পৰমদেশৰ প্ৰতি থকা আশা ভাৰসাযোগ্যনে?
পৰমদেশৰ প্ৰতি থকা আশা ভাৰসাযোগ্যনে?
‘খ্ৰীষ্টত আশ্ৰয় লোৱা এনে এজন মানুহক মই জানো, . . . যাক পৰমদেশলৈ নিয়া হʼল।’—২ কৰিন্থীয়া ১২:২-৪.
১. বহুতে বাইবেলত উল্লেখ কৰা কেনে ভৱিষ্যতবাণীবোৰ পঢ়ি আনন্দত উল্লাসিত হয়?
পৰমদেশ! এই শব্দটো প্ৰথমবাৰ শুনি আপুনি কেনে অনুভৱ কৰিছিল, সেই বিষয়ে উপলব্ধি কৰিব পাৰিছেনে? আপুনি হয়তো ‘অন্ধবিলাকৰ চকু খোলা, কলাবোৰৰ কাণ মুকলি হʼব, অৰণ্যত আৰু মৰুভূমিত জুৰিবোৰ ওলাব’ বুলি শিকাৰ বিষয়ে স্মৰণ কৰিব পাৰে। বা ৰাংকুকুৰে ভেৰা পোৱালিৰ লগত বাস আৰু বাঘে ছাগ পোৱালিৰ লগত শয়ন কৰা সম্বন্ধে থকা ভৱিষ্যতবাণীৰ বিষয়ে জানি আপোনাৰ মন আনন্দত প্ৰফুল্লিত হোৱা নাছিলনে? তদুপৰি মৃতবিলাক পুনৰাই জী উঠি পৰমদেশত থাকিব বুলি শুনি আপুনি আচৰিত হোৱা নাছিলনে?—যিচয়া ১১:৬; ৩৫:৫, ৬; যোহন ৫:২৮, ২৯.
২, ৩. (ক) বাইবেল আধাৰিত আপোনাৰ আশা অসাৰ নহয় বুলি কিয় কʼব পাৰি? (খ) এই আশাৰ প্ৰতি দৃঢ় হোৱাৰ আন এটা কাৰণ কি?
২ আপুনি ৰাখা এই আশা অৱশ্যেই অসাৰ নহয়। বাস্তৱতে আপুনি পৰমদেশৰ সম্বন্ধে বাইবেলত লিপিবদ্ধ থকা ভবিষ্যতবাণীবোৰৰ ওপৰত নিশ্চয়ে বিশ্বাস কৰিব পাৰে। উদাহৰণস্বৰূপে, যীচুৱে মৃত্যুৰ কিছু সময়ৰ পূৰ্বে তেওঁৰ কাষত থকা দুষ্কৰ্ম্মী ব্যক্তিজনক কোৱা কথাষাৰক আপুনি নিশ্চয়ে বিশ্বাস কৰে, যʼত তেওঁ এইদৰে কৈছিল: “তুমি আজিয়েই পৰমদেশত মোৰ সঙ্গী হবা।” (লূক ২৩:৪৩) ইয়াৰ উপৰিও আপুনি এই প্ৰতিজ্ঞাৰ ওপৰতো বিশ্বাস কৰে, যʼত এইদৰে কৈছে: “নতুন আকাশ-মণ্ডল আৰু নতুন পৃথিবীলৈ অপেক্ষা কৰি আছোঁ; সেইবোৰত ধাৰ্ম্মিকতা নিবাস কৰে।” আনকি ঈশ্বৰে আমাৰ আটাই চকুলো মচিব আৰু তাত মৃত্যু, শোক, ক্ৰন্দন, বেদনাও নহʼব। ইয়াৰ অৰ্থ হৈছে পৃথিৱীখন পুনৰাই পৰমদেশলৈ ৰূপান্তৰিত কৰা হʼব!—২ পিতৰ ৩:১৩; প্ৰকাশিত বাক্য ২১:৪.
৩ এই পৃথিৱীখন পৰমদেশলৈ পৰিণত হোৱাৰ প্ৰতি দৃঢ় আশা ৰাখা আন এটা কাৰণ হৈছে, বৰ্তমান বিশ্বজুৰি প্ৰকৃত খ্ৰীষ্টানসকলে বাস কৰা দেশখন। সেইখন কেনে প্ৰকাৰৰ দেশ? ঈশ্বৰৰ দ্বাৰা নিৰ্মিত সেই দেশখন হৈছে আধ্যাত্মিক পৰমদেশ, যʼত তেওঁ নিজৰ লোকসকলক একত্ৰিত কৰিছে। হয়তো এই “আধ্যাত্মিক পৰমদেশখন” অস্তিত্বত থকাটো কাল্পনিক যেন লাগিব পাৰে। কিন্তু ইয়াৰ বিষয়ে বহু সময়ৰ আগেয়ে ভৱিষ্যতবাণী কৰা হৈছিল আৰু বৰ্তমান ই কাৰ্য্যকাৰীৰূপে অস্তিত্বত আছে।
পৰমদেশৰ দৰ্শন
৪. কেনে এক দৰ্শনৰ বিষয়ে ২ কৰিন্থীয়া ১২:২-৪ পদত লিপিবদ্ধ কৰা হৈছে আৰু সম্ভৱতঃ কোনে এই দৰ্শন দেখিছিল?
