাস্ত্ৰীয় প্ৰশ্নসমূহৰ উত্তৰ দিয়া হʼল:

২:১৪—প্ৰথম ৰাজাৱলি ৭:১৪ পদত উল্লেখ কৰা কাৰিকৰী শিল্পী বংশক কিয় ইয়াত ভিন্নভাৱে উল্লেখ কৰা হৈছে? দৰাচলতে, প্ৰথম ৰাজাৱলিত কাৰিকৰী শিল্পীৰ মাতৃক ‘নপ্তালী ফৈদৰ এজনী বিধৱা’ বুলি উল্লেখ কৰা হৈছে, কিয়নো তাই সেই ফৈদ্যৰ পুৰুষৰ সৈতে বিবাহ কৰিলে। তাই দান বংশৰ আছিল। তাইৰ গিৰীয়েকৰ মৃত্যুৰ পিছত তাই এজন তূৰ বংশীয় পুৰুষৰ সৈতে পুনৰ বিবাহ কৰে আৰু সেই কাৰিকৰী শিল্পীজনৰ এজন পুতেক আছিল।

২:১৮; ৮:১০—এই পদত উল্লেখ কৰিছে যে বনুৱাবিলাকৰ ওপৰত কাৰ্য্যৰ চোৱা-চিতা কৰিবলৈ ৩,৬০০ আৰু ২৫০ জন অধ্যক্ষ, কাৰ্য্যকাৰক লাগিল, কিন্তু আনহাতে ১ ৰাজাৱলি ৫:১৬; ৯:২৩ পদত ৩,৩০০ আৰু ৫৫০ জন প্ৰধান বিষয়া বুলি উল্লেখ কৰিছে। এই দুয়োটা পদত কিয় সংখ্যাৰ ভিন্নতা দেখিবলৈ পোৱা যায়? এইটো নিৰ্ভৰ কৰে যে চোৱা-চিতা কৰা লোকবিলাকক কেনে শ্ৰেণীত গণনা কৰা হৈছিল। এইটো হʼব পাৰে যে দ্বিতীয় বংশাৱলিত কাৰ্য্যৰ চোৱা-চিতা কৰিবলৈ ৩,৬০০ জন অইহুদী আৰু ২৫০ জন ইস্ৰায়েলীয় প্ৰধান বিষয়া আছিল বুলি বেলেগে দেখুৱাইছে। আনহাতে প্ৰথম ৰাজাৱলিত ৩,৩০০ জনক কাৰ্য্যকাৰক আৰু ৫৫০ জনক উচ্চ বিষয়াৰ শ্ৰেণী বুলি পৃথকতা দেখুৱাইছে। দুয়োটা পদতে চোৱা-চিতা কৰা সকলৰ সৰ্ব্বমুঠ সংখ্যা আছিল ৩,৮৫০ জন।

৪:২-৪—সমুদ্ৰ-পাত্ৰৰ তলৰ অংশত কিয় বলদৰ প্ৰতিমূৰ্তি বনোৱা হৈছিল? শাস্ত্ৰত বলদক শক্তিৰ প্ৰতীক বুলি উল্লেখ কৰা হৈছে। (যিহিষ্কেল ১:১০; প্ৰকাশিত বাক্য ৪:৬, ৭) প্ৰতীকৰূপে বলদৰ প্ৰতিমূৰ্তি বাছনি কৰাটো একেবাৰে উপযুক্ত, কিয়নো বৃহৎ ‘সমুদ্ৰ-পাত্ৰটোৰ’ ওজন প্ৰায় ৩০ টন আছিল। সেয়েহে সেই পাত্ৰটোৰ ভৰ সহন কৰিবলৈ ১২ টা তামৰ বলদৰ আৱশ্যক আছিল। এই উদ্দেশ্যৰ অৰ্থে তামৰ বলদবোৰ বনোৱা কাৰ্য্যৰ বাবে উপাসনা কৰিবলৈ কোনো মূৰ্ত্তি নবনাবলৈ দিয়া দ্বিতীয় আজ্ঞাটো ভঙ্গ হোৱা নাছিল।—যাত্ৰাপুস্তক ২০:৪, ৫.

