পৃথিৱীখন পৰমদেশ হ’ব বুলি বিশ্বাস কৰিব পাৰেনে?
পৃথিৱীখন পৰমদেশ হʼব বুলি বিশ্বাস কৰিব পাৰেনে?
কেৱল কিছুমানেহে এই পৃথিৱীখন এখন পৰমদেশলৈ ৰূপান্তৰিত হʼব বুলি বিশ্বাস কৰে। কিন্তু বেছিভাগে বিশ্বাস কৰে যে তেনেদৰে কেতিয়াও নহʼব। ব্ৰায়ান লে মলি-নেউক্স নামৰ লিখকজনে লিখা দ্য চেক্ৰেড্ আৰ্থ নামৰ কিতাপখনৰ অনুসাৰে বহু কোটি বছৰৰ আগতে এই পৃথিৱীখন ‘এটা বৃহৎ মহাকাশীয় বিস্ফোৰণৰ’ দ্বাৰা অস্তিত্বত আহিল। সেই কিতাপখনত কোৱা হৈছে যে যদি মানুহে নিজে ইয়াক ধ্বংস নকৰে, বহুতে বিশ্বাস কৰে যে সমস্ত বিশ্বব্ৰহ্মাণ্ড কালক্ৰমে “পূৰ্বৰ অৱস্থালৈ ঘূৰি গৈ এটা জ্বলন্তময় আন্তঃস্ফোটন বললৈ পৰিণত হʼব।”
সোতৰ শতাব্দীত লিখক জন্ মিলটন নাম এজন ইংৰাজ কবিয়ে তেনেধৰণৰ কোনো নিৰাশাজনক বিচাৰধাৰা দাঙি ধৰা নাছিল। তেওঁ নিজৰ পেৰাডাইজ লষ্ট নামৰ বিখ্যাত কবিতাত লিখিছিল যে আদিতে ঈশ্বৰে পৃথিৱীখনক মানৱজাতিৰ বাবে পৰমদেশ কৰি স্ৰজন কৰিছিল। সেই প্ৰাচীন পৰমদেশখন লুপ্ত হʼল। যিহেতু মিলটনে বিশ্বাস কৰিছিল যে সেই পৰমদেশ পুনৰাই স্থাপন কৰা হʼব—যীচু খ্ৰীষ্ট নামৰ এজন ত্ৰাণকৰ্ত্তাই এদিন “তেওঁৰ বিশ্বাসীসকলক পুৰস্কাৰ দিব আৰু . . . স্বৰ্গত বা পৃথিৱীত তেওঁলোকে আশীৰ্ব্বাদ লাভ কৰিব।” সেয়েহে মিলটনে নিশ্চয়তাৰে এইদৰে কৈছিল: “তেতিয়া পৃথিৱীখন পৰমদেশলৈ পৰিণত হʼব।”
সেই পৰমদেশ স্বৰ্গত নে পৃথিৱীত হʼব?
মিলটনৰ দৰে বহুতো ধৰ্ম্মৰ লোকসকলে বিশ্বাস কৰে যে তেওঁলোকে এই পৃথিৱীখনত ভুগী থকা ভয়ঙ্কৰ সমস্যা আৰু দুখ-কষ্টৰ পৰা কালক্ৰমে কোনো প্ৰকাৰে ৰেহাই পাব। কিন্তু তেওঁলোকে সেই পুৰস্কাৰ কʼত পাব? “স্বৰ্গত নে পৃথিৱীত”? কিছুমানৰ অনুসাৰে পৃথিৱীত যে তেনে পৰিস্থিতি হʼব তাক বিশ্বাস কৰিবলৈ টান পায়। তেওঁলোকে কয় যে লোকসকলে কেৱল মৃত্যুৰ পিছত স্বৰ্গলৈ গৈ সেই “আশীৰ্ব্বাদ” লাভ কৰিব?
