Skip to content

Skip to table of contents

“যিহোৱা ক’ত” বুলি আপুনি প্ৰশ্ন কৰেনে?

“যিহোৱা ক’ত” বুলি আপুনি প্ৰশ্ন কৰেনে?

“যিহোৱা কʼত” বুলি আপুনি প্ৰশ্ন কৰেনে?

“তেওঁবিলাক মোৰ পৰা আঁতৰ হৈ গৈ . . . তেওঁবিলাকে নকলে, . . . ‘সেই যিহোৱা কʼত?’”—যিৰিমিয়া ২:৫, ৬.

১. মনত কেনে উদ্দেশ্য ৰাখি লোকসকলে “ঈশ্বৰৰ কʼত” আছে বুলি জানিব বিচাৰে?

 বহুতে এইদৰে প্ৰশ্ন কৰিছিল যে, “ঈশ্বৰ কʼত?” কʼবলৈ গলে, তেওঁলোকৰ কিছুমানে ‘সৃষ্টিকৰ্তা অথবা তেওঁ কʼত বাস কৰে?,’ বুলি সাধাৰণভাৱে জানিবলৈ চেষ্টা কৰিছে। অন্য কিছুমানে যেতিয়া কোনোবা দুৰ্যোগ বা কঠিন পৰিস্থিতিত ব্যক্তিগতভাৱে সম্মুখীন হয় তেতিয়া ঈশ্বৰে কিয় পদক্ষেপ লোৱা নাই বুলি জানিবলৈ প্ৰশ্ন কৰে। তদুপৰি এনে কিছুমান ব্যক্তিও আছে যিসকলে ঈশ্বৰৰ বিষয়ে অলপো জানিব নিবিচাৰে। কিয়নো তেওঁলোকৰ অনুসাৰে ঈশ্বৰৰ কোনো অস্তিত্ব নাই।—গীতমালা ১০:৪.

২. কোনসকলে ঈশ্বৰৰ বিষয়ে জানিবলৈ সফল হৈছে?

আনহাতে, এনে কিছুমান লোকো আছে যিসকলে ঈশ্বৰ প্ৰকৃততে অস্তিত্বত আছে বুলি বহুতো প্ৰমাণ পাইছে। (গীতমালা ১৯:১; ১০৪:২৪) তেওঁলোকৰ কিছুমানৰ হয়তো কিছুমাত্ৰাত বিভিন্ন ধৰণৰ ধৰ্মীয় বিশ্বাস থকাৰ বাবে তেনেদৰে জানিবলৈ ইচ্ছা কৰে। কিন্তু সত্যৰ প্ৰতি গভীৰ শ্ৰদ্ধা হোৱাৰ বাবে আজি লাখ লাখ লোকে সত্য ঈশ্বৰৰ বিষয়ে জানিবলৈ প্ৰেৰিত হৈছে। এই বিষয়ে কৰা তেওঁলোকৰ প্ৰচেষ্টা ব্যৰ্থ হোৱা নাই, কিয়নো ঈশ্বৰ “আমাৰ কাৰো পৰা দূৰ নহয়।”—পাঁচনিৰ কৰ্ম্ম ১৭:২৬-২৮.

৩. (ক) ঈশ্বৰৰ নিবাস-স্থান কʼত? (খ) “যিহোৱা কʼত” আছে বুলি উল্লেখ কৰা এই শাস্ত্ৰীয় প্ৰশ্নটোৱে কি বুজাব বিচাৰিছে?