৪ এই সম্পৰ্কে পাঁচনি পৌলে কেনে বিচাৰধাৰা দাঙি ধৰিছিল, সেই বিষয়ে বিবেচনা কৰক। তেওঁ এইদৰে কৈছিল: “খ্ৰীষ্টত আশ্ৰয় লোৱা এনে এজন মানুহক মই জানো . . . তেওঁক তৃতীয় স্বৰ্গলৈ নিয়া হৈছিল। সেইৰূপ মানুহক মই জানো,—সশৰীৰেৰে নে বিনাশৰীৰেৰে তাকহে মই নাজানো, ঈশ্বৰে জানে,—তেওঁক পৰম-দেশলৈ নিয়া হলত, তেওঁ অনিৰ্ব্বচনীয় আৰু মানুহে কব নোপোৱা কথা শুনিবলৈ পাইছিল।” (২ কৰিন্থীয়া ১২:২-৪) এই বাক্যশাৰী আমি পাঁচনি পৌলে নিজৰ শিষ্যত্বৰ বিষয়ে প্ৰমাণ দিয়াৰ পিছত, সেই একেই অধ্যায়ৰ দুই পদটোত পঢ়িবলৈ পাওঁ। তদুপৰি পৰমদেশৰ দৰ্শনৰ বিষয়ে আমাক পাঁচনি পৌলৰ বাহিৰে আন কোনোৱেও কʼব নোৱাৰে। গতিকে অনুমান কৰিব পৰা যায় যে তেৱেঁই দৰ্শন দেখা সেই ব্যক্তিজন আছিল। তেন্তে সেই দৰ্শনত তেওঁ কেনে ধৰণৰ “পৰমদেশত” প্ৰৱেশ কৰা দেখিছিল?—২ কৰিন্থীয়া ১১:৫, ২৩-৩১.
৫. পাঁচনি পৌলে কি দেখা নাছিল আৰু সেই ‘পৰমদেশ’ বাস্তৱিক নে আধ্যাত্মিক আছিল?
৫ এই সন্দৰ্ভত উল্লেখ কৰা “তৃতীয় স্বৰ্গ” আমাৰ চাৰিওফালে থকা বায়ুমণ্ডল বা মহাকাশৰ বিষয়ে বুজোৱা নাই। বাইবেলত সদায়ে কোনো এষাৰ কথাক জোৰ দি বা ইয়াৰ গভীৰতাক বুজাবলৈ তিনি সংখ্যাটো ব্যৱহাৰ কৰা হৈছে। (উপদেশক ৪:১২; যিচয়া ৬:৩; মথি ২৬:৩৪, ৭৫; প্ৰকাশিত বাক্য ৪:৮) গতিকে পাঁচনি পৌলে দেখা দৰ্শন উচ্চ বা মহৎ আছিল আৰু ই আধ্যাত্মিকতাক বুজাইছিল।
৬. কেনে ঐতিহাসিক ঘটনাই আমাক পাঁচনি পৌলে দেখা দৰ্শনৰ বিষয়ে অন্তৰ্দৃষ্টি প্ৰদান কৰে?
৬ অতীতত পূৰ্ণ হোৱা ভৱিষ্যতবাণীবোৰে আমাক ঈশ্বৰৰ উদ্দেশ্যৰ বিষয়ে বুজিবলৈ অন্তৰ্দৃষ্টি প্ৰদান কৰে। উদাহৰণস্বৰূপে, ঈশ্বৰে অবিশ্বাসী ইস্ৰায়েলসকলক অন্য জাতি অৰ্থাৎ বাবুলীয়াৰ হাতত শোধাই দিয়াৰ উপৰিও তেওঁলোকৰ সুন্দৰ নগৰ যিহূদা আৰু যিৰূচালেম ধ্বংস কৰিবলৈ সিদ্ধান্ত লয়। বাইবেলৰ অনুসাৰে এই ঐতিহাসিক ঘটনা সা.যু.পূ. ৬০৭ চনত ঘটিছিল। তদুপৰি ৭০ বছৰ ধৰি তেওঁবিলাকৰ দেশ নিৰ্জন হৈ থাকিব আৰু পুনৰাই বিশ্বাসী ইহুদীসকল ঘূৰি আহি সত্য উপাসনা স্থাপিত কৰিব, এই সম্বন্ধেও ভৱিষ্যতবাণী কৰা হৈছিল। এই ভৱিষ্যতবাণীৰ পূৰ্ণতা সা.যু.পূ. ৫৩৭ চনত হোৱা দেখা গʼল। (দ্বিতীয় বিবৰণ ২৮:১৫, ৬২-৬৮; ২ ৰাজাৱলি ২১:১০-১৫; ২৪:১২-১৬; ২৫:১-৪; যিৰিমিয়া ২৯:১০-১৪) সেই নিৰ্জন হৈ থকা দেশখনৰ বিষয়ে কি কʼব পাৰি? সেই ৭০ বছৰৰ সময়ছোৱাত সেই দেশখন অৰণ্যত পৰিণত আৰু বনৰীয়া জীৱ-জন্তু অৰ্থাৎ শিয়ালৰ বাসস্থান হৈছিল। (যিৰিমিয়া ৪:২৬; ১০:২২) কিন্তু সেই দেশখন পুনৰাই পৰমদেশলৈ কেনেকৈ পৰিণত কৰা হʼব, তাৰ বিষয়ে এইদৰে প্ৰতিজ্ঞা কৰা হৈছিল: “যিহোৱাই চিয়োনক শান্ত্বনা কৰিলে, তেওঁ তাৰ সকলো উচ্ছন্ন ঠাইক শান্ত্বনা কৰিলে, আৰু তাৰ অৰণ্য এদনৰ তুল্য, আৰু তাৰ মৰুভূমি যিহোৱাৰ উদ্যানৰ [বা পৰমদেশৰ, ছেপ্টুৱেজিন্ট্] নিচিনা” কৰিব—যিচয়া ৫১:৩.
