যিহোৱা ঈশ্বৰে অৱশ্যেই দুষ্টবোৰৰ সোধ-বিচাৰ কৰিব
যিহোৱা ঈশ্বৰে অৱশ্যেই দুষ্টবোৰৰ সোধ-বিচাৰ কৰিব
“তুমি তোমাৰ ঈশ্বৰৰ লগত সাক্ষাৎ কৰিবলৈ যুগুত হোৱা।”—আমোচ ৪:১২.
১, ২. আমি কিয় আশ্বাস ৰাখিব পাৰোঁ যে ঈশ্বৰে দুষ্টতাক অনতি পলমে ধ্বংস কৰিব?
এই পৃথিৱীত থকা দুখ-কষ্ট আৰু দুষ্টতাক আঁতৰাবলৈ যিহোৱাই কিবা পদক্ষেপ লʼবনে? এক বিংশ শতিকাৰ আৰম্ভণিৰে পৰা এই প্ৰশ্নটোৰ বিষয়ে লোকসকলে গভীৰভাৱে চিন্তিত হৈ পৰিছে। কিয়নো সকলো ঠাইতে মানুহৰ অমানৱীয় কাৰ্য্য আৰু ইয়াৰ প্ৰভাৱ বিস্তাৰিতিভাৱে বিয়পি পৰাটো দেখিবলৈ পোৱা গৈছে। সেইবাবে আমি সন্ত্ৰাসবাদ, হিংসা আৰু দুৰ্নীতিময় কাৰ্য্যবোৰৰ পৰা মুক্তি পাবলৈ আগতকৈ আৰু অধিকভাৱে আশা কৰিছোঁ!
২ আনন্দৰ বিষয় এইয়ে যে যিহোৱাই অতি শীঘ্ৰেই পদক্ষেপ লʼব বুলি আমি আশ্বাস ৰাখিব পাৰোঁ। কিয়নো তেওঁ এজন ধাৰ্ম্মিক আৰু ন্যায়ী ঈশ্বৰ হোৱাৰ বাবে এই গুণবোৰে তেওঁক তেনে পদক্ষেপ লʼবলৈ প্ৰেৰিত কৰে। এই বিষয়ে গীত ৩৩:৫ পদত এইদৰে কৈছে: “তেওঁ ধাৰ্ম্মিকতা আৰু ন্যায় বিচাৰ ভাল পায়।” আন এটা অধ্যায়ত এইদৰে কৈছে: “অত্যাচাৰপ্ৰিয় লোকক তেওঁৰ আত্মাই ঘিণ কৰে।” (গীত ১১:৫) গতিকে সৰ্ব্বশক্তিমান, ধাৰ্ম্মিক আৰু ন্যায়ী ঈশ্বৰ যিহোৱাই তেওঁ ঘিণ কৰা দুষ্টতাক চিৰকাললৈকে থাকিবলৈ অনুমতি নিদিব।
৩. আমোচৰ ভৱিষ্যতবাণীত অতিৰিক্তভাৱে বিবেচনা কৰি কিহৰ ওপৰত গুৰুত্ব দিয়াৰ বিষয়ে জানিব পৰা যাব?
৩ এই সম্বন্ধে আন এটা কাৰণৰ বিষয়ে বিবেচনা কৰক। সেইয়া হৈছে অতীতত যিহোৱা ঈশ্বৰে দুষ্টবোৰৰ বিৰুদ্ধে লোৱা পদক্ষেপবোৰ। তাৰ কিছুমান উল্লেখনীয় উদাহৰণৰ বিষয়ে আমি বাইবেলৰ আমোচ নামৰ কিতাপখনত পঢ়িবলৈ পাওঁ। সেই ভৱিষ্যতবাণীক বিবেচনা কৰাৰ সময়ত আমি ঈশ্বৰীয় ন্যায়-বিচাৰৰ সম্বন্ধে আমোচে তিনটা কাৰণৰ ওপৰত জোৰ দিয়া বিষয়ে জানিব পাৰিম। প্ৰথমটো হৈছে, ন্যায়-বিচাৰ উপযুক্ত। দ্বিতীয়টো, ন্যায়-বিচাৰ অনিবাৰ্য্য। তৃতীয়টো, ঈশ্বৰৰ ন্যায়-বিচাৰ নিৰ্ব্বাচিত। যিহোৱা ঈশ্বৰে মনপালটন নকৰাসকলক দণ্ড আৰু অনন্ত জীৱনলৈ নিৰূপিত থকা ব্যক্তিসকলৰ প্ৰতি দয়া দেখুৱাব।—ৰোমীয়া ৯:১৭-২৬.
ঈশ্বৰ ন্যায়-বিচাৰ উপযুক্ত
৪. যিহোৱাই আমোচক কʼত আৰু কি উদ্দেশ্যৰে পঠিয়াইছিল?