প্ৰকৃততে যেতিয়া এজন ব্যক্তিয়ে ঈশ্বৰৰ বিষয়ে জানিবলৈ সক্ষম হয় তেতিয়া তেওঁ বুজি পাই যে “ঈশ্বৰেই আত্মা’ আৰু মানৱ চকুৰে তেওঁক দেখা পাব নোৱাৰি। (যোহন ৪:২৪) যীচুৱে সত্য ঈশ্বৰক ‘স্বৰ্গত থকা মোৰ পিতৃ’ বুলি সম্বোন্ধিত কৰিছিল। তেওঁ কোৱা কথাশাৰীৰ অৰ্থ কি আছিল? আধ্যাত্মিক অৰ্থত কʼবলৈ গʼলে, যি স্থানত আমাৰ পিতৃয়ে বাস কৰে, সেই স্থান আকাশ বা পৃথিৱীতকৈ অধিক ওপৰত। (মথি ১২:৫০; যিচয়া ৬৩:১৫) যদিও তেওঁক আমি আমাৰ চকুৰে দেখা নাপাওঁ তথাপিও তেওঁ নিজৰ ব্যক্তিত্ব আৰু উদ্দেশ্যৰ বিষয়ে অধিক জানিবলৈ সহজ কৰিছে। (যাত্ৰাপুস্তক ৩৩:২০; ৩৪:৬, ৭) যি নম্ৰ মন ৰখা লোকসকলে জীৱনৰ বিষয়ে জানিবলৈ ইচ্ছা কৰে, তেওঁ তেওঁলোকৰ সকলো প্ৰশ্নৰ উত্তৰ দিয়ে। আমাৰ জীৱনটোক প্ৰভাৱিত কৰা বিষয়বোৰক তেওঁৰ দৃষ্টিভঙ্গীৰে চাবলৈ এক সঠিক কাৰণ প্ৰদান কৰে যেনে, সেই বিষয়টোৰ সম্পৰ্কে থকা আমাৰ আগ্ৰহকতা তেওঁৰ উদ্দেশ্যৰ সামঞ্জস্যত হয় নে নহয়, তেওঁ তাৰ প্ৰতি কেনে দৃষ্টি কৰে। তেওঁৰ ইচ্ছা এইয়ে যে আমি সেইবোৰৰ বিষয়ে অনুসন্ধান কৰি সঠিক উত্তৰ বিচাৰি পাবলৈ আন্তৰিকতাৰে যেন পৰিশ্ৰম কৰোঁ। প্ৰাচীন সময়ৰ ইস্ৰায়েলসকলে তেনে কৰাত বিফল হোৱাৰ বাবে যিহোৱাই তেওঁলোকক যিৰিমিয়া ভৱিষ্যতবক্তাৰ যোগেদি শিক্ষাদান কৰিছিল। তেওঁলোকে ঈশ্বৰৰ নাম কি তাক জানিছিল, কিন্তু “যিহোৱা কʼত” আছে সেই বিষয়ে জানিবলৈ বিচৰা নাছিল। (যিৰিমিয়া ২:৬) তেওঁলোকৰ বাবে যিহোৱাৰ উদ্দেশ্যৰ বিষয়ে জনাটো প্ৰধান লক্ষ্য নাছিল। তদুপৰি তেওঁলোকে কোনো বিষয়ত ঈশ্বৰৰ নিৰ্দ্দেশনালৈ বাট চোৱা নাছিল। ঠিক সেইদৰে আপুনিও কোনো সৰু বা ডাঙৰ বিষয়ত সিদ্ধান্ত লোৱাৰ সময়ত “যিহোৱা কʼত” আছে বুলি বিবেচনা কৰেনে?

ঈশ্বৰৰ নিৰ্দ্দেশনা বিচৰাসকল

৪. যিহোৱাৰ পৰা নিৰ্দ্দেশনা বিচৰাৰ সম্পৰ্কে ৰখা দায়ূদৰ আৰ্হিৰ পৰা আমি কেনেকৈ লাভৱান হʼব পাৰোঁ?

যিচয়ৰ পুত্ৰ দায়ূদে সৰু অৱস্থাৰ পৰাই যিহোৱাৰ প্ৰতি দৃঢ় বিশ্বাস ৰাখিছিল। তেওঁ জানিছিল যে যিহোৱা এজন “জীৱন্ত ঈশ্বৰ।” আনকি তেওঁ ব্যক্তিগতভাৱে যিহোৱাৰ সুৰক্ষা অনুভৱ কৰিছিল। “যিহোৱাৰ নামৰ” প্ৰতি থকা বিশ্বাস আৰু প্ৰেমেৰে প্ৰেৰিত হৈ দায়ূদে অস্ত্ৰ-শস্ত্ৰৰে সজ্জিত হৈ অহা পলেষ্টীয়াৰ দৈত্যকায় গলিয়াথক পৰাস্ত কৰিছিল। (১ চমূৱেল ১৭:২৬, ৩৪-৫১) তথাপিও এই মহান সফলতাৰ বাবে তেওঁ আত্মপ্ৰত্যয়শীল হোৱা নাছিল। তদুপৰি যি কৰিছিল, সেই সকলোতে যিহোৱাই সফলতা দিব বুলিও বিবেচনা কৰা নাছিল। কিন্তু বহু বছৰ পাৰ হৈ যোৱাৰ পিছতো তেওঁ কোনো সিদ্ধান্ত লোৱাৰ সময়ত বাৰে বাৰে যিহোৱাৰ নিৰ্দ্দেশনা বিচাৰিছিল। (১ চমূৱেল ২৩:২; ৩০:৮; ২ চমূৱেল ২:১; ৫:১৯) নিৰন্তৰে প্ৰাৰ্থনা কৰি তেওঁ এনেদৰে কৈছিল: “হে যিহোৱা, তোমাৰ পথবোৰ মোক জনোৱা; তোমাৰ বাটবোৰ মোক শিকোৱা। তোমাৰ সত্যতাত মোক চলাই শিক্ষা দিয়া; কিয়নো তুমি মোৰ ত্ৰাণকৰ্ত্তা ঈশ্বৰ; ওৰে দিনটো মই তোমালৈ অপেক্ষা কৰোঁ।” (গীতমালা ২৫:৪, ৫) অনুকৰণ কৰিবলৈ আমাৰ বাবে ই কিযে এক উত্তম আৰ্হি!

৫, ৬. জীৱনৰ বিভিন্ন পৰিস্থিতিত যিহোচাফটে কেনেকৈ যিহোৱাক বিচাৰিছিল?