৭. সত্তৰ বছৰ জৰাজীৰ্ণ অৱস্থাত থকাৰ পিছত কি ঘটিল?
৭ এই ভৱিষ্যতবাণীৰ পূৰ্ণতা ৭০ বছৰৰ পিছত হৈছিল। ঈশ্বৰৰ সহায়েৰে পুনৰাই সেই দেশখন পৰমদেশলৈ পৰিণত কৰা হʼল। আপুনি সেই পৰিস্থিতিবোৰৰ বিষয়ে এইদৰে কল্পনা কৰিব পাৰে: “অৰণ্য আৰু নিৰ্জন ঠাই আনন্দিত হব, আৰু মৰুভূমি উল্লাসিত হৈ গোলাপ ফুলৰ নিচিনা প্ৰফুল্লিত হব। সেয়ে অধিককৈ ফুলিব, আনন্দ আৰু গানেৰে সৈতেও উল্লাসিত হব; . . সেই কালত খোৰাই হৰিণীৰ দৰে ডেও দিব, আৰু বোবাবিলাকৰ জিবাই গান কৰিব; কিয়নো অৰণ্যত জল আৰু মৰুভূমিত জুৰিবোৰ ওলাব। মৰীচিকা জলাশয় হৈ যাব, আৰু খৰাং মাটি ভুমুক হৈ যাব; শিয়ালৰ নিবাস, সিহঁতৰ শোৱা ঠাই ঘাঁহনি আৰু নল খাগৰিৰ ঠাই হব।”—যিচয়া ৩৫:১-৭.
এক জাতিক প্ৰতিষ্ঠিত আৰু নিৰ্জন ভূমিক ৰূপান্তৰিত কৰা
৮. আমি কেনেকৈ জানো যে যিচয়া ৩৫ অধ্যায়টো কেৱল লোকসকলৰ সম্বন্ধে হোৱা পৰিৱৰ্তনৰ বিষয়ে উল্লেখ কৰিছিল?
৮ নিৰ্জন ভূমি পৰমদেশলৈ পৰিণত হোৱাটো কিযে এক ৰূপান্তৰণ আছিল! তদুপৰি এনে পৰিৱৰ্তন যে লোকসকলৰ মাজতো দেখা যাব, তাৰ প্ৰমাণো আন ভৱিষ্যতবাণীবোৰে দাঙি ধৰিছিল। আমি তেনেদৰে কিয় কʼব পাৰোঁ? মন কৰক যে ভৱিষ্যতবক্তা যিচয়াই ‘যিহোৱাৰ দ্বাৰা উদ্ধাৰ পোৱা লোকবিলাকে গীত গাই অহাৰ উপৰি আমোদ আৰু আনন্দ’ পাব বুলি উল্লেখ কৰিছিল। (যিচয়া ৩৫:১০) সেই কথাষাৰ আক্ষৰিক ভূমিৰ বিষয়ে নহয়, কিন্তু লোকসকলৰ বাবেহে প্ৰযোজ্য আছিল। ইয়াৰ উপৰিও চিয়োনলৈ পুনৰাই লোকসকলক অনাৰ বিষয়ে যিচয়াই কৰা আন এক ভৱিষ্যতবাণীত এইদৰে উল্লেখ কৰিছিল: “তেওঁবিলাক ধৰ্ম্ম গছ, আৰু যিহোৱাৰ ভূষণৰ অৰ্থে তেৱেঁ পতা উদ্যান বুলি প্ৰখ্যাত হʼব। . . পৃথিবীয়ে যেনেকৈ নিজ গছবোৰৰ কলি মেলায়, . . . যিহোৱাই সকলো জাতিবিলাকৰ সাক্ষাতে ধাৰ্ম্মিকতা আৰু প্ৰশংসা উৎপন্ন কৰিব।” আনকি যিচয়াই ঈশ্বৰৰ লোকবিলাকৰ বিষয়ে এইদৰেও কৈছিল: “যিহোৱা সদায় তোমাৰ পথদৰ্শক হব, . . . আৰু তোমাৰ অস্থিবোৰ সবল কৰিব; তাতে তুমি ভালকৈ পানী দিয়া এক উদ্যানৰ নিচিনা হবা।” (যিচয়া ৫৮:১১; ৬১:৩, ১১; যিৰিমিয়া ৩১:১০-১২) যিদৰে নিৰ্জন ভূমি পৰিৱৰ্তন হʼবলগীয়া আছিল, ঠিক সেইদৰে বিশ্বাসী ইহুদীসকলৰ মাজতো এক বৃহৎ পৰিৱৰ্তন হʼবলগীয়া আছিল।
৯. পাঁচনি পৌলে দৰ্শনত কেনে ধৰণৰ “পৰমদেশ” দেখিছিল আৰু কেতিয়া ইয়াৰ পূৰ্ণতা হৈছিল?
