Skip to content

Skip to table of contents

কৰ্ম্মস্থলত লোকসকলক সাক্ষী দিয়া

কৰ্ম্মস্থলত লোকসকলক সাক্ষী দিয়া

ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা প্ৰচাৰকসকলৰ ৰিপোৰ্ট

কৰ্ম্মস্থলত লোকসকলক সাক্ষী দিয়া

 পাঁচনি মথি, পিতৰ, আন্দ্ৰিয়, যাকোব আৰু যোহনৰ মাজত কেনে সমানতা দেখিবলৈ পোৱা গৈছিল? যীচুৱে তেওঁলোকক কৰ্ম্মস্থানৰ পৰা মাতিলে। পিতৰ, আন্দ্ৰিয়, যাকোব আৰু যোহনে মাছ ধৰাত ব্যস্ত থকাৰ সময়ত যীচুৱে তেওঁলোকক আমন্ত্ৰণ কৰি এইদৰে কৈছিল: “মোৰ পাছে পাছে আহাঁ।” মথিক কৰ লোৱা চʼৰাত বহি থকা সময়ত যীচুৱে নিজৰ শিষ্য হʼবলৈ আমন্ত্ৰণ কৰিলে।—মথি ৪:১৮-২১; ৯:৯.

লোকসকলক তেওঁলোকৰ কাৰ্য্যস্থলত সাক্ষাৎ কৰি সাক্ষী দি এক উত্তম ফলাফল লাভ কৰিব পাৰি। এই কথা মনত ৰাখি জাপানত থকা যিহোৱাৰ সাক্ষীসকলে এনে পদ্ধতিৰে প্ৰচাৰ কৰিবলৈ এক পৰিকল্পিত প্ৰচেষ্টা কৰিলে। তাৰ কেনে ফলাফল দেখা গʼল? কেৱল কিছু মাহৰ ভিতৰত হাজাৰ হাজাৰ লোকক পুনৰ সাক্ষাৎ আৰু প্ৰায় ২৫০ টা বাইবেল অধ্যয়ন আৰম্ভ কৰা হʼল। এই বিষয়ে তলত দিয়া অভিজ্ঞতাবোৰ বিবেচনা কৰক।

জাপানৰ ৰাজধানী টকিঅ’ চহৰত বাস কৰা এজন পূৰ্ণ-সময়ৰ প্ৰচাৰকে এখন ৰেস্তোৰাঁৰ মেনেজাৰক সাক্ষাৎ কৰে যিজনে প্ৰায় ৩০ বছৰৰ আগতে স্কুলত পঢ়ি থকাৰ সময়ত এজন সাক্ষীৰ সৈতে কথোপকথন হৈছিল। সেই সময়ত তেওঁক যি কোৱা হৈছিল সেই বিষয়ে যদিও ভালকৈ বুজি পোৱা নাছিল তথাপিও তেওঁ বাইবেলৰ প্ৰতি আগ্ৰহী আছিল। এতিয়া তেওঁ সেই আগ্ৰহ পুনৰাই জগাই তুলাত সুবিধা পালে আৰু জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায় * নামৰ কিতাপখনৰ পৰা বাইবেল অধ্যয়ন আৰম্ভ কৰিলে। ইয়াৰ উপৰিও তেওঁ প্ৰত্যেক নিশা বিছনালৈ যোৱাৰ পূৰ্বেই ব্যক্তিগতভাৱে বাইবেলখন পঢ়িবলৈ আৰম্ভ কৰিলে।