দায়ূদৰ ৰাজবংশীয় পৰা অহা ইস্ৰায়েলৰ পঞ্চম ৰজা যিহোচাফটৰ ৰাজত্বকালত তিনি ৰাষ্ট্ৰ মিলিত হৈ যিহূদাৰ বিৰুদ্ধে আক্ৰমণ কৰিবলৈ আহে। তেতিয়া যিহোচাফটে দেশখনৰ সুৰক্ষাৰ বাবে “যিহোৱাক বিচাৰিবলৈ ঠাৱৰ কৰিলে।” (২ বংশাৱলি ২০:১-৩) যিহোৱাক অনুসন্ধান কৰাটো তেওঁৰ জীৱনত সেইয়াই প্ৰথম নাছিল। এই ৰজাজনে ইস্ৰায়েলৰ উত্তৰত থকা ধৰ্ম্মত্যাগী ৰাজ্যৰ পৰা অহা বাল দেৱতাবোৰৰ উপাসনা বৰ্জ্জন কৰি যিহোৱা ঈশ্বৰৰ পথত চলিবলৈ নিৰ্ণয় কৰিলে। (২ বংশাৱলি ১৭:৩, ৪) কিন্তু যেতিয়া তেওঁ বিপদজনক পৰিস্থিতিৰ সম্মুখীন হৈছিল তেতিয়া ৰজা যিহোচাফটে কেনেকৈ “যিহোৱাক বিচাৰিবলৈ ঠাৱৰ কৰিলে?”

আপদজনক সময়ত যিৰূচালেমত সকলোৰে আগত প্ৰাৰ্থনা কৰাৰ দ্বাৰা তেওঁ প্ৰকাশ কৰিলে যে তেওঁক সৰ্ব্বশক্তিমান ঈশ্বৰ যিহোৱাৰ আৱশ্যক। যিহোচাফটে যিহোৱাই অন্য জাতিবোৰক খেদি পঠিয়াই ইস্ৰায়েলক বিশেষ কিছুমান দেশ দিয়া ঈশ্বৰৰ উদ্দেশ্যৰ বিষয়ে গভীৰভাৱে বিবেচনা কৰিছিল। দৰাচলতে ৰজাজনে যিহোৱাৰ সহায়ৰ আৱশ্যকতাৰ বিষয়ে ভালকৈ বুজি পাইছিল। (২ বংশাৱলি ২০:৬-১২) সেই সময়ত যিহোৱাই নিজকে সহজলভ্য কৰিছিলনে? অৱশ্যেই কৰিছিল। যিয়ীয়েল নামৰ এজন লেবীৰ দ্বাৰা যিহোৱাই তেওঁক নিৰ্দিষ্ট নিৰ্দ্দেশনা দিছিল আৰু তাৰ পিছৰ দিনা তেওঁ নিজৰ লোকক জয়লাভো কৰাইছিল। (২ বংশাৱলি ২০:১৪-২৮) নিৰ্দ্দেশনা বিচৰি যেতিয়া আপুনি তেওঁৰ কাষ চাপে তেতিয়া যিহোৱাই নিজকে সহজলভ্য কৰিব বুলি আপুনি কেনেকৈ নিশ্চিত হʼব পাৰে?

৭. ঈশ্বৰে কোনসকলৰ প্ৰাৰ্থনাৰ প্ৰতি কাণ দিয়ে?

যিহোৱা পক্ষপাতী ঈশ্বৰ নহয়। তেওঁ সকলো জাতিকে প্ৰাৰ্থনাৰ যোগেদি তেওঁক বিচাৰিবলৈ আমন্ত্ৰিত কৰিছে। (গীতমালা ৬৫:২; পাঁচনিৰ কৰ্ম্ম ১০:৩৪, ৩৫) নিবেদন কৰোঁতাসকলৰ মনত কি আছে তাক তেওঁ লক্ষ্য কৰে। ঈশ্বৰে আশ্বাস দি আমাক কৈছে যে তেওঁ ধাৰ্ম্মিকবিলাকৰ প্ৰাৰ্থনাৰ প্ৰতি কাণ দিয়ে। (হিতোপদেশ ১৫:২৯) তেওঁ নিজকে তেনে ব্যক্তিসকললৈ সহজলভ্য কৰে যিসকলে আৰম্ভণিতে যদিও তেওঁৰ প্ৰতি কোনো আগ্ৰহ দেখুউৱা নাছিল, কিন্তু এতিয়া তেওঁলোকে নম্ৰতাৰে তেওঁৰ নিৰ্দ্দেশনা বিচাৰিছে। (যিচয়া ৬৫:১) তদুপৰি তেওঁ তেনেলোকৰ প্ৰাৰ্থনাৰ প্ৰতিও কাণ দিয়ে যিসকলে এসময়ত ব্যৱস্থা পালন কৰাত বিফল হৈছিল, কিন্তু এতিয়া নম্ৰতাৰে মনপালটন কৰিছে। (গীতমালা ৩২:৫, ৬; পাঁচনিৰ কৰ্ম্ম ৩:১৯) অধিকন্তু যিসকলৰ হৃদয় ঈশ্বৰৰ আজ্ঞাধীন নহয় তেওঁলোকে কৰা প্ৰাৰ্থনা অনৰ্থক। (মাৰ্ক ৭:৬, ৭) আঁহক আমি তাৰ বিষয়ে কিছুমান উদাহৰণ বিবেচনা কৰোঁহঁক।

তেওঁলোকে প্ৰাৰ্থনা কৰিছিল যদিও উত্তৰ পোৱা নাছিল

৮. কিহে ৰজা চৌলৰ প্ৰাৰ্থনাক অগ্ৰহণীয় কৰি তুলিলে?