৯ পাঁচনি পৌলে দৰ্শনত যি দেখিছিল, তাক বুজি পাবলৈ এই ঐতিহাসিক ঘটনাই আমাক সহায় কৰিব পাৰে। তেওঁ “ঈশ্বৰৰ ক্ষেত্ৰ” বুলি উল্লেখ কৰা উক্তিটোত খ্ৰীষ্টান মণ্ডলীখনো সন্মিলিত আছিল। (১ কৰিন্থীয়া ৩:৯) দৰাচলতে তেওঁ দেখা দৰ্শনৰ ‘গুপ্ত বিষয়টো’ কেতিয়া প্ৰকাশিত হʼবলগীয়া আছিল? ই অদূৰ ভৱিষ্যতে প্ৰকাশ হʼবলগীয়া আছিল। পাঁচনি পৌলে ভালদৰে জানিছিল যে তেওঁৰ মৃত্যুৰ পিছত ধৰ্ম্মত্যাগীসকল ব্যাপকভাৱে বৃদ্ধি হʼব। (২ কৰিন্থীয়া ১২:১; পাঁচনিৰ কৰ্ম্ম ২০:২৯, ৩০; ২ থিচলনীকীয়া ২:৩, ৭) ধৰ্ম্মত্যাগীসকলৰ এনে বৃদ্ধিত সত্য উপাসনা প্ৰায়ে লোপ পোৱা যেন লাগিব। কিন্তু সময়ে গতি কৰাৰ লগে লগে পুনৰাই সত্য উপাসনা শক্তিশালী হৈ উঠিব। অৰ্থাৎ ঈশ্বৰৰ লোকসকলক ‘পিতৃৰ ৰাজ্যত সূৰ্য্যৰ নিচিনা হৈ দীপ্তি প্ৰকাশ কৰিবলৈ’ প্ৰতিষ্ঠিত কৰা হʼব। (মথি ১৩:২৪-৩০, ৩৬-৪৩) এই কথাষাৰৰ সত্যতা স্বৰ্গত ঈশ্বৰৰ ৰাজ্য স্থাপিত হোৱাৰ কিছু বছৰৰ পিছত দেখা গৈছিল। সময় অনুযায়ী ঈশ্বৰৰ লোকবিলাকে আধ্যাত্মিক পৰমদেশৰ আনন্দ লাভ কৰিব, সেইয়া একেবাৰে স্পষ্ট হৈ পৰিছে। তদুপৰি এইয়ে হৈছে সেই গুপ্ত বিষয়টো যি পাঁচনি পৌলে দৰ্শনত দেখিছিল।
১০, ১১. অসিদ্ধ হোৱাৰ স্বত্ত্বেও আজি আমি আধ্যাত্মিক পৰমদেশত বাস কৰিছোঁ বুলি কিয় কʼব পাৰোঁ?
১০ যেনেকৈ পাঁচনি পৌলৰ দিনত খ্ৰীষ্টানসকলে সমস্যাৰ সম্মুখীন হৈছিল তেনেকৈ আমিও অসিদ্ধ হোৱাৰ বাবে অনেক সমস্যাৰ সম্মুখীন হʼম। (১ কৰিন্থীয়া ১:১০-১৩; ফিলিপীয়া ৪:২, ৩; ২ থিচলনীকীয়া ৩:৬-১৪) তথাপিও আমি বৰ্তমানে আধ্যাত্মিক পৰমদেশত থাকি লাভ কৰা আনন্দৰ বিষয়ে অস্বীকাৰ কৰিব নোৱাৰোঁ। আমি আধ্যাত্মিকভাৱে সুস্থ আৰু প্ৰচুৰমাত্ৰাত আধ্যাত্মিক আহাৰৰ দ্বাৰা তৃপ্ত হোৱা অনুভৱ কৰিছোঁ। তদুপৰি ঈশ্বৰৰ লোকসকলে আজি অনেক আশীৰ্ব্বাদৰ দ্বাৰাও আনন্দিত হোৱা দেখা গৈছে। (যিচয়া ৩৫:১, ৭) আমি আধ্যাত্মিকৰূপী অন্ধকাৰময় পৰিস্থিতিত থকাৰ পৰিৱৰ্তে ঈশ্বৰীয় জ্ঞানৰ দ্বাৰা স্বতন্ত্ৰ আৰু বাইবেলৰ বহুতো ভৱিষ্যতবাণীৰ তাৎপৰ্য্যতা বুজিবলৈ সক্ষম হৈছোঁ। (যিচয়া ৩৫:৫) উদাহৰণস্বৰূপে, অলপতে সমুদায় যিহোৱাৰ সাক্ষীসকলে দানিয়েল ভৱিষ্যতবাণীৰ পুস্তকখন বিতংকৈ অধ্যয়ন কৰিলে। আনকি তেওঁলোকে যিচয়া নামৰ কিতাপখনো মনোযোগেৰে অধ্যয়ন কৰি বহুতো বিষয়ে জ্ঞান লাভ কৰিলে। এনে ধৰণৰ আধ্যাত্মিক আহাৰৰ দ্বাৰা পোৱা সতেজতাই আমাক আধ্যাত্মিক পৰমদেশত থকাৰ বিষয়ে প্ৰমাণ নিদিয়েনে?