৪:৫—সমুদ্ৰ-পাত্ৰটোত কিমান পৰিমাণৰ পানী ৰাখিব পৰা গৈছিল? সেই পাত্ৰটোত তিনি হাজাৰ ব্যক্তিয়ে গা ধুব পৰাকৈ বা প্ৰায় ৬৬,০০০ লিটাৰ পানী ৰাখিবৰ ক্ষমতা আছিল। সাধাৰণতে তাত সম্ভৱতঃ প্ৰায় দুভাগৰ তিনিভাগ পানী ৰাখা হৈছিল। প্ৰথম ৰাজাৱলি ৭:২৬ পদত এইদৰে বৰ্ণনা কৰিছে: “[সমুদ্ৰ-পাত্ৰত] দুই হাজাৰ [৪৪,০০০ লিটাৰ] মোন ধৰে।”

৫:৪, ৫, ১০—প্ৰাৰম্ভিক উপাসনাৰ তম্বুত থকা কেনে আচবাব চলোমনৰ মন্দিৰৰ ভাগ হৈ পৰিল? প্ৰাৰম্ভিক তম্বুৰ পৰা চলোমনে নিৰ্মাণ কৰা মন্দিৰলৈ নিয়া একমাত্ৰ আচবাব আছিল নিয়ম চন্দুক। মন্দিৰ নিৰ্মাণ কৰাৰ পিছত সেই উপাসনা তম্বু গিবিয়োনৰ পৰা যিৰূচালেমলৈ স্থানান্তৰ কৰা হয়।—২ বংশাৱলি ১:৩, ৪.

আমাৰ বাবে শিক্ষামূলক পাঠ:

১:১১, ১২. চলোমনে বুদ্ধি আৰু জ্ঞান বিচাৰি যিহোৱালৈ কৰা নিৱেদনে দেখুৱাইছে যে, ৰজাজনে আন্তৰিকতাৰে তেনে আগ্ৰহ কৰিছিল। বাস্তৱতে আমি ঈশ্বৰলৈ কৰা প্ৰাৰ্থনাও আমাৰ হৃদয়ত কি আছে, সেই বিষয়ে প্ৰকাশ কৰে। সেইবাবে আমি আমাৰ প্ৰাৰ্থনাক বিশ্লেষণ কৰাটো বুদ্ধিমানৰ কাৰ্য্য হʼব।

৬:৪. যিহোৱাৰ প্ৰেম-পূৰ্বক দয়া আৰু তেওঁৰ মঙ্গলময়ৰ প্ৰতি থকা আমাৰ আন্তৰিক মূল্যাঙ্কনে আমাক তেওঁৰ স্তুতি কৰিবলৈ প্ৰেৰিত কৰে।

৬:১৮-২১. যদিও ঈশ্বৰৰ বাবে কোনো অট্টালিকাৰ আৱশ্যক নাই, তথাপিও সেই মন্দিৰ যিহোৱাৰ উপাসনাৰ কেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল। একেইদৰে বৰ্তমান সময়ত যিহোৱাৰ সাক্ষীসকলৰ ৰাজ্যগৃহবোৰকো সত্য উপাসনাৰ কেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰা হয়।

৬:১৯, ২২, ৩২. যিহোৱা ঈশ্বৰে ৰজাই হওক বা প্ৰজা, দেশী হওক বা বিদেশী সকলোৱে আন্তৰিকতাৰে কৰা প্ৰাৰ্থনাৰ প্ৰতি মনোযোগ দিয়ে। aগীতমালা ৬৫:২.

দায়ূদ বংশীয় ৰজাসকলে ৰাজত্ব কৰা

(২ বংশাৱলি ১০:১-৩৬:২৩)

ইস্ৰায়েলৰ সংযুক্ত ৰাজ্যখন দুটা ভাগত বিভক্ত হয়—প্ৰথমটো ভাগত উত্তৰে দহ-জাতি আৰু দক্ষিণে দুই-জাতি অৰ্থাৎ যিহূদা আৰু বিন্যামীন। ইস্ৰায়েলৰ সকলো ঠাইত থকা লেবী আৰু পুৰোহিতসকলে জাতীয়তাবাদ বিচাৰধাৰাতকৈ ৰাজ্যৰ প্ৰতিজ্ঞাৰ প্ৰতি আনুগত্য বজাই ৰাখি চলোমনৰ পুতেক ৰহবিয়ামক সমৰ্থন কৰিলে। নিৰ্মাণ কাৰ্য্যৰ সমাপ্তি ৩০ বছৰতকৈ অলপ সময়ৰ পিছত মন্দিৰৰ ধন-সম্পত্তি লুট কৰা হʼল।