যেতিয়া ভৱিষ্যতবক্তা চমূৱেলে ৰজা চৌলক কʼলে যে তেওঁ আজ্ঞাকাৰী নোহোৱাৰ বাবে যিহোৱাই তেওঁক ত্যাগ কৰিলে তেতিয়া তেওঁ মাটিত আঠু লৈ প্ৰাৰ্থনা কৰিছিল। (১ চমূৱেল ১৫:৩০, ৩১) তেওঁ অন্তৰৰে নহয় কিন্তু দেখুৱাবলৈহে তেনে কৰিছিল। তেওঁৰ আজ্ঞাকাৰীতা হোৱাৰ বাবে নহয় কিন্তু লোকসকলৰ পৰা সন্মান পোৱাৰ উদ্দেশ্যেৰে তেনে প্ৰাৰ্থনা কৰিছিল। পিছলৈ যেতিয়া পলেষ্টীয়াবিলাকে পুনৰাই ইস্ৰায়েলৰ বিৰুদ্ধে আহিল তেতিয়া তেওঁ বাহ্যিক ব্যৱহাৰেৰে যিহোৱাক বিচাৰিছিল। কিন্তু যেতিয়া তেওঁ কোনো উত্তৰ নাপালে তেতিয়া তেওঁ দুষ্ট আত্মাৰ মাধ্যমেৰে সহায় লাভ কৰিবলৈ ভুত পোহোঁতাৰ কাষ চাপিছিল যিটো যিহোৱাৰ পবিত্ৰ বিধানৰ একেবাৰে বিপৰীত আছিল। (দ্বিতীয় বিবৰণ ১৮:১০-১২; ১ চমূৱেল ২৮:৬, ৭) ৰজা চৌলৰ বিষয়ে চমুকৈ কʼবলৈ গʼলে ১ বংশাৱলি ১০:১৪ পদত এইদৰে কৈছে: তেওঁ “যিহোৱাৰ গুৰিত নুসুধিলে।” কিয় নুসুধিলে? কিয়নো চৌলে বিশ্বাসেৰে প্ৰাৰ্থনা কৰা নাছিল। সেইবাবে তেওঁৰ প্ৰাৰ্থনা অনৰ্থক আছিল।

৯. যিহোৱাৰ নিৰ্দ্দেশনা বিচাৰি চিদিকিয়া ৰজাই কৰা প্ৰাৰ্থনা কিয় অনুচিত আছিল?

সেইদৰে যিহূদাৰ পতন কাষ চাপি অহাত অধিক লোকে যিহোৱালৈ প্ৰাৰ্থনা আৰু তেওঁৰ ভৱিষ্যতবক্তাবিলাকৰ দিহা-পৰামৰ্শ লৈছিল। দৰাচলতে লোকসকলে কেৱল মুখেৰেহে যিহোৱাৰ ভয় মানিছিল কিন্তু কাৰ্য্যৰে আন দেৱী-দেৱতাবোৰক উপাসনা কৰিছিল। (চফনিয়া ১:৪-৬) তেওঁলোকে গতানুগতিত যদিও যিহোৱাক বিচৰিছিল, প্ৰকৃততে তেওঁলোকৰ মন তেওঁৰ পৰা বহু আঁতৰত আছিল। উদাহৰণস্বৰূপে, চিদিকিয়া ৰজাই ভৱিষ্যতবক্তা যিৰিমিয়াৰ দ্বাৰা যিহোৱাক বিচৰা বিষয়ে বিবেচনা কৰক। আৰম্ভণিত যিহোৱাই তেওঁক কি কৰিব লাগে, তাৰ বিষয়ে ইতিমধ্যেই জনাইছিল। কিন্তু অল্পবিশ্বাসী আৰু মানুহৰ দ্বাৰা ভয়ভীত হৈ তেওঁ যিহোৱাৰ আজ্ঞা পালন নকৰিলে। যাৰ বাবে যিহোৱাই ৰজাই তেওঁৰ ইচ্ছাৰ অনুসাৰে কৰা প্ৰাৰ্থনাৰ কোনো উত্তৰ নিদিলে।—যিৰিমিয়া ২১:১-১২; ৩৮:১৪-১৯.

১০. যিহোৱাৰ নিৰ্দ্দেশনা বিচৰাৰ সম্বন্ধে গ্ৰহণ কৰা যোহাননৰ পদ্ধতি কিয় অনুচিত আছিল আৰু ইয়াৰ পৰা আমি কি শিক্ষা পাওঁ?