১১ ঈশ্বৰৰ বাক্যৰ অনুসাৰে চলি নিজৰ জীৱনত পৰিৱৰ্তন অনা ব্যক্তিসকলৰ বিষয়ে বিবেচনা কৰক। তেওঁলোকে অনেক পৰিশ্ৰম কৰি ঈৰ্ষাপূৰ্ণ স্বভাৱক ত্যাগ দিবলৈ সক্ষম হৈছে। আপুনিও হয়তো আন ভাই-ভনীসকলৰ দৰে কিছুমান বেয়া অভ্যাস ত্যাগ কৰি শান্তিপ্ৰিয় লোক হোৱাৰ পৰিচয় দিছে। (কলচীয়া ৩:৮-১৪) আপুনি যিহোৱাৰ সাক্ষীসকলৰ সৈতে সঙ্গতি কৰি জানিব পাৰিছে যে তেওঁলোক শান্তিপ্ৰিয় আৰু আনন্দিত লোক। যদিও তেওঁলোক সিদ্ধ মানৱ নহয়, তথাপিও তেওঁলোকৰ মাজত হিংস্ৰ সিংহৰ দৰে উগ্ৰ বা বনৰীয়া জন্তুৰ নিচিনা আক্ৰোহী স্বভাৱ দেখিবলৈ পোৱা নাযায়। (যিচয়া ৩৫:৯) এই শান্তিপ্ৰিয় লোকসকলৰ সৈতে হোৱা সঙ্গতিয়ে কিহৰ আভাস দিয়ে? নিশ্চয়ে ই আমি বৰ্তমান সময়ত উপভোগ কৰা আধ্যাত্মিক পৰমদেশৰ বিষয়ে বুজায়। আনহাতে, আমি বাস কৰা এই আধ্যাত্মিক পৰমদেশ ভৱিষ্যতে হʼবলগীয়া পাৰ্থিৱ পৰমদেশৰ এক পূৰ্বাভাস, যাৰ অধিকাৰী কেৱল ঈশ্বৰৰ আনুগত্য লোকসকল হʼব।
১২, ১৩. আধ্যাত্মিক পৰমদেশত থাকিবলৈ হʼলে আমি কি কৰা উচিত?
১২ যিয়ে নহওক, আমি সদায়ে ঈশ্বৰে ইস্ৰায়েলসকলক দিয়া এই আজ্ঞা মনত ৰাখা উচিত, যʼত তেওঁ এইদৰে কৈছিল: “তোমালোকে যি দেশ অধিকাৰ কৰিবলৈ পাৰ হৈ যাবা, বলৱান হৈ সেই দেশত সোমাই তাক অধিকাৰ কৰিবলৈ, . . . মই তোমালোকক যি ব্যৱস্থা দিওঁ, তোমালোকে সেই গোটেই ব্যৱস্থা পালন কৰিবা।” (দ্বিতীয় বিবৰণ ১১:৮, ৯) আনকি সেই একেই ভূমিৰ বিষয়ে লেবীয়া পুস্তক ২০:২২, ২৪ পদটো এইদৰে কৈছে: “এই হেতুকে তোমালোকে বাস কৰিবৰ নিমিত্তে যি দেশলৈ মই তোমালোকক লৈ আহিছোঁ, সেই দেশে যেন তোমালোকক বঁতিয়াই নেপেলায়, এই নিমিত্তে তোমালোকে মোৰ সকলো বিধি আৰু সকলো শাসন-প্ৰণালী পালন কৰিবা, আৰু সেই অনুসাৰে আচৰণ কৰিবা। কিন্তু মই তোমালোকক কলোঁ, তোমালোকেই সিহঁতৰ দেশ অধিকাৰ কৰিবা; মই তোমালোককেই অধিকাৰৰ অৰ্থে সেই গাখীৰ মৌ-জোল বৈ থকা দেশ দিম।” অৱশ্যে যিহোৱাৰ সৈতে ভাল সম্বন্ধ বজাই ৰাখিহে তেওঁবিলাকে সেই দেশখনত প্ৰৱেশ কৰিব পাৰিলেহেঁতেন। যিহেতু তেওঁবিলাকে তেনে কৰাত বিফল হোৱাৰ কাৰণে তেওঁবিলাকক বাবুলীয়াৰ হাতত শোধাই দিলে আৰু তেওঁলোকৰ বসতি স্থানৰ পৰা বহিষ্কাৰ কৰা হʼল।
১৩ বৰ্তমান আমি থকা আধ্যাত্মিক পৰমদেশখনত আনন্দিত হোৱাৰ বহুতো কাৰণ আছে। উদাহৰণস্বৰূপে, ইয়াৰ পৰিৱেশ যি আমাৰ মন সতেজ কৰি তোলে। আমি এনে ভাই-ভনীসকলৰ সৈতে শান্তি স্থাপিত কৰিব পাৰিছোঁ যি এসময়ত উগ্ৰ স্বভাৱৰ ব্যক্তি আছিল। তেওঁলোকে এতিয়া নম্ৰ আৰু সহায়কাৰী হʼবলৈ প্ৰচেষ্টা কৰিছে। দৰাচলতে আধ্যাত্মিক পৰমদেশত থাকিবলৈ কেৱল পৰস্পৰে উত্তম সম্বন্ধ বজাই ৰাখাটোৱেই যথেষ্ট নহয়, কিন্তু যিহোৱাৰ সৈতে আৰু তেওঁৰ ইচ্ছাৰ অনুসাৰে চলাও উচিত। (মীখা ৬:৮) ইয়াৰ বিপৰীতে, যদি আমি ঈশ্বৰৰ সৈতে উত্তম সম্বন্ধ বজাই ৰাখিবলৈ বিফল হওঁ, তেন্তে আমাক এই পৰমদেশত থাকিবলৈ অনুমতি দিয়া নহʼব।
১৪. আধ্যাত্মিক পৰমদেশত থাকিবলৈ আমাক কিহে সহায় কৰিব?