ৰহবিয়ামৰ পিছত ১৯ জন ৰজাই ৰাজত্ব কৰে। তেওঁবিলাকৰ ভিতৰত ৫ জন যিহোৱা ঈশ্বৰৰ বিশ্বাসযোগ্য আছিল আৰু ৩ জনে যদিও আৰম্ভণিতে বিশ্বাসযোগ্য, কিন্তু পিছলৈ বেয়া কাৰ্য্য কৰিব ধৰে। বাকী থকা শাসকসকলে যিহোৱাৰ দৃষ্টিত যি বেয়া, তেনে কাৰ্য্য কৰিলে। b ইয়াত যিহোৱাৰ ওপৰত ভাৰসা ৰাখা পাঁচজন ৰজাৰ কাৰ্য্যকলাপৰ বিষয়ে উল্লেখ কৰা হৈছে। হিষ্কিয়া ৰজাই মন্দিৰৰ সেৱা কাৰ্য্যক পুনৰ প্ৰচলন আৰু যোচিয়া ৰজাই বৃহৎ নিস্তাৰ-পৰ্ব্ব উদ্‌যাপন কৰিবলৈ কৰা প্ৰবন্ধৰ বাবে ইহুদীসকলে উৎসাহিত হৈ যিৰূচালেমত পুনৰাই যিহোৱাৰ উপাসনা আৰম্ভ কৰে।

শাস্ত্ৰীয় প্ৰশ্নসমূহৰ উত্তৰ দিয়া হʼল:

১৩:৫—‘লোণেৰে কৰা এটি নিয়মৰ’ অৰ্থ কি? লোণ অৰ্থাৎ নিমখত সংৰক্ষণ কৰিবলৈ শক্তি থকাৰ বাবে ইয়াক এক স্থায়িত্ব আৰু অপৰিৱৰ্তনীয়তাৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হৈছে। গতিকে ‘লোণেৰে কৰা এটি নিয়ম’ হৈছে এক বন্ধনী চুক্তি।

১৪:২-৫; ১৫:১৭—আচা ৰজাই সকলো “ওখ ঠাইবোৰ” গুচাই পেলাইছিলনে? সম্ভৱতঃ গুচাই পেলোৱা নাছিল। তেওঁ হয়তো যিহোৱাক উপাসনা কৰা স্থানবোৰ নহয়, কিন্তু মিছা দেৱ-দেৱীক উপাসনা কৰা ওখ স্থানবোৰ গুচাই পেলাইছিল। সম্ভৱতঃ আচা ৰজাৰ শাসনৰ পিছৰছোৱাত সেই ওখ ঠাইবোৰ পুনৰাই নিৰ্মাণ কৰা হৈছিল। যিবোৰ ঠাইক তেওঁৰ পুতেক যিহোচাফটে ধ্বংস কৰিছিল। আচলতে, যিহোচাফটৰ শাসনৰ কালত ওখ স্থানবোৰ সম্পূৰ্ণকৈ ধ্বংস কৰা হোৱা নাছিল।—২ বংশাৱলি ১৭:৫, ৬; ২০:৩১-৩৩.

১৫:৯; ৩৪:৬—ইস্ৰায়েলৰ ৰাজ্য বিভাজন হোৱাৰ সময়ত চিমিয়োনৰ কেনে স্থান আছিল? যিহূদাৰ বহুতো ক্ষেত্ৰ চিমিয়োন জাতিয়ে উত্তৰাধিকাৰ হিচাপে লাভ কৰিছিল। সেয়েহে ভৌগোলিকৰূপে এই চিমিয়োন জাতি যিহূদা আৰু বিন্যামীনৰ মাজত অৱস্থিত আছিল। (যিহোচূৱা ১৯:১) কিন্তু ধৰ্ম্ম আৰু ৰাজনৈতিক হিচাপে এই জাতিয়ে উত্তৰ দিশৰ ৰাজ্যক সমৰ্থন কৰিছিল। (১ ৰাজাৱলি ১১:৩০-৩৩; ১২:২০-২৪) এইদৰে চিমিয়োন জাতিক দহ জাতিৰ সৈতে গণনা কৰা হৈছিল।