১০ যিৰূচালেম ধ্বংস আৰু বাবিলীয়াবিলাকৰ হাতত বন্দী হোৱাৰ পিছত যোহাননে যিহূদাত ৰক্ষা পোৱা সৰু সমূহক মিচৰ দেশলৈ লৈ যাবলৈ পৰিকল্পনা কৰিলে। কিন্তু ৰাওনা হোৱাৰ পূৰ্বেই তেওঁলোকে ভৱিষ্যতবক্তা যিৰিমিয়াক যিহোৱাৰ নিৰ্দ্দেশনা বিচাৰি প্ৰাৰ্থনা কৰিবলৈ অনুৰোধ কৰিলে। কিন্তু যেতিয়া তেওঁলোকে নিজৰ ইচ্ছামতে উত্তৰ নাপালে তেতিয়া তেওঁলোকে নিজ পৰিকল্পনা অনুসাৰে কাৰ্য্য কৰিলে। (যিৰিমিয়া ৪১:১৬-৪৩:৭) এই উদাহৰণসমূহৰ পৰা আপুনি এইটো জানিব পাৰিছেনে যে যেতিয়া যিহোৱাক বিচৰা হয় তেতিয়া তেওঁ কেনেকৈ নিজকে সহজলভ্য কৰে?

‘পৰীক্ষাৰ দ্বাৰাই তাৰ নিৰ্ণয় কৰা’

১১. ইফিচীয়া ৫:৯ পদত উল্লেখ কৰা পৰামৰ্শক আমি কিয় ব্যৱহাৰ কৰা আৱশ্যক?

১১ সত্য উপাসনাত কেৱল সমৰ্পিত হৈ বাপ্তিষ্মা লোৱা, সভাবোৰত উপস্থিত থকা আৰু প্ৰচাৰ কাৰ্য্য কৰাই সন্মিলিত নাই। বৰঞ্চ, আমাৰ গোটেই জীৱন সন্মিলিত হৈ আছে। আমি সদায়েই কম-বেছি পৰিমাণে হেঁচাৰ সম্মুখীন হওঁ যিয়ে আমাক ঈশ্বৰীয় জীৱন-যাপন কৰাৰ পৰা অতঁৰাই নিব পাৰে। তেনে হেঁচাবোৰৰ প্ৰতি আমি কেনে প্ৰতিক্ৰিয়া দেখুৱাব লাগে? ইফিচত থকা বিশ্বাসী খ্ৰীষ্টানসকললৈ লিখা পত্ৰখনত পাঁচনি পৌলে এনেদৰে উদগাইছিল: “প্ৰভুৰ সন্তোষজনক কি, পৰীক্ষাৰ দ্বাৰাই তাৰ নিৰ্ণয়” কৰা। (ইফিচীয়া ৫:৯) এনে কৰাৰ দ্বাৰা কেনে উত্তম পৰিণাম পাব পাৰি তাৰ বিষয়ে শাস্ত্ৰীয় পদবোৰত বৰ্ণনা কৰা হৈছে।

১২. ৰজা দায়ূদে নিয়ম-চন্দুকক যিৰূচালেমলৈ অনা কাৰ্য্যত যিহোৱাই কিয় অসন্তুষ্ট হৈছিল?

১২ বহু বছৰ ধৰি কিৰিয়ৎ-যিয়ামীত থকা ঈশ্বৰৰ নিয়ম-চন্দুক ৰজা দায়ূদে যিৰূচালেমলৈ আনিবলৈ বিচাৰিছিল। তেওঁ প্ৰধানবিলাকৰ সৈতে আলোচনা কৰি কৈছিল যে ‘যদি তেওঁলোকৰ দৃষ্টিত ভাল হয় আৰু আমাৰ ঈশ্বৰ যিহোৱাৰ ইচ্ছা হয়’ তেন্তে নিয়ম-চন্দুকক লৈ অনা উচিত। কিন্তু এই বিষয়ে যিহোৱাই কি বিচাৰে তাক তেওঁ জানিবলৈ নিবিচাৰিলে। যদি তেওঁ এই বিষয়ে দকৈ চিন্তা কৰাহʼলে ঈশ্বৰৰ নিয়ম-চন্দুকক কেতিয়াও ৰথত তুলি আনিবলৈ নিদিলেহেঁতেন। তাৰ পৰিৱৰ্তে তেওঁ ঈশ্বৰে আজ্ঞা দিয়াৰ দৰে নিয়ম চন্দুকক লেবী বংশৰ কহাতীয়াসকলৰ কান্ধত বৈ আনিলেহেঁতেন। দায়ূদে যদিও বাৰম্বাৰ ঈশ্বৰক বিচাৰিছিল কিন্তু সেই মুহূৰ্ত্তত সঠিকভাৱে কাৰ্য্য কৰাত বিফল হʼল। যাৰ ফলস্বৰূপে শোকাবহ ঘটনা ঘটিছিল। সেই সম্বন্ধে পিছলৈ তেওঁ এইদৰে কৈছিল: “আমাৰ ঈশ্বৰ যিহোৱাই আমাক আঘাত কৰিলে; কাৰণ আমি বিধিমতে তেওঁক বিচৰা নাছিলোঁ।”—১ বংশাৱলি ১৩:১-৩; ১৫:১১-১৩; গণনা পুস্তক ৪:৪-৬, ১৫; ৭:১-৯.

১৩. নিয়ম-চন্দুকক সঠিকভাৱে অনাৰ পিছত গোৱা গীতটোত কেনে স্মৰণীয় বাক্য সন্মলিত আছিল?