৪ আমোচে বাস কৰা সময়ত ইস্ৰায়েলসকল দুখন ৰাজ্যত বিভক্ত আছিল। যিহূদাৰ দক্ষিণে দুই-জাতিৰ ৰাজ্য আৰু উত্তৰে দহ-জাতিৰ ৰাজ্য আছিল। যিহোৱাই আমোচক তেওঁ বাস কৰা যিহূদা চহৰখনত থকা লোকসকলৰ আগত ভাববাণী প্ৰচাৰ কৰিবলৈ পঠিয়াইছিল। যʼত তেওঁ ঈশ্বৰৰ আহিবলগীয়া ন্যায়-বিচাৰৰ বিষয়ে প্ৰচাৰ কৰিবলগীয়া আছিল।
৫. সৰ্ব্বপ্ৰথমে আমোচে কোন জাতিবোৰৰ অহিতে ভৱিষ্যতবাণী প্ৰচাৰ কৰিছিল আৰু তেওঁবিলাকে কিয় ঈশ্বৰীয় ন্যায়-বিচাৰৰ যোগ্য আছিল?
৫ আমোচে আৰম্ভণিতে দহ-জাতিৰ ৰাজ্যত গৈ যিহোৱাৰ ন্যায়-বিচাৰৰ বিষয়ে প্ৰচাৰ কৰা নাছিল। তাৰ পৰিৱৰ্তে তেওঁ সৰ্ব্বপ্ৰথমে তাৰ ওচৰে-পাজৰে থকা আন ছটা জাতিৰ আগত ঈশ্বৰৰ ন্যায়-বিচাৰৰ বিষয়ে প্ৰচাৰ কৰিছিল। সেই ছটা জাতি আছিল অৰামীয়া, পলেষ্টিয়া, তূৰ, ইদোম, অম্মোন আৰু মোৱাব। কিন্তু এই জাতিবোৰে কিয় ঈশ্বৰীয় ন্যায়-বিচাৰৰ যোগ্য আছিল? কিয়নো তেওঁলোক অনমনীয় আৰু যিহোৱাৰ লোকসকলৰ শত্ৰু আছিল।
৬. যিহোৱাই কিয় অৰামীয়া, পলেষ্টিয়া আৰু তূৰ জাতিক ধ্বংস কৰিবলৈ নিৰ্ণয় লৈছিল?
৬ উদাহৰণস্বৰূপে, ‘গিলিয়দক মৰাৰ কাৰণে’ যিহোৱাই অৰামীয়াসকলক দোষী সাব্যস্ত কৰিলে। (আমোচ ১:৩) এই অৰামীয়াসকলে যৰ্দ্দন নদীৰ পূবত থকা গিলিয়দ অঞ্চলক অধিকাৰ কৰি ইস্ৰায়েলৰ বহুতকে বেয়াকৈ আঘাত কৰিলে। পলেষ্টিয়া আৰু তূৰসকলৰ বিষয়ে কি কʼব পাৰি? পলেষ্টিয়াসকলে ইস্ৰায়েলৰ লোকক বন্দী কৰি ইদোমীয়াৰ হাতত শোধাই দিছিল। আনকি ইস্ৰায়েলৰ কিছুমান লোকে তূৰৰ দাসত্ব হʼবলগীয়া হৈছিল। (আমোচ ১:৬, ৯) কল্পনা কৰক যে, তেওঁলোকে ঈশ্বৰৰ লোকসকলক দাসত্বৰ নিমিত্তে বিক্ৰী কৰি ঈশ্বৰৰ দৃষ্টিত কেনে জঘন্য পাপ কৰিলে! সেইবাবে যিহোৱা ঈশ্বৰে অৰামীয়া, পলেষ্টিয়া আৰু তূৰ জাতিক ধ্বংস কৰিবলৈ সিদ্ধান্ত লʼলে।
৭. ইস্ৰায়েলসকলৰ সৈতে ইদোম, অম্মোন আৰু মোৱাব জাতিৰ কেনে সম্পৰ্ক আছিল, কিন্তু তেওঁলোকে ইস্ৰায়েলসকলৰ সৈতে কেনে আচৰণ কৰিছিল?