১৬:১৩, ১৪—আচা ৰজাৰ শৱদাহ কৰা হৈছিলনে? অৱশ্যেই কৰা নাছিল। ইয়াত “অধিককৈ সুগন্ধি দ্ৰব্য জ্বলালে” বুলি উল্লেখ কৰা উক্তিটোৱে আচা ৰজাৰ শৱদাহক বুজোৱা নাই, কিন্তু সুগন্ধি দ্ৰব্যক দহন কৰাক বুজাইছে।

৩৫:৩—যোচিয়া ৰজাই কʼৰ পৰা নিয়ম চন্দুক মন্দিৰলৈ আনিলে? পূৰ্বৰ দুষ্ট ৰজাসকলে নিয়ম চন্দুক মন্দিৰৰ পৰা আঁতৰ কৰিছিলনে নতুবা মন্দিৰ নিৰ্মাণৰ সময়ত সেই নিয়ম চন্দুক যোচিয়াই অস্থায়ীভাৱে স্থানান্তৰ কৰিছিল, সেই বিষয়ে বাইবেলত কোনো উল্লেখ কৰা নাই। ইতিহাসত কেৱল উদ্ধৃত কৰা হৈছে যে চলোমনৰ দিনৰ পিছত যোচিয়া ৰজাই নিয়ম চন্দুক মন্দিৰলৈ আনিলে।

আমাৰ বাবে শিক্ষামূলক পাঠ:

১৩:১৩-১৮; ১৪:১১, ১২; ৩২:৯-২৩. যিহোৱাৰ বিষয়ে জ্ঞান লোৱাৰ কি যে এক গুৰুত্বপূৰ্ণ শিক্ষা আমি শিকিব পাৰোঁ!

১৬:১-৫, ৭; ১৮:১-৩, ২৮-৩২; ২১:৪-৬; ২২:১০-১২; ২৮:১৬-২২. সত্যত নথকা লোকসকলৰ সৈতে কৰা বন্ধুত্বৰ পৰিণাম শোচনীয় হʼব পাৰে। সেয়েহে আমি এই জগতৰ অনাৱশ্যকীয় কাৰ্য্যত জড়িত হোৱাৰ পৰা আঁতৰি থকাটো বুদ্ধিমানৰ কাৰ্য্য হʼব।—যোহন ১৭:১৪, ১৬; যাকোব ৪:৪.

১৬:৭-১২; ২৬:১৬-২১; ৩২:২৫, ২৬. অহঙ্কাৰৰ বাবে আচা ৰজাই নিজৰ জীৱনৰ শেষৰছোৱাত দুষ্টতাৰে আচৰণ কৰিছিল। অহঙ্কাৰী হোৱাৰ বাবে উজ্জিয়া ৰজাৰো পতন হৈছিল। হিষ্কিয়া ৰজাও বিবেচনাহীন আৰু সম্ভৱতঃ অহঙ্কাৰী হৈ পৰাৰ বাবে বাবীলিয়া কটকীক মন্দিৰৰ সা-সম্পত্তি দেখুৱালে। (যিচয়া ৩৯:১-৭) সেয়েহে বাইবেলে এইদৰে সতৰ্ক কৰিছে যে, “বিনাশৰ আগেয়ে অহঙ্কাৰ, আৰু পতনৰ পূৰ্ব্বে মনৰ গৰ্ব্ব হয়।”—হিতোপদেশ ১৬:১৮.

১৬:৯. যিহোৱালৈ যিসকলৰ মন সিদ্ধ, তেওঁলোকক তেওঁ নিজৰ শক্তি প্ৰদান কৰি সহায় কৰিবলৈ আগ্ৰহী হয়।

১৮:১২, ১৩, ২৩, ২৪, ২৭. যিহোৱা আৰু তেওঁৰ উদ্দেশ্যৰ বিষয়ে আনক কʼবলৈ আমি মীখায়াৰ দৰে সাহসী হোৱা উচিত।

১৯:১-৩. আমাৰ কাৰ্য্যৰ দ্বাৰা যদিও আমি যিহোৱাক ক্ৰোধিত কৰোঁ, তথাপিও তেওঁ আমাত থকা ভাল গুণসমূহৰ প্ৰতি মনোযোগ দিয়ে।

২০:১-২৮. আমি নিশ্চিত হʼব পাৰোঁ যে, যদি আমি নম্ৰ হৈ তেওঁৰ নিৰ্দ্দেশনা বিচাৰি নিৱেদন কৰোঁ, তেতিয়া যিহোৱাই অৱশ্যেই আমাৰ প্ৰাৰ্থনা শুনিব।—হিতোপদেশ ১৫:২৯.