১৩ অৱশেষত যেতিয়া নিয়ম-চন্দুকক লেবীসকলৰ কান্ধত ওবেদ-ইদোমৰ পৰা যিৰূচালেমলৈ বৈ অনা হʼল তেতিয়া ৰজা দায়ূদে এটি গীত ৰচিছিল, যʼত আন্তৰিকতাৰে কৰা স্মৰণো সন্মিলিত আছে। এই বিষয়ে আমি এনেদৰে পঢ়িবলৈ পাওঁ: “যিহোৱাক আৰু তেওঁৰ শক্তি বিচাৰা। নিতৌ তেওঁৰ সাক্ষাৎ হবলৈ চেষ্টা কৰা। হে তেওঁৰ দাস ইস্ৰায়েলৰ বংশ, হে তেওঁৰ মনোনীত লোক যাকোবৰ সন্তানবিলাক।”—১ বংশাৱলি ১৬:১১, ১২.

১৪. ৰজা চলোমনৰ উত্তম উদাহৰণ আৰু পিছলৈ কৰা তেওঁৰ ভুলবোৰৰ পৰা আমি কি শিকিব পাৰোঁ?

১৪ ৰজা দায়ূদে মৃত্যুৰ পূৰ্ব্বেই চলোমনক এইদৰে পৰামৰ্শ দিছিল: “তুমি যদি তেওঁক বিচাৰা, তেন্তে তুমি তেওঁক পাবা।” (১ বংশাৱলি ২৮:৯) ৰজা হোৱাৰ পিছত চলোমনে গিবিয়োনত থকা সাক্ষাৎ কৰা তম্বুলৈ গৈছিল আৰু যিহোৱালৈ বলিদান উৎসৰ্গ কৰিলে। তাতে যিহোৱাই তেওঁক আমন্ত্ৰিত কৰি কৈছিল: “মই তোমাক কি বৰ দিম, তাক খোজা।” চলোমনৰ অনুৰোধ অনুসাৰে যিহোৱাই তেওঁক বুদ্ধি, জ্ঞান আৰু মান-সন্মানৰ সৈতে ধন-সম্পত্তিও প্ৰদান কৰিছিল। (২ বংশাৱলি ১:৩-১২) দায়ূদক দিয়া স্থাপত্য নক্সাৰ অনুসাৰে চলোমনে সুন্দৰ মন্দিৰ নিৰ্ম্মাণ কৰিলে। কিন্তু নিজৰ বিবাহৰ সম্বন্ধে চলোমনে যিহোৱাক অনুসন্ধান কৰাত বিফল হʼল। তেওঁ অন্য দেৱ-দেৱীৰ উপাসনা কৰা তিৰোতাবিলাকক বিবাহ কৰিছিল। জীৱনৰ শেষৰ কালছোৱাত তেওঁৰ মন যিহোৱাৰ পৰা আঁতৰ হৈছিল। (১ ৰাজাৱলি ১১:১-১০) আমি যিমানেই প্ৰসিদ্ধ, জ্ঞানী বা বুদ্ধিমান নহওঁ কিয়, কিন্তু “প্ৰভুৰ সন্তোষজনক কি, পৰীক্ষাৰ দ্বাৰাই তাৰ নিৰ্ণয়” কৰা আৱশ্যক!

১৫. যেতিয়া কুচদেশীয় জেৰাই যিহূদাৰ বিৰুদ্ধে যুঁজিবলৈ আহিছিল তেতিয়া যিহোৱাই উদ্ধাৰ কৰিব বুলি ৰজা আচাই কিয় বিশ্বাসেৰে প্ৰাৰ্থনা কৰিব পাৰিলে?

১৫ ইয়াৰ গুৰুত্বতাৰ বিষয়ে ৰজা চলোমনৰ নাতিয়েক ৰজা আচাৰৰ সময়ত লিপিবব্ধ কৰা বৃত্তান্তৰ পৰা জানিব পৰা যায়। তেওঁ ৰজা হোৱা এঘাৰ বছৰৰ পিছত কুচদেশীয় জেৰহে দহ লাখ সৈন্য-সামন্তৰে যিহূদাৰ বিৰুদ্ধে যুঁজিবলৈ আহিছিল। যিহোৱাই তেওঁলোকৰ হাতৰ পৰা যিহূদা নগৰখন ৰক্ষা কৰিবনে? প্ৰায় ৫০০ বছৰৰ পূৰ্ব্বেই যিহোৱাই নিজ লোকসকলক কৈছিল যে তেওঁৰ বাক্যৰ প্ৰতি কাণ দিলে আৰু তাৰ অনুসাৰে চলিলে বা ইয়াৰ বিপৰীতে গʼলে কি পৰিণাম হʼব পাৰে। (দ্বিতীয় বিবৰণ ২৮:১, ৭, ১৫, ২৫) ৰজা হোৱা প্ৰথম বছৰত তেওঁ মিছা ধৰ্ম্মৰ সকলো ধৰণৰ যজ্ঞ বেদি আৰু স্তম্ভবোৰ ভাঙি পেলাইছিল। আনকি লোকসকলক “যিহোৱাক বিচাৰিবলৈকো” উদগাইছিল। তেওঁ দুৰ্যোগৰ সম্মুখীন হোৱাৰ আগেয়েই যিহোৱাক বিচাৰিছিল। সেইবাবে তেওঁ বিশ্বাসেৰে লোকসকলৰ হৈ যিহোৱাক প্ৰাৰ্থনা কৰিছিল। যাৰ ফলস্বৰূপে যিহোৱাই তেওঁলোকক উল্লেখনীভাৱে জয়লাভ কৰাইছিল।—২ বংশাৱলি ১৪:২-১২.