৭ ইদোম, অম্মোন আৰু মোৱাবীয়াসকল ইস্ৰায়েলৰ সম্বন্ধীয়া লোক আছিল। উদাহৰণস্বৰূপে, ইদোমীয়াসকল অব্ৰাহামৰ বংশধৰ অৰ্থাৎ যাকোবৰ ভাতৃ এচৌৰ পৰা অহা লোক। গতিকে তেওঁলোক আৰু ইস্ৰায়েলৰ মাজত ভাতৃত্বৰ সম্বন্ধ আছিল। আনহাতে, অম্মোন আৰু মোৱাবীসকল অব্ৰাহামৰ ভাগিনিয়েক লোটৰ বংশধৰ আছিল। এইহেতুকে তেওঁলোকে ইস্ৰায়েলক নিজৰ ভাতৃৰ নিচিনাকৈ প্ৰেম কৰিব লাগিছিল। প্ৰকৃততে তেওঁলোকে তেনে ধৰণৰ আচৰণ কৰিছিলনে? ইয়াৰ বিপৰীতে ইদোমীয়াসকলে নিৰ্দ্দয়তাৰে হাতত তৰোৱাল লৈ “নিজ ভাইক” বধ কৰিবলৈ আহিছিল আৰু অম্মোনীসকলে দাসত্বত থকা ইস্ৰায়েলসকলৰ ওপৰত অত্যাচাৰ কৰিছিল। (আমোচ ১:১১, ১৩) যদিও আমোচে মোৱাবীসকলৰ দুৰ্ব্যৱহাৰৰ বিষয়ে পোনপটীয়াকৈ কোৱা নাছিল, তথাপিও তেওঁলোকৰ আচৰণৰ বিষয়ে বহু আগেৰে পৰা প্ৰকাশ পাইছিল। এই তিনি জাতিৰ ওপৰত আহিবলগীয়া ধ্বংস অতি ভয়ানক আছিল। কিয়নো যিহোৱাই তেওঁলোকক অগ্নিৰ দ্বাৰা ভষ্ম কৰিবলগীয়া আছিল।
যিহোৱাৰ ন্যায়-বিচাৰ অনিবাৰ্য্য
৮. ইস্ৰায়েলৰ ওচৰে-পাজৰে থকা ছটা জাতিৰ ওপৰত আহিবলগীয়া ধ্বংস কিয় নিশ্চিত আছিল?
৮ আমোচৰ ভৱিষ্যতবাণীত উল্লেখ কৰা সেই ছটা জাতিৰ ওপৰত আহিবলগীয়া ধ্বংস অনিবাৰ্য্য আছিল। তেওঁলোকে কোনোপধ্যেই ৰক্ষা পোৱাৰ উপায় নাছিল। যাৰ বিষয়ে আমোচ ১ অধ্যায় ৩ পদৰ পৰা ২ অধ্যায় ১ পদত যিহোৱাই ছবাৰ এইদৰে কৈছে: “মই তাক দণ্ড নিদিয়াকৈ নেৰোঁ।” এই বাক্যৰ অনুসাৰে যিহোৱাই সেই জাতিবোৰৰ ধ্বংস নকৰালৈকে এৰি নিদিলে। আনকি এই কথাষাৰৰ সত্যতাৰ বিষয়ে ইতিহাসতো পঢ়িবলৈ পোৱা যায়, যʼত তেওঁবিলাকৰ পতনৰ বিষয়ে উল্লেখ আছে। ইয়াৰ ছটা জাতিৰ মাজত অন্তত চাৰিটা জাতি যেনে, পলেষ্টিয়া, মোৱাব, অম্মোন আৰু ইদোমৰ অস্তিত্ব ক্ৰম্বান্বয়ে এই পৃথিৱীৰ পৰা লোপ পালে।
৯. যিহূদাৰ লোকসকলে কিয় দণ্ড পোৱাৰ যোগ্য আছিল?
৯ এতিয়া আমোচে সপ্তম জাতি অৰ্থাৎ তেওঁ বাস কৰা যিহূদা চহৰখনৰ বিষয়ে আমাৰ ধ্যান কেন্দ্ৰিত কৰিছে। উত্তৰ ৰাজ্যত থকা লোকসকলে যিহূদা ৰাজ্যৰ অহিতে কৰা আমোচৰ এই সতৰ্কবাণী শুনি নিশ্চয়ে আচৰিত হৈছিল। তেওঁলোকে কিয় ঈশ্বৰীয় ন্যায়-বিচাৰৰ যোগ্য আছিল? এই বিষয়ে আমোচ ২:৪ পদত এইদৰে কৈছে: “তেওঁবিলাকে যিহোৱাৰ ব্যৱস্থা অগ্ৰাহ্য কৰিলে।” তেওঁলোকৰ এনে অগ্ৰাহ্য মনোবৃত্তি দেখি যিহোৱাই অতি দুখিত হʼল আৰু তেওঁ যি সঙ্কল্প লৈছিল, তাৰ বিষয়ে আমি আমোচ ২:৫ পদত এইদৰে পঢ়িবলৈ পাওঁ: “মই যিহূদালৈ অগ্নি পঠাম, আৰু সেয়ে যিৰূচালেমৰ অট্টালিকাবোৰ গ্ৰাস কৰিব।”
১০. যিহূদাৰ লোকসকলে কিয় ধ্বংসৰ পৰা হাত সাৰিব নোৱাৰিলে?