১৪ আধ্যাত্মিক পৰমদেশত থাকিবলৈ আমাক আন এটা গুৰুত্বপূৰ্ণ কাৰণে সহায় কৰিব আৰু সেইয়া হৈছে নিয়মীয়াকৈ ঈশ্বৰৰ বাক্য অধ্যয়ন কৰা। গীত ১:১-৩ পদত বৰ্ণনা কৰা লাক্ষণিক ভাষাৰ বিষয়ে বিবেচনা কৰক। তাত এইদৰে কোৱা হৈছে: “যি মানুহে দুষ্টবোৰৰ আলচত নচলে, . . . কিন্তু যিহোৱাৰ ব্যৱস্থাত সন্তুষ্ট হয়, আৰু দিনে-ৰাতিয়ে তেওঁৰ ব্যৱস্থা ধ্যান কৰে, সেই মানুহেই ধন্য। সেই মানুহ বতৰত ফল দিয়া, পাত জঁয় নপৰা বোৱঁতী পানীৰ দাঁতিত ৰোৱা গছৰ নিচিনা; সেই মানুহে কৰা সকলো কৰ্ম্ম সাম্ফল হয়।” তদুপৰি বিশ্বাসী বুদ্ধিমান দাসবৰ্গই প্ৰবন্ধ কৰা বাইবেল আধাৰিত প্ৰকাশনসমূহে আমাক সহায় কৰিব পাৰে।—মথি ২৪:৪৫-৪৭.
পৰমদেশৰ সম্বন্ধে থকা দৃষ্টিভঙ্গীক সবল কৰক
১৫. মোচিয়ে কিয় ইস্ৰায়েলসকলক পৰমদেশলৈ পৰিচালিত কৰিব নোৱাৰিলে, কিন্তু তেওঁ কি দৃষ্টি কৰিবলৈ সক্ষম হʼল?
১৫ পৰমদেশৰ সম্বন্ধে থকা আন এক পূৰ্বাভাসৰ বিষয়ে বিবেচনা কৰক। অৱশেষত, ৪০ বছৰ ধৰি অৰণ্যাঞ্চলত থকাৰ পিছত মোচিয়ে ইস্ৰায়েলসকলৰ সৈতে মোৱাবৰ সমতল ভূমিত উপস্থিত হয়। কিন্তু মোচিয়ে অতীতত কৰা ভুলৰ বাবে যিহোৱাই তেওঁক যৰ্দ্দন নদীৰ সিপাৰে অৱস্থিত থকা পৰমদেশত প্ৰৱেশ কৰিবলৈ অনুমতি নিদিলে। (গণনা পুস্তক ২০:৭-১২; ২৭:১২, ১৩) এইহেতুকে মোচিয়ে যিহোৱাক মিনতি কৰি এইদৰে কৈছিল: “বিনয় কৰোঁ, যৰ্দ্দনৰ সিপাৰে থকা সেই উত্তম দেশ, সুন্দৰ পৰ্ব্বতময় দেশ, আৰু লিবানোন দেখিবলৈ মোক পাৰ হৈ যাব দিয়া।” যদিও মোচিয়ে সেই দেশত প্ৰৱেশ কৰিব নোৱাৰিলে, তথাপিও তেওঁ পিচ্গা পৰ্ব্বতৰ ওপৰৰ পৰা সেই “উত্তম দেশখন” চাই অতি আনন্দিত হৈছিল। সেই দেশখনৰ সৌন্দৰ্য্যতাৰ বিষয়ে আপুনি কি ভাবে?—দ্বিতীয় বিবৰণ ৩:২৫-২৭.