১৬, ১৭. (ক) যদিও আচা বিজয়ী হৈছিল তথাপিও যিহোৱাই তেওঁক কেনে স্মৰণী দিছিল? (খ) যেতিয়া আচাই অজ্ঞানতাৰে কাৰ্য্য কৰিছিল তেতিয়া তেওঁক কেনে সহায় দিয়া হৈছেল, কিন্তু তেওঁ কেনেধৰণে প্ৰতিক্ৰিয়া দেখুৱাইছিল? (গ) ৰজা আচাৰ আচৰণৰ বিষয়ে নিৰীক্ষণ কৰি আমি কেনেকৈ লাভৱান হʼব পাৰোঁ?

১৬ জয়লাভ কৰি যেতিয়া ৰজা আচাই ঘূৰি আহিছিল তেতিয়া যিহোৱাই অজৰিয়াৰ দ্বাৰা তেওঁক এনেদৰে কৈছিল: “হে আচা, আৰু হে যিহূদাৰ আৰু বিন্যামীনৰ আটাই লোকবিলাক, তোমালোকে মোৰ কথা শুনা; তোমালোক যেতিয়ালৈকে যিহোৱাৰ লগত থাকা, তেতিয়ালৈকে তেৱোঁ তোমালোকৰ লগত থাকিব; আৰু যদি তোমালোকে তেওঁক বিচাৰা, তেনেহলে তেৱোঁ তোমালোকক নিজকে পাবলৈ দিব; কিন্তু যদি তোমালোকে তেওঁক ত্যাগ কৰা, তেন্তে তেৱোঁ তোমালোকক ত্যাগ কৰিব।” (২ বংশাৱলি ১৫:১, ২) তাতে আচাই পুনৰাই উৎসাহী হৈ সত্য উপাসনাক অধিক উন্নত কৰিলে। কিন্তু ২৪ বছৰৰ পিছত পুনৰাই যুদ্ধৰ সম্মুখীন হোৱাত তেওঁ যিহোৱাক বিচৰাত বিফল হʼল। এইবাৰ তেওঁ ঈশ্বৰৰ বাক্যৰ পৰামৰ্শ নলʼলে নতুবা তেওঁ ঈশ্বৰে কুচদেশীয় সৈন্যৰ হাতৰ পৰা উদ্ধাৰ কৰা বিষয়ক সোঁৱৰিলে। তেওঁ অজ্ঞানতাৰে অৰামী সৈন্য-সামন্তৰ ওপৰত ভাৰসা ৰাখিলে।—২ বংশাৱলি ১৬:১-৬.

১৭ সেইবাবে যিহোৱাই আচাক হনানী দৰ্শকৰ দ্বাৰা শিক্ষা দিলে। তেওঁ এই শিক্ষাৰ পৰা বিষয়বোৰৰ ওপৰত থকা যিহোৱাৰ দৃষ্টিভঙ্গীৰ সম্পৰ্কে শিকি অৱশ্যেই লাভৱান হʼবলৈ পাৰিলেহেঁতেন। ইয়াৰ পৰিবৰ্তে তেওঁ অসন্তুষ্ট হৈ হানানী দৰ্শকক বন্দীশালত বন্দী কৰি থলে। (২ বংশাৱলি ১৬:৭-১০) ই কিযে এক দুখৰ বিষয়! আমাৰ বিষয়ে কি কব পৰা যায়? আমিও যিহোৱাক বিচাৰোঁ কিন্তু তেওঁৰ পৰামৰ্শক মানিবলৈ অস্বীকাৰ কৰোঁনে? জগতৰ অভিলাষৰ পিছত যোৱাৰ বাবে যেতিয়া এজন বিবেচনাশীল প্ৰাচীনে “প্ৰভুৰ সন্তুষজনক কি” বুলি জানিবলৈ পৰামৰ্শ দিয়ে তেতিয়া আমি তাৰ প্ৰতি মূল্যাঙ্কন কৰোঁনে?

যিহোৱাক বিচাৰিবলৈ নাপাহৰিব

১৮. ইলীহূৱে ইয়োবক কোৱা বাক্যবোৰৰ পৰা আমি কেনেকৈ লাভৱান হʼব পাৰোঁ?