১০ অবিশ্বাসী যিহূদাৰ লোকসকল কোনোপধ্যেই ধ্বংসৰ পৰা হাত সাৰিব নোৱাৰিলে। কিয়নো সপ্তম বাৰ যিহোৱাই লোৱা সঙ্কল্পৰ বিষয়ে এইদৰে পঢ়িবলৈ পোৱা যায়: “মই তাক দণ্ড নিদিয়াকৈ নেৰোঁ।” (আমোচ ২:৪) এই ভৱিষ্যতবাণীৰ পূৰ্ণতা যিহূদাৰ লোকসকলে সা.যু.পূ. ৬০৭ চনত অনুভৱ কৰিব পাৰিলে, যেতিয়া বাবিলীয় সৈন্যবোৰে আহি আক্ৰমণ কৰি সকলোবোৰ ধ্বংস কৰে। পুনৰাই আমি লক্ষ্য কৰিব পাৰিছোঁ যে দুষ্টবোৰৰ ওপৰত আহিলগীয়া ন্যায়-বিচাৰ অনিবাৰ্য্য।
১১-১৩. আমোচে প্ৰধানকৈ কোন জাতিৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰিছিল আৰু তাত কেনে ধৰণৰ নিৰ্য্যাতনবোৰ দেখা গৈছিল?
১১ ভৱিষ্যতবক্তা আমোচে সাতটা জাতিৰ ওপৰত আহিবলগীয়া ধ্বংসৰ বিষয়ে প্ৰচাৰ কৰি শেষ কৰিলে। যি কোনোৱে মনতে ভাবিছিল যে আমোচৰ ভৱিষ্যতবাণী পূৰ্ণ হʼল আৰু এতিয়া চিন্তাৰ কোনো প্ৰয়োজন নাই, তেন্তে সেইটো এক মাৰাত্মক ভুল আছিল। কিয়নো আমোচৰ সতৰ্কবাণী সম্পূৰ্ণভাৱে পূৰ্ণ হোৱা নাছিল! তেওঁ উত্তৰে থকা ইস্ৰায়েলৰ আগত গৈ ভাববাণী প্ৰচাৰ কৰা কাৰ্য্য তেতিয়াও বাকী আছিল। যিহেতু এই জাতিয়েও নৈতিক আৰু আধ্যাত্মিকভাৱে পতন হোৱাৰ বাবে ঈশ্বৰীয় ন্যায়-বিচাৰৰ যোগ্য আছিল।
১২ এই ভৱিষ্যতবাণীত আমোচে ইস্ৰায়েল ৰাজ্যত হোৱা অত্যাচাৰ আৰু বেয়া কাৰ্য্যৰ বিষয়ে দাঙি ধৰিছিল। এই সম্পৰ্কে আমোচ ২:৬, ৭ পদত এইদৰে কৈছে: “যিহোৱাই এই কথা কৈছে, ইস্ৰায়েলৰ তিনটা অপৰাধৰ এনে কি, চাইটা অপৰাধৰ নিমিত্তে মই তাক দণ্ড নিদিয়াকৈ নেৰোঁ; কিয়নো সিবিলাকে ৰূপৰ নিমিত্তে ধাৰ্ম্মিকক আৰু এযোৰ জোতাৰ নিমিত্তে দৰিদ্ৰক বেচিলে। সিবিলাকে দীনহীনবিলাকৰ মূৰত থকা ধূলিকো হেপাহ কৰে, নম্ৰ লোকবিলাকৰ বাটত বাধা জন্মায়, আৰু মোৰ পবিত্ৰ নাম অপবিত্ৰ কৰিবৰ নিমিত্তে বাপেক আৰু পুতেকে একে যুৱতীতে গমন কৰে।”
১৩ ধাৰ্ম্মিক ব্যক্তিবিলাকক “ৰূপৰ নিমিত্তে” বেচাৰ অৰ্থ আছিল, বিচাৰকৰ্ত্তাবিলাকে উৎকোচ লৈ নিৰ্দোষীক শাস্তি দিয়া। ধাৰ দিওঁতাসকলে দৰিদ্ৰক “এজোৰ জোতাৰ নিমিত্তে” বেচিছিল। হয়তো বহুতো কম পৰিমাণৰ ধাৰ পৰিশোধ কৰিব নোৱাৰাৰ বাবে তেওঁলোকক দাসত্বলৈ বেচা হৈছিল। নিৰ্দ্দয় মনৰ ব্যক্তিসকলে “দীনহীনবিলাকক” এনে ধৰণে ব্যৱহাৰ কৰিছিল যে তেওঁলোকে নিৰুপায় আৰু অপমানিত হৈ নিজৰ মূৰত ধূলি ছটিয়াইছিল। ব্যাপকভাৱে বৃদ্ধি হোৱা কুকৰ্ম্মৰ বাবে “নম্ৰবিলাকে” ন্যায়-বিচাৰৰ আশাৰ ত্যাগ কৰিছিল।
১৪. ইস্ৰায়েলৰ দহ-জাতিৰ ৰাজ্যত কেনে লোকবিলাকে নিৰ্য্যাতনৰ সম্মুখীন হৈছিল?