১৬, ১৭. (ক) বৰ্তমান আৰু বাইবেলৰ সময়ত থকা প্ৰতিজ্ঞাত দেশৰ মাজত কেনে ভিন্নতা দেখিবলৈ পোৱা যায়? (খ) আমি কিয় কʼব পাৰোঁ যে এসময়ত প্ৰতিজ্ঞাত দেশখন পৰমদেশৰ নিচিনা আছিল?
১৬ যদি আপুনি বৰ্তমানে থকা সেই দেশখনৰ বিষয়ে ভাবে, তেন্তে ইয়াৰ চাৰিওফালে কেৱল বালিময়, পৰ্ব্বতৰে ভৰা আৰু নিৰ্জন ভূমি দেখা পাব। কিন্তু আজিৰ তুলনাত সেই দেশখন বাইবেলৰ সময়ত একেবাৰে ভিন্ন আছিল বুলি আপুনি বিশ্বাস কৰিব পাৰে। ড০ ওৱাল্টৰ চি. লʼডাৰমিল্ক নামৰ কৃষিবিদজনে ছাইনʼটিফিক্ আমেৰিকান নামৰ আলোচনীখনত বৰ্ণনা কৰি কৈছিল যে সেই দেশখন “এহেজাৰ বছৰৰ পিছৰ পৰা পতন হʼবলৈ ধৰিলে।” আগলৈ তেওঁ এইদৰে কৈছিল: “এই দেশখন সমৃদ্ধিশীল অৱস্থাৰ পৰা মৰুভূমিলৈ পৰিণত হোৱাৰ একমাত্ৰ দায়ী হৈছে মানৱ।” আনকি তেওঁৰ অন্বেষণৰ পৰা জানিব পৰা গৈছে যে, “সেই দেশখন এসময়ত চৰণীয়া পথাৰ আৰু গছ-গছনিৰে ভৰি আছিল।” কিন্তু মানুহৰ দুৰ্ব্যৱহাৰৰ বাবে ইয়াৰ “প্ৰাকৃতিক সৌন্দৰ্য্যতা” লোপ পালে।” *
১৭ আপুনি পঢ়া বিষয়বোৰ মনোযোগেৰে বিবেচনা কৰি জানিব পাৰিব যে প্ৰকৃততে এখন পৰমদেশ আছিল। তদুপৰি যিহোৱাই মোচিৰ দ্বাৰা ইস্ৰায়েলসকলক কি কৈছিল, তাৰ বিষয়ে সোঁৱৰণ কৰক। তেওঁ এইদৰে কৈছিল: “তোমালোকে যি দেশ অধিকাৰ চলাবলৈ পাৰ হৈ যাবা, সেয়ে পৰ্ব্বত আৰু উপত্যকা থকা দেশ, আৰু তাৰ মাটিয়ে আকাশৰ বৰষুণৰ পানী পান কৰে।”—দ্বিতীয় বিবৰণ ১১:৮-১২.
১৮. যিচয়া ৩৫:২ পদত উল্লেখ কৰা বিষয়বোৰে দেশান্তৰ হোৱা ইস্ৰায়েলসকলক প্ৰতিজ্ঞাত দেশখন দেখাত কেনে হʼব সেই বিষয়ে কল্পনা কৰাত কেনেকৈ সহায় কৰিলে?
১৮ প্ৰতিজ্ঞাত দেশৰ কিছুমান ঠাইৰ সৌন্দৰ্য্যতা আৰু উৎপাদনে আমাক পৰমদেশৰূপী পৰিস্থিতিৰ বিষয়ে মনত পেলায়। যিচয়া ৩৫ অধ্যায়ত উল্লেখ কৰা ভৱিষ্যতবাণীৰ প্ৰথম পূৰ্ণতা ইস্ৰায়েলসকল স্বদেশলৈ ঘূৰি অহাৰ পিছত হৈছিল। যাৰ বিষয়ে তেওঁ এইদৰে কৈছিল: “সেয়ে অধিককৈ ফুলিব, আনন্দ আৰু গানেৰে সৈতেও উল্লাসিত হব; লিবানোনৰ প্ৰতাপ, কৰ্মিল আৰু চাৰোণৰ শোভা তাক দিয়া হব; লোকবিলাকে যিহোৱাৰ প্ৰতাপ, আমাৰ ঈশ্বৰৰ শোভা দেখিবলৈ পাব।” (যিচয়া ৩৫:২) ইয়াত উল্লেখ কৰা লিবানোন, কৰ্মিল আৰু চাৰোণৰ সৌন্দৰ্য্যতাই নিশ্চয়ে ইস্ৰায়েলসকলৰ মন আৰু হৃদয় প্ৰফুল্লিত কৰিছিল।
১৯, ২০. (ক) প্ৰাচীন সময়ৰ চাৰোণ সমতল ভূমিৰ বিষয়ে বৰ্ণনা কৰক। (খ) আমি কেনেকৈ পৰমদেশৰ প্ৰতি থকা নিজৰ আশাক দৃঢ় কৰিব পাৰোঁ?