চি. মেকদানেল আৰু বি. লেংগ নামৰ লিখক দুজনে লিখা হেভেন—এ হিচট্ৰি নামৰ কিতাপখনে এইদৰে কৈছে যে দ্বিতীয় শতাব্দীত ধৰ্ম্মতত্ত্ববিৎ আইৰেনোৱাচে বিশ্বাস কৰিছিল যে ধাৰ্ম্মিক লোকসকলে পৰমদেশত জীৱনৰ পুনৰস্থাপনৰ কৰা হʼব আৰু “সেইটো কোনো অদূৰত থকা স্বৰ্গ ৰাজ্যত নহয় কিন্তু এই পৃথিৱীত স্থাপিত হʼব।” সেই কিতাপখনৰ অনুসাৰে যদিও ধৰ্ম্মীয় গুৰু জন কেলভিন আৰু মাৰ্টিন লুথাৰে স্বৰ্গত যোৱাৰ আশা কৰিছিল, কিন্তু তেওঁলোকে বিশ্বাস কৰিছিল যে “ঈশ্বৰে পৃথিৱীখন পুনৰ নতুন কৰিব।” আন ধৰ্ম্মসমূহৰ সদস্যসকলেও একেইদৰে বিশ্বাস কৰে। তদুপৰি মেকদানেল আৰু লেংগে এইদৰে কয় যে কিছুমান ইহুদী ব্যক্তিয়ে বিশ্বাস কৰিছিল যে ঈশ্বৰে নিজৰ সময়মতে সকলো মানুহৰ দুখ-কষ্ট “সম্পূৰ্ণকৈ আঁতৰ কৰিব আৰু আমি এই পৃথিৱীত অৰ্থপূৰ্ণভাৱে জীৱন-নিৰ্বাহ কৰিব পাৰিম।” ইয়াৰ উপৰিও দ্য এনচাইক্লোপিডিয়া অৱ মিড্ল ইচটাৰ্ন মাইথলজি এন্ড ৰীলিজিয়নে এইদৰে কয়, প্ৰাচীন সময়ৰ পাৰস্য বাসীসকলে বিশ্বাস কৰিছিল যে “পৃথৱীত পুনৰাই নতুন পৰিস্থিতি স্থাপন কৰা হʼব আৰু লোকসকলে আকৌ এবাৰ শান্তিৰে বাস কৰিব পাৰিব।”
তেওঁলোকে আশা কৰা সেই পৰমদেশীয় পৃথিৱীখনৰ কি হʼল? আমাৰ পৃথিৱীখন কেৱল অলপ সময়ৰ বাবে অস্তিত্বত আছেনে? প্ৰথম শতাব্দীৰ ইহুদী দাৰ্শনিক ফিলিয়ৰ অনুসাৰে মানুহে কেৱল অলপ “সময় দুখ-কষ্ট, বেদনাদায়ক অভিজ্ঞতাৰ” সম্মুখীন হোৱাৰ পিছত আত্মিক ৰাজ্যলৈ যাত্ৰ কৰিবনে? অথবা ঈশ্বৰে যেতিয়া পৃথিৱীখন সৃষ্টি কৰি মানুহক পৰমদেশীয় পৰিৱেশত ৰাখাৰ সময়ত তেওঁৰ মনত আন কোনো উদ্দেশ্য আছিলনে? মানৱজাতিয়ে বাস্তৱতে আধ্যাত্মিক পূৰ্ণতা হোৱা আৰু এই পৃথিৱীখনত আশীৰ্ব্বাদ লাভ কৰাটো দেখিবলৈ পাবনে? বাইবেলে এই বিষয়ে কি কৈছে তাক পৰীক্ষা নকৰে কিয়? বৰ্তমান সময়ত লাখ লাখ লোকে পৃথিৱীত অৱশ্যেই যুক্তিসঙ্গতভাৱে পৰমদেশ পুনৰ স্থাপন কৰা হʼব বুলি বিশ্বাস কৰাৰ দৰে আপুনিও কৰিব পাৰিব। (w03 11/15)
[৩ পৃষ্ঠাৰ ছবি]
জন্ মিলটন নামৰ ইংৰাজ কবিজনে বিশ্বাস কৰিছিল যে পৰমদেশ পুনৰ স্থাপন কৰা হʼব
[৩ পৃষ্ঠাৰ স্বীকৃতিপ্ৰাপ্ত ছবিসমূহ]
পৃথিৱী: U.S. Fish & Wildlife Service, Washington, D.C./NASA; John Milton: Leslie’s