১৪ লক্ষ্য কৰক যে তাত থকা কেনে ব্যক্তিবিলাকে নিৰ্য্যাতনৰ সম্মুখীন হৈছিল। নিৰ্য্যাতনৰ সম্মুখীন হোৱা সেই ব্যক্তিসকল ধাৰ্ম্মিক, দৰিদ্ৰ, সাধাৰণ আৰু নম্ৰ আছিল। যিহেতু ইস্ৰায়েলসকললৈ দিয়া যিহোৱাৰ ব্যৱস্থাৰ অনুসাৰে এনে ব্যক্তিসকলৰ সৈতে দয়া আৰু সদব্যৱহাৰেৰে আচৰণ কৰা আৱশ্যক আছিল। কিন্তু সেই দহ-জাতিৰ ৰাজ্যখনত ইয়াৰ ব্যতিক্ৰম হোৱা দেখা গৈছিল।
“তোমাৰ ঈশ্বৰৰ লগত সাক্ষাৎ কৰিবলৈ যুগুত হোৱা”
১৫, ১৬, (ক) ইস্ৰায়েলসকলক কিয় “তোমাৰ ঈশ্বৰৰ লগত সাক্ষাৎ কৰিবলৈ যুগুত হোৱা” বুলি সতৰ্ক কৰা হৈছিল? (খ) আমোচ ৯:১, ২ পদে কেনেকৈ দেখুৱাইছে যে কুকৰ্ম্মীবিলাকে কোনোপধ্যেই যিহোৱাৰ ন্যায়-বিচাৰৰ পৰা হাত সাৰিব নোৱাৰিব? (গ) সা.যু. ৭৪০ চনত ইস্ৰায়েলৰ দহ-জাতিৰ ৰাজ্যৰ সৈতে কি ঘটিল?
১৫ যিহেতু অনৈতিক কাৰ্য্য আৰু আন কুকৰ্ম্মবোৰ ব্যাপকভাৱে ইস্ৰায়েলৰ মাজত দেখা দিয়াৰ বাবে আমোচে শুনোৱা এই সতৰ্কবাণী একেবাৰে উপযুক্ত আছিল: “তুমি তোমাৰ ঈশ্বৰৰ লগত সাক্ষাৎ কৰিবলৈ যুগুত হোৱা।” (আমোচ ৪:১২) এই ভক্তিহীন ইস্ৰায়েলসকলে ধ্বংসৰ পৰা ৰক্ষা পোৱাৰ কোনো পথ নাছিল। কিয়নো অষ্টম বাৰ যিহোৱাই আনিবলগীয়া ধ্বংসৰ বিষয়ে এইদৰে জোৰ দি কৈছিল: “মই তাক দণ্ড নিদিয়াকৈ নেৰোঁ।” (আমোচ ২:৬) তদুপৰি যি কুকৰ্ম্মীসকলে সেই সোধ-বিচাৰৰ পৰা লুকাব বিচাৰিব, তেওঁবিলাকৰ সম্বন্ধে যিহোৱাই এইদৰে কৈছিল: “তেওঁবিলাকৰ মাজৰ এজনেও পলাব নোৱাৰিব, আৰু তেওঁবিলাকৰ মাজৰ এজনেও সাৰিব নোৱাৰিব। তেওঁবিলাকে গাঁত খানি চিয়োললৈ গলেও, তাৰ পৰা মোৰ হাতে তেওঁবিলাকক আনিব আৰু আকাশ-মণ্ডললৈ উঠিলেও, তাৰ পৰা মই তেওঁবিলাকক নমাম।”—আমোচ ৯:১, ২.
১৬ কুকৰ্ম্মীবিলাকে “চিয়োললৈ গলেও” অৰ্থাৎ মাটিৰ তলত গাত খানি সোমাই থাকিলেও যিহোৱাৰ সোধ-বিচাৰৰ পৰা হাত সাৰিব নোৱাৰিব। অথবা “আকাশ-মণ্ডললৈ উঠিলেও” অৰ্থাৎ উচ্চ পৰ্ব্বতবোৰত আশ্ৰয় লৈও ৰক্ষা পাব নোৱাৰিব। কিয়নো যিহোৱাৰ সতৰ্কবাণী অনুসাৰে, এনে কোনো স্থান নাই যʼত যিহোৱাৰ দৃষ্টি নপৰাকৈ নাথাকে। সেই দহ-জাতিৰ ৰাজ্যই কৰা কুকৰ্ম্মৰ বাবে শাস্তি পোৱাৰ যোগ্য আছিল। সা.যু.পূ. ৭৪০ চনত অচূৰীয়াসকলে আহি ইস্ৰায়েলক আক্ৰমণ কৰা অৰ্থাৎ ভৱিষ্যতবাণী কৰা ঠিক ৬০ বছৰৰ পিছত আমোচে কোৱা কথাশাৰীৰ পূৰ্ণতা হোৱা দেখা গʼল।
ঈশ্বৰৰ ন্যায়-বিচাৰ নিৰ্ব্বাচিত
১৭, ১৮. আমোচ ৯ অধ্যায়ত যিহোৱাৰ দয়াৰ বিষয়ে কি প্ৰকাশ কৰিছে?