১৯ চমৰিয়া পৰ্ব্বতবোৰ আৰু ভূমধ্যসাগৰৰ মাজত অৱস্থিত থকা চাৰোণ সমতল ভূমিৰ বিষয়ে বিবেচনা কৰক। (১০ পৃষ্ঠাত থকা ছবিখন চাওক।) ই নিজৰ সৌন্দৰ্য্যতা আৰু উৎপাদনৰ বাবে বিখ্যাত আছিল। যিহেতু চাৰিওফালে উপত্যকা থকাৰ বাবে চাৰোণক গৰুৰ জাকবোৰৰ চৰণীয়া বা শোৱা ঠাই হিচাবেও জনা গৈছিল। তদুপৰি ইয়াৰ উত্তৰে ওক গছ-গছনিৰে ভৰা অৰণ্যবোৰ আছিল। (১ বংশাৱলি ২৭:২৯; পৰমগীত ২:১; যিচয়া ৬৫:১০) সেইবাবে যিচয়া ৩৫:২ পদে পুনঃস্থাপনা ঠাইখন সৌন্দৰ্য্যময় আৰু প্ৰতাপেৰে ভৰা পৰমদেশৰ নিচিনা হʼব বুলি ভৱিষ্যতবাণী কৰিছিল। আনকি পাঁচনি পৌলে দৰ্শনত দেখা আধ্যাত্মিক পৰমদেশৰ বিষয়েও সেই ভৱিষ্যতবাণীয়ে আভাস দিছিল। অৱশেষত, এই ভৱিষ্যতবাণীৰ সৈতে থকা আন ভৱিষ্যতবাণীবোৰে আমাৰ পাৰ্থিৱ পৰমদেশৰ আশাক দৃঢ় কৰিছে।
২০ আমি আধ্যাত্মিক পৰমদেশত থাকি নিজৰ মূল্যাঙ্কন বৃদ্ধি আৰু পাৰ্থিৱ পৰমদেশৰ প্ৰতি থকা আশাক দৃঢ় কৰিব পাৰোঁ। আমি কেনেকৈ তেনেদৰে কৰিব পাৰোঁ? বাইবেলৰ পৰা পঢ়া বিষয়বোৰত অন্তৰ্দৃষ্টি কৰাৰ দ্বাৰা তেনে কৰিব পাৰোঁ। উদাহৰণস্বৰূপে, বাইবেলৰ ভৱিষ্যতবাণী আৰু বিৱৰণীবোৰত সদায়ে নিৰ্দ্দিষ্ট স্থানবোৰৰ বিষয়ে উল্লেখ থাকে। সেই স্থানবোৰ কʼত অৱস্থিত, কেনেকৈ ভৌগোলিক উদ্ধৃতিৰ সৈতে সম্পৰ্ক আছে আৰু সেইবোৰৰ দ্বাৰা কেনে লাভ পোৱা যায়, তাৰ বিষয়ে আমি পৰৱৰ্তী লেখত আলোচনা কৰিম। (w04 10/15)
[ফুটনোট]
^ ডেনিছ বেলেই নামৰ ভৌগোলিকবিদজনে জিঅগ্ৰেফি অৱ দ্য বাইবেল নামৰ কিতাপখনত কয় যে, “বাইবেলৰ সময়ৰ পৰা সেই দেশখনৰ গছ-গছনি, উদ্ভিদ আদি পতন হʼবলৈ আৰম্ভ হৈছিল।” কিহৰ বাবে তেনে অৱস্থালৈ পৰিণত হʼল বুলি কʼব পাৰি? “মানুহে নিজৰ আৱশ্যকতা পূৰ কৰিবলৈ অৰ্থাৎ ইন্ধন আৰু ঘৰ নিৰ্ম্মাণ কাৰ্য্যৰ বাবে গছ-গছনিবোৰ কাটিছিল। . . . তেওঁলোকে নিজৰ স্বাৰ্থ পূৰ নোহোৱালৈকে গছ-গছনিবোৰ কাটি থাকিল। পৰিণামস্বৰূপে, বৰষুণৰ পৰিমাণ হ্ৰাস হৈ আহিল . . . ভূমি নিৰ্জনতালৈ পৰিণত হৈ ধ্বংস হʼবলৈ ধৰিলে।”
আপুনি উত্তৰ দিব পাৰিবনে?
• পাঁচনি পৌলে দৰ্শনত কেনে ধৰণৰ “পৰমদেশ” দেখিছিল?
• যিচয়া ৩৫ অধ্যায়ত উল্লেখ কৰা ভৱিষ্যতবাণীৰ প্ৰথম পূৰ্ণতা কেতিয়া হৈছিল আৰু ই কেনেকৈ পাঁচনি পৌলৰ দৰ্শনৰ সৈতে জড়িত আছে?
• আমি কেনেকৈ আধ্যাত্মিক পৰমদেশৰ প্ৰতি থকা নিজৰ মূল্যাঙ্কন বৃদ্ধি আৰু পাৰ্থিৱ পৰমদেশৰ আশাক দৃঢ় কৰিব পাৰিম?
[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]
[১০ পৃষ্ঠাৰ ছবি]
প্ৰতিজ্ঞাত দেশত থকা চাৰোণ সমতল ভূমি এখন উৎপাদনশীল ঠাই আছিল
[১০ পৃষ্ঠাৰ স্বীকৃতিপ্ৰাপ্ত ছবিসমূহ]
Pictorial Archive (Near Eastern History) Est.