২০:১৭. “যিহোৱাই কৰা নিস্তাৰ” দেখিবলৈ হলে আমি সক্ৰিয় হৈ ঈশ্বৰৰ ৰাজ্যৰ কাৰ্য্যক সমৰ্থন কৰি “শাৰী হৈ” থাকিব লাগিব। আমি কোনো বিষয়ক নিজৰ হাতত লোৱাৰ পৰিৱৰ্তে, যিহোৱাৰ ওপৰত সম্পূৰ্ণকৈ ভাৰসা ৰাখি “থিয় দি” থকা উচিত।

২৪:১৭-১৯; ২৫:১৪. যোৱাচ আৰু তেওঁৰ পুতেক অমচিয়াৰ বাবে মূৰ্ত্তিপূজাই ফান্দ হৈ পৰিল। একেইদৰে বৰ্তমান সময়তো বিশেষকৈ ধূৰ্তভাৱে অহা লোভ বা জাতীয়তাবাদে আমাক সেই একেইদৰে প্ৰলোভিত কৰিব পাৰে।—কলচীয়া ৩:৫; প্ৰকাশিত বাক্য ১৩:৪.

৩২:৬, ৭. আমিও “ঈশ্বৰৰ আটাই অস্ত্ৰ-শস্ত্ৰ” লৈ আধ্যাত্মিক যুদ্ধত সাহসী আৰু দৃঢ়তাৰে যুদ্ধ কৰা উচিত।—ইফিচীয়া ৬:১১-১৮.

৩৩:২-৯, ১২, ১৩, ১৫, ১৬. এজন ব্যক্তিয়ে ভুল পথবোৰ ত্যাগ আৰু ভাল কাৰ্য্য কৰিবলৈ চেষ্টা কৰাৰ দ্বাৰা প্ৰকৃত মন পৰিৱৰ্তন কৰাৰ প্ৰমাণ দিয়ে। মনচি ৰজাৰ দৰে যদিও এজন ব্যক্তিয়ে বেয়া কাৰ্য্য কৰিছিল, তথাপিও আন্তৰিকতাৰে অনুতাপ কৰি যিহোৱাৰ অনুগ্ৰহ লাভ কৰিব পাৰে।

৩৪:১-৩. বাল্যকালত অনুভূতি হোৱা নেতিবাচক পৰিস্থিতিয়ে আমাক ঈশ্বৰৰ বিষয়ে জনা আৰু তেওঁক সেৱা কৰিবলৈ বাধা দিয়া উচিত নহয়। যোচিয়া ৰজাও বাল্যকালত তেওঁৰ ককা-দেউতাক মনচিয়ে অনুতাপ কৰি মন পৰিৱৰ্তন কৰা অভিজ্ঞতাৰ বাবে যোচিয়াৰ ওপৰত এক ইতিবাচক প্ৰভাৱ পৰিছিল। যোচিয়াৰ ওপৰত পৰা ইতিবাচক প্ৰভাৱৰ বাবে শেষত এক উত্তম পৰিণাম কঢ়িয়াই আনিছিল। আমাৰ সৈতেও সেই একেইদৰে হʼব পাৰে।

৩৬:১৫-১৭. যিহোৱা হৈছে দয়ালু আৰু সহনশীল ঈশ্বৰ। কিন্তু তেওঁৰ দয়া আৰু সহনশীলতা অসীমিত নহয়। গতিকে লোকসকলে যদি এই দুষ্ট ৰীতি-ব্যৱস্থাৰ ধ্বংসত উদ্ধাৰ পাব বিচাৰিছে, তেন্তে তেওঁলোকে ঈশ্বৰৰ ৰাজ্যৰ বাৰ্ত্তাক গ্ৰহণ কৰি সেই অনুসাৰে চলা উচিত।

৩৬:১৭, ২২, ২৩. যিহোৱাৰ বাক্য কেতিয়াও বিফল নহয়।—১ ৰাজাৱলি ৯:৭, ৮; যিৰিমিয়া ২৫:৯-১১.