১৭ যিহোৱাৰ ন্যায়-বিচাৰ যে উপযুক্ত আৰু অনিবাৰ্য্য, তাক বুজিবলৈ আমোচৰ ভৱিষ্যতবাণীয়ে আমাক সহায় কৰিলে। তদুপৰি এই কিতাপখনে কৈছে যে তেওঁৰ ন্যায়-বিচাৰ নিৰ্ব্বাচিত। তেওঁ দুষ্টবোৰক বিচাৰি উলিয়াই ন্যায়-বিচাৰ কৰে। আনহাতে তেওঁ মনপালটন কৰা আৰু ধাৰ্ম্মিক ব্যক্তিবিলাকৰ প্ৰতি দয়া দেখুৱায়। এই বিষয়ে আমোচৰ শেষ অধ্যায়ত সুন্দৰকৈ আলোকপাত কৰা হৈছে।
১৮ আমোচ ৯ অধ্যায় ৮ পদত যিহোৱাই এইদৰে কৈছে: “যাকোবৰ বংশক মই নিঃশেষে উচ্ছন্ন নকৰিম।” পিছলৈ সেই একেই অধ্যায়ৰ ১৩-১৫ পদত কৈছে যে তেওঁ নিজৰ লোকসকলৰ “বন্দী-অৱস্থা পৰিৱৰ্ত্তন” কৰিব। তেওঁলোকলৈ দয়া দেখুৱা হʼব আৰু পুনৰাই দেশত হোৱা সমৃদ্ধি আৰু সুৰক্ষাৰ বাবে তেওঁলোক অতি আনন্দিত হʼব। তদুপৰি যিহোৱাই প্ৰতিজ্ঞা কৰি কৈছে যে, ‘হালোৱাই শস্য দাওঁতাক লগ ধৰিব।’ কল্পনা কৰক যে শস্যৰ পৰিমাণ ইমানেই অধিক হʼব, কিছুমান শস্য আগন্তুক বছৰত হাল বোৱা আৰু নকৈ গুটি সিচাঁ পৰ্য্যন্ত পথাৰত দাবলৈ বাকী থাকিব!
১৯. যিহূদা আৰু ইস্ৰায়েলৰ অৱশিষ্ট জাতিৰ সৈতে কি ঘটিল?
১৯ গতিকে এইটো কʼব পৰা যায় যে যিহূদা আৰু ইস্ৰায়েলৰ কুকৰ্ম্মীবিলাকৰ ওপৰত অহা ধ্বংস নিৰ্ব্বাচিত আছিল। কিন্তু মন পালটন আৰু ধাৰ্ম্মিক ব্যক্তিবিলাকলৈ দয়া দেখুৱা হৈছিল। সা.যু.পূ ৫৩৭ চনত ইস্ৰায়েলৰ অৱশিষ্ট জাতি বাবিলৰ দাসত্বৰ পৰা মুক্তি হৈ স্বদেশলৈ ঘূৰি অহাত আমোচ ৯ অধ্যায়ত উল্লেখ কৰা পুনৰ স্থাপনাৰ ভৱিষ্যতবাণী পূৰ্ণতা হয়। পুনৰাই স্বদেশলৈ ঘূৰি আহি তেওঁলোকে সত্য উপাসনা স্থাপিত কৰিলে। তদুপৰি এক উত্তম পৰিৱেশৰ মাজত তেওঁলোকে নিজৰ বাবে ঘৰ নিৰ্মাণ কৰিছিল আৰু দ্ৰাক্ষালতাৰ বাৰী পাতিছিল।
যিহোৱাৰ ন্যায়-বিচাৰ নিশ্চিত
২০. ন্যায়-বিচাৰৰ সম্বন্ধে থকা আমোচৰ ভৱিষ্যতবাণীক বিবেচনা কৰি আমি কেনে আশ্বাস ৰাখা উচিত?
২০ ন্যায়-বিচাৰৰ সম্বন্ধে থকা আমোচৰ ভৱিষ্যতবাণীৰ বিষয়ে বিবেচনা কৰি আমি আশ্বাস ৰাখিব পাৰোঁ যে যিহোৱাই আমাৰ সময়ত থকা দুষ্টবোৰক নিশ্চয়ে উচ্ছন্ন কৰিব। আমি কিয় এই কথাষাৰক বিশ্বাস কৰিব পাৰোঁ? প্ৰথমতে, অতীতত দুষ্টবোৰৰ সৈতে ঈশ্বৰে কৰা আচৰণে দেখুৱাইছে যে তেওঁ আমাৰ সময়তো সেই একেইদৰে কৰিব। দ্বিতীয়তে, ভক্তিহীন যিহূদাৰ লোকৰ ওপৰত অনা ধ্বংসই দেখুৱাইছে যে যিহোৱাই নিশ্চয়ে বৰ্তমান খ্ৰীষ্টীয়জগতৰ ন্যায়-বিচাৰ কৰিব, যি “বাবিল মহা-নগৰ” অৰ্থাৎ মিছা ধৰ্ম্মৰ সাম্ৰাজ্যৰ প্ৰমুখ ভূমিকা আদায় কৰিছে।—প্ৰকাশিত বাক্য ১৮:২.