এগৰাকী বিশেষ অগ্ৰগামী প্ৰচাৰকে এটা কাৰ্য্যালয়লৈ গৈ মেনেজাৰক ফোন কৰিবলৈ তাৰ অভ্যৰ্থকগৰাকীক অনুৰোধ কৰে। মেনেজাৰজন নিজৰ অফিচত নথকাত সাক্ষী ভনীগৰাকীয়ে মেনেজাৰৰ হৈ টেলিফোনেৰে উত্তৰ দিয়া যুৱতীগৰাকীয়ে এইদৰে সোধে যে, “আপুনি মোৰ সৈতে কথোপকথন কৰিব বিচাৰিবনে?” টেলিফোনৰ জড়িয়তে অলপসময় কথোপকথন কৰাৰ পিছত সেই যুৱতীগৰাকীয়ে অভ্যৰ্থনা কক্ষ্যলৈ ওলাই আহে আৰু কয় যে তাই বাইবেলখন পঢ়িবলৈ আগ্ৰহী। সাক্ষী ভনীগৰাকীয়ে সেই যুৱতীগৰাকীক পুনৰ সাক্ষাৎ কৰিবলৈ ব্যৱস্থা কৰে আৰু এইদৰে যুৱতীগৰাকীয়ে ৰাতিপুৱা চাকৰিলৈ যোৱাৰ আগতে এখন পাৰ্কত বহি ভনীগৰাকীৰ সৈতে বাইবেল অধ্যয়ন কৰিবলৈ আৰম্ভ কৰে।

আন এটা কাৰ্য্যালয়ত এজন ব্যক্তিয়ে লক্ষ্য কৰে যে তেওঁৰ এগৰাকী সহকৰ্ম্মী মহিলাই বাৰ্ত্তা নুশুনাকৈ প্ৰহৰীবুৰুজ আৰু সচেতন! নামৰ আলোচনী গ্ৰহণ কৰে। কিন্তু সাক্ষী ভাইজনে সেই ঠাইৰ পৰা যোৱাৰ পিছত মহিলাগৰাকীয়ে সেই আলোচনী কেইখন শীঘ্ৰেই দলিয়াই পেলালে। ব্যক্তিজনে ঘৰলৈ গৈ নিজৰ পত্নী যি এগৰাকী যিহোৱাৰ সাক্ষী, তাইক সকলোবোৰ বৰ্ণনা কৰিলে আৰু কলে যে, ‘যদি তাইৰ ঠাইত মই থকা হʼলে, মই অন্তত তেওঁৰ বাৰ্ত্তাৰ প্ৰতি মনোযোগ দিলোঁহেঁতেন।’ তেওঁৰ এই কথোপকথনৰ বিষয়ে জীয়েকে শুনি আছিল আৰু পিছত তাই সেই বিষয়ে ব্যৱসায় এলেকাত সাক্ষী দিয়া ভাইজনক জনালে। সেই ভাইজনে অতি কম সময়ৰ ভিতৰতে ছোৱালীজনীৰ দেউতাকক সাক্ষাৎ কৰে আৰু এটা বাইবেল অধ্যয়ন আৰম্ভ হʼল। তাৰ পিছত সেই ব্যক্তিজনে নিয়মীয়াকৈ দেওবাৰৰ সভাত উপস্থিত হʼবলৈ আৰম্ভ কৰিলে।

কৰ্ম্মস্থলত লোকসকলক সাক্ষী দি আন এক প্ৰকাৰে লাভ প্ৰাপ্ত হʼল। জাপানত থকা বহুতো প্ৰচাৰকে দোকান, কাৰখানা আৰু কাৰ্য্যালয়বোৰলৈ গৈ পুনৰ সাক্ষাৎ কৰাত পাকৈত হৈ পৰিল। ইয়াৰ উপৰিও নিষ্ক্ৰিয় হৈ থকা লোকক সাক্ষাৎ আৰু তেওঁলোকৰ সৈতে অধ্যয়ন আৰম্ভ কৰা হʼল। অৱশ্যে সেই ফলাফল আচৰিতজনক আছিল। অলপতে মধ্য টকিঅ’ চহৰত থকা এটা মণ্ডলীয়ে ১০৮ টা বাইবেল অধ্যয়নৰ ৰিপোৰ্ট কৰিলে যাৰ সংখ্যা এক বছৰৰ আগতে পোৱা সংখ্যাতকৈ দুগুণ আছিল। (w04 4/1)

[ফুটনোট]

^ যিহোৱাৰ সাক্ষীসকলৰ দ্বাৰা প্ৰকাশিত।