এখন কিতাপে তেওঁক কাৰ্য্য কৰিবলৈ প্ৰেৰিত কৰিলে

দ্বিতীয় বংশাৱলি ৩৪:৩৩ পদত এইদৰে বৰ্ণনা কৰিছে: “যোচিয়াই ইস্ৰায়েলৰ সন্তানবিলাকে অধিকাৰ কৰা সকলো দেশৰ পৰা আটাই ঘিণলগা বস্তুবোৰ দূৰ কৰিলে, আৰু ইস্ৰায়েলৰ মাজত থকা সকলো লোকক আৰাধনা, তেওঁবিলাকৰ ঈশ্বৰ যিহোৱাৰ আৰাধনা কৰালে।” কিহে যোচিয়া ৰজাক তেনে কৰিবলৈ প্ৰেৰিত কৰিলে? যেতিয়া চাফন নামৰ লিখকে নতুনকৈ বিচাৰি পোৱা যিহোৱাৰ ব্যৱস্থাৰ পুস্তক যোচিয়া ৰজাক দিলে, তেতিয়া তেওঁ সেই পুস্তকখন উচ্চস্বৰে পঢ়িলে। তাৰ পিছত তেওঁ প্ৰভাৱিত হৈ নিজৰ সম্পূৰ্ণ জীৱনত উৎসাহেৰে সত্য উপাসনাক উন্নত কৰিলে।

ঈশ্বৰৰ বাক্যৰ পৰা পঢ়ি শিকা বিষয়বোৰৰ ওপৰত ধ্যান কৰিলে আমিও প্ৰভাৱিত হʼব পাৰিম। দায়ূদৰ বংশীয় ৰজাবিলাকৰ বৃতান্ত পঢ়ি যিহোৱাত সম্পূৰ্ণ মনেৰে ভৰাসা কৰা সকলৰ আৰ্হিক অনুকৰণ কৰিবলৈ এই কিতাপখনে আমাক উৎসাহিত নকৰেনে? দ্বিতীয় বংশাৱলি কিতাপখনে আমাক সত্য ঈশ্বৰ যিহোৱালৈ অনন্য ভক্তি আগবঢ়োৱা আৰু তেওঁৰ প্ৰতি আনুগত্য বজাই ৰাখিবলৈ প্ৰেৰিত কৰে। ইয়াত পোৱা বাৰ্ত্তা বাস্তৱতে জীৱন্ত আৰু কাৰ্য্যসাধক।—ইব্ৰী ৪:১২. (w05 12/1)

[ফুটনোটবোৰ]

a মন্দিৰৰ উন্মোচনৰ সম্বন্ধে থকা প্ৰশ্নসমূহ আৰু সেই সময়ত চলোমনে কৰা প্ৰাৰ্থনাৰ পৰা আন পাঠবোৰ শিকিবলৈ প্ৰহৰীবুৰুজ, জুলাই ১, ২০০৫ চন (w05-AE) ২৮-৩১ পৃষ্ঠাত চাওক।

b যিহূদাৰ ৰজাবিলাকৰ বংশাৱলিৰ বিষয়ে জানিবলৈ প্ৰহৰীবুৰুজ, আগষ্ট ১, ২০০৫ চন (w05-AE) ১২ পৃষ্ঠাত চাওক।

[১৮ পৃষ্ঠাৰ ছবি]

আপুনি জানেনে যে সমুদ্ৰ-পাত্ৰৰ তলৰ অংশত বলদৰ প্ৰতিমূৰ্তি বনোৱা কিয় উপযুক্ত আছিল?

[২১ পৃষ্ঠাৰ ছবিসমূহ]

বাল্যকালত যদিও যোচিয়া ৰজাই সীমিত সহায় লাভ কৰিলে, তথাপিও বয়স বাঢ়ি অহাৰ লগে লগে যিহোৱাৰ আনুগত্য ব্যক্তি হৈ পৰিল