২১. খ্ৰীষ্টীয়জগতে কিয় শাস্তি পোৱাৰ যোগ্য?
২১ নিঃসন্দেহ, খ্ৰীষ্টীয়জগতে শাস্তি পোৱাৰ যোগ্য। কিয়নো তাইৰ ধাৰ্ম্মিক আৰু নৈতিক স্তৰবোৰৰ পতন স্পষ্টকৈ দেখিবলৈ পোৱা গৈছে। সেয়েহে তাই অৰ্থাৎ খ্ৰীষ্টীয়জগত আৰু চয়তানৰ ৰীতি-ব্যৱস্থাৰ ওপৰত আহিলগীয়া ধ্বংস একেবাৰে উপযুক্ত। তদুপৰি এই ধ্বংস অনিবাৰ্য্য আৰু যেতিয়া তাই ধ্বংসৰ সম্মুখীন হʼব তেতিয়া আমোচ ৯ অধ্যায়ৰ ১ পদটোত লিখা এই বাক্যবোৰৰ পূৰ্ণতা হʼব: “তেওঁবিলাকৰ মাজৰ এজনেও পলাব নোৱাৰিব, আৰু তেওঁবিলাকৰ মাজৰ এজনেও সাৰিব নোৱাৰিব।” বাস্তৱতে দুষ্টবোৰ যʼতেই লুকাই নাথাকক কিয়, যিহোৱাই সিহঁতক বিচাৰি উলিয়াব।
২২. যিহোৱাৰ ন্যায়-বিচাৰৰ সম্বন্ধে ২ থিচলনীকীয়া ১:৬-৮ পদত কিহৰ বিষয়ে বিতংকৈ কৈছে?
২২ যিহোৱাৰ ন্যায়-বিচাৰ সদায়ে উপযুক্ত, অনিবাৰ্য্য আৰু নিৰ্ব্বাচিত। এই সত্যতাৰ বিষয়ে আমি পাঁচনি পৌলে কোৱা বাক্যশাৰীত দেখিবলৈ পাওঁ, যʼত তেওঁ এইদৰে কৈছে: “যি সময়ত প্ৰভু যীচু তেওঁৰ পৰাক্ৰম-সাধক দুতবিলাকে সৈতে জ্বলন্ত অগ্নিত স্বৰ্গৰ পৰা প্ৰকাশিত হৈ, ঈশ্বৰক নজনাবোৰৰ আৰু আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ শুভবাৰ্ত্তা নমনাবোৰৰ প্ৰতিকাৰ সাধিব, সেই সময়ত প্ৰতিফলস্বৰূপে, তোমালোকক ক্লেশ দিওঁতাবোৰক ক্লেশ, আৰু ক্লেশ পোৱা যি তোমালোক, তোমালোকক আমাৰে সৈতে বিশ্ৰাম দিয়াই, ঈশ্বৰে দেখাতে ন্যায় কাৰ্য্য।” (২ থিচলনীকীয়া ১:৬-৮) গতিকে ঈশ্বৰৰ অৱশিষ্ট লোকবিলাকৰ ওপৰত যি সকলে ক্লেশ আনে তেওঁবিলাকক ন্যয়া-বিচাৰ কৰা সঙ্কল্প লৈ তেওঁ “ন্যায় কাৰ্য্য” কৰিছে। দুষ্টবোৰৰ ওপৰত আহিবলগীয়া সেই ধ্বংস অনিবাৰ্য্য আৰু “যীচু তেওঁৰ পৰাক্ৰম-সাধক দূতবিলাকে সৈতে জলন্ত অগ্নিত স্বৰ্গৰ পৰা প্ৰকাশিত” হোৱা সময়ত সিহঁতে কোনোপধ্যেই সাৰিব নোৱাৰিব। তদুপৰি সেই ন্যায়-বিচাৰ কেৱল নিৰ্ব্বাচিত অৰ্থাৎ ‘ঈশ্বৰক নজনাবোৰৰ আৰু শুভবাৰ্ত্তা নমনাবোৰৰ’ ওপৰত কৰা হʼব, যʼত যীচুৱে তেওঁবিলাকৰ প্ৰতিকাৰ সাধিব। ইয়াৰ বিপৰীতে এই ন্যায়-বিচাৰ ক্লেশত পীড়িত ঈশ্বৰৰ লোকসকলৰ বাবে শান্ত্বনাৰ বিষয় হʼব।
ধাৰ্ম্মিক ব্যক্তিসকলৰ বাবে আশা
২৩. আমোচৰ কিতাপত কেনে ধৰণৰ আশা আৰু শান্ত্বনা পোৱা যায়?
২৩ ধাৰ্ম্মিক ব্যক্তিসকলৰ বাবে আমোচৰ ভৱিষ্যতবাণীয়ে এক অত্যুত্তম আশা আৰু শান্ত্বনা প্ৰদান কৰিছে। উদাহৰণস্বৰূপে, ভৱিষ্যতবাণীৰ অনুসাৰে প্ৰাচীন সময়ত যিহোৱাই সকলোকে ধ্বংস কৰা নাছিল। বন্দী হৈ যোৱা যিহূদা আৰু ইস্ৰায়েলৰ অৱশিষ্ট লোকবিলাকক পুনৰাই স্বদেশলৈ ঘূৰাই আনি শান্তি আৰু সুৰক্ষা স্থাপিত কৰিছিল। এই কথাষাৰে আজি আমাৰ বাবে কি অৰ্থ ৰাখে? ইয়াৰ অৰ্থ হৈছে যিহোৱাই দুষ্টবোৰক বিচাৰি উলিয়াই ধ্বংস কৰাৰ উপৰি তেওঁৰ দয়া পোৱাৰ যোগ্য ব্যক্তিসকলক একত্ৰিত কৰিব, যাতে তেওঁলোকে এই পৃথিৱীত জীয়াই থাকিব পাৰে।
২৪. বৰ্তমান সময়ৰ যিহোৱাৰ সাক্ষীসকলে কেনে ধৰণে আশীৰ্ব্বাদ লাভ কৰিছে?
২৪ দুষ্টবিলাকক যিহোৱাৰ ন্যায়-বিচাৰ কৰাৰ সময়লৈ অপেক্ষা কৰি থকালৈকে তেওঁৰ বিশ্বাসী উপাসক হিচাপে আমাৰ কেনে অভিজ্ঞতা হৈছে? যিহোৱাই আমাক আধ্যাত্মিকভাৱে সমৃদ্ধিশীল কৰা নাইনে বাৰু! আমি খ্ৰীষ্টীয়জগতৰ মিছা আৰু বিভ্ৰান্তিজনক শিক্ষাৰ পৰা সম্পূৰ্ণকৈ পৃথকে থাকি সত্য উপাসনাত ভাগ লৈ আনন্দিত হৈছোঁ। তদুপৰি আমি প্ৰচুৰমাত্ৰাত আধ্যাত্মিক আহাৰৰ দ্বাৰা তৃপ্ত হৈছোঁ। কিন্তু মনত ৰাখা উচিত যে এনে আশীৰ্ব্বাদসমূহৰ সৈতে এক গুৰুত্বপূৰ্ণ দায়িত্বও সন্মিলিত আছে। সেই গুৰুত্বপূৰ্ণ দায়িত্ব হৈছে আনক আহিবলগীয়া ন্যায়-বিচাৰৰ বিষয়ে প্ৰচাৰ কৰা আৰু স্বয়ং যিহোৱায়েও আমি তেনে কৰাটো অপেক্ষা কৰে। “অনন্ত জীৱন পাবলৈ নিৰূপিত” থকা সকলক সকলো প্ৰকাৰে অনুসন্ধান কৰি উলিয়াবলৈ আমি আন্তৰিকতাৰে ইচ্ছা কৰোঁ। (পাঁচনিৰ কৰ্ম্ম ১৩:৪৮) দৰাচলতে আমি বৰ্তমান সময়ত আধ্যাত্মিকৰূপে উপভোগ কৰা আনন্দক সকলোৰে সৈতে বিতৰণ কৰিবলৈ বিচাৰোঁ। তদুপৰি তেওঁলোকে আহিবলগীয়া ধ্বংসৰ পৰা ৰক্ষা পোৱাটো হৈছে আমাৰ আন্তৰিক ইচ্ছা। অৱশ্যে, এই আশীৰ্ব্বাদসমূহৰ আনন্দ উপভোগ কৰিবলৈ হʼলে আমি উপযুক্ত হৃদয় ৰাখা উচিত। এই বিষয়ে আমি অধিককৈ পৰৱৰ্তী লেখত উল্লেখ কৰা আমোচৰ ভৱিষ্যতবাণীত শিকিবলৈ পাম। (w04 11/15)
আপুনি কেনেকৈ উত্তৰ দিব?
• আমোচৰ ভৱিষ্যতবাণীয়ে কেনেকৈ প্ৰকাশ কৰিছে যে যিহোৱাৰ ন্যায়-বিচাৰ সদায়ে উপযুক্ত?
• যিহোৱাৰ ন্যায়-বিচাৰ যে অনিবাৰ্য্য, তাক আমোচে কেনেকৈ প্ৰমাণিত কৰিলে?
• যিহোৱাৰ ন্যায়-বিচাৰ যে নিৰ্ব্বাচিত, এই বিষয়ে আমোচৰ কিতাপখনে কেনেকৈ দাঙি ধৰিছে?
[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]