১৮ এজন দৃঢ় বিশ্বাস ৰখা ব্যক্তিয়েও হেঁচাৰ সম্মুখীন হৈ ভুল পদক্ষেপ লʼব পাৰে। উদাহৰণস্বৰূপে, জঘন্য ৰোগৰ দ্বাৰা পীড়িত, সন্তান আৰু সম্পত্তিসমূহ হেৰুৱা আৰু বন্ধুসকলে মিছা অভিযোগ দিয়াত ইয়োবে নিজৰ বিষয়ে অধিককৈ ভাবিব ধৰিছিল। তেতিয়া ইলীহূৱে তেওঁক সোঁৱৰাই দি এইদৰে কৈছিল: “মোৰ সেই সৃষ্টিকৰ্ত্তা ঈশ্বৰ কʼত? এই বুলি সিবিলাকৰ কোনেও নকয়।” (ইয়োব ৩৫:১১) তেওঁক নিজৰ বিষয়ে ভাবিবলৈ এৰি যিহোৱা আৰু তেওঁৰ দৃষ্টিভঙ্গীৰ সম্বন্ধে চিন্তা কৰা আৱশ্যক আছিল। তেওঁ নম্ৰতাৰে এই পৰামৰ্শক পালন কৰিলে আৰু তেওঁ ৰখা এই আৰ্হিয়ে আমাকো সহায় কৰে।

১৯. ইস্ৰায়েলসকলে বাৰে বাৰে কি কৰাত বিফল হৈছিল?

১৯ ঈশ্বৰে তেওঁলোকৰ সৈতে কৰা ব্যৱহাৰৰ বিষয়ে উল্লেখিত থকা বৃতান্তৰ সম্পৰ্কে ইস্ৰায়েলসকলে ভালদৰে জানিছিল। কিন্তু কোনো গম্ভীৰ পৰিস্থিতিক সমাধান কৰাৰ সময়ত তেওঁলোকে নিজৰ জীৱনত কেতিয়াও যিহোৱাক সোঁৱৰা নাছিল। (যিৰিমিয়া ২:৫, ৬, ৮) “যিহোৱা কʼত?” এই বুলি বিচৰাৰ পৰিৱৰ্তে তেওঁলোকে নিজৰ সুখ-বিলাস পূৰণ কৰিছিল।—যিচয়া ৫:১১, ১২.

“যিহোৱা কʼত?” এইবুলি নিৰন্তৰে বিচাৰক

২০, ২১. (ক) আজিৰ সময়ত কোনসকলে ইলীচাৰ দৰে মনোবৃত্তি ৰাখি যিহোৱাৰ নিৰ্দ্দেশনা বিচাৰিছে? (খ) আমি কেনেকৈ তেওঁলোকে ৰখা বিশ্বাসৰ আৰ্হিক অনুকৰণ আৰু তাৰ পৰা লাভৱান হʼব পাৰোঁ?

২০ সেৱাকাৰ্য্যৰ শেষত এলিয়াৰ গাৰ পৰা চাদৰ লৈ যৰ্দ্দন নদীৰ পানীত কোবাই তেওঁৰ পৰিচালক ইলীচাই এইদৰে সুধিছিল: “এলিয়াৰ ঈশ্বৰ যিহোৱা কʼত?” (২ ৰাজাৱলি ২:১৪) ইলীচাৰ ওপৰত ঈশ্বৰে নিজৰ আত্মা প্ৰদান কৰি তেওঁৰ প্ৰশ্নৰ উত্তৰ দিছিল। আমি ইয়াৰ পৰা কি শিকিব পাৰোঁ?

২১ আধুনিক সময়টো সেই একেইদৰে ঘটিছে। প্ৰচাৰ কাৰ্য্যত আগভাগ লোৱা অভিষিক্ত বৰ্গৰ কিছুমান সদস্যই এই দায়িত্ব পৃথিৱীত অনন্ত জীৱনৰ আশা থকা লোকক গতাই দিছে। যিসকলক এই দায়িত্ব দিয়া হʼল তেওঁলোকে শাস্ত্ৰীয় পদ পৰীক্ষা কৰে আৰু নিৰ্দ্দেশনা বিচাৰি যিহোৱালৈ প্ৰাৰ্থনা কৰিছিল। “যিহোৱা কʼত?” এই বুলি বিচাৰিবলৈ তেওঁলোকে পাহৰা নাছিল। ফলস্বৰূপে, যিহোৱাই তেওঁৰ লোকসকলক একেৰাহে পৰিচালিত আৰু তেওঁলোকৰ কাৰ্য্যত বৃদ্ধি কৰিলে। আমিও তেওঁলোকৰ বিশ্বাসক অনুকৰণ কৰোঁনে? (ইব্ৰী ১৩:৭) যদি কৰোঁ তেন্তে আঁহক আমি যিহোৱাৰ সংগঠনৰ সৈতে থাকি আৰু ইয়াৰ নিৰ্দ্দেশনাসমূহ পালন কৰি যীচুৰ অধীনত হোৱা প্ৰচাৰ কাৰ্য্যত ভাগ লওঁহঁক।—জখৰিয়া ৮:২৩. (w03 5/1)

আপুনি কেনেকৈ উত্তৰ দিব?

• আমি কেনে মনোবৃত্তিৰ সৈতে “যিহোৱা কʼত” আছে বুলি বিচৰা উচিত?

• বৰ্তমান আমি “যিহোৱা কʼত” আছে বুলি সোধা প্ৰশ্নটোৰ উত্তৰ কেনেকৈ পাব পাৰোঁ?

• ঈশ্বৰৰ নিৰ্দ্দেশনা বিচাৰি কৰা কিছুমান প্ৰাৰ্থনাৰ উত্তৰ কিয় পোৱা নাযায়?

• ‘প্ৰভুৰ সন্তুষজনক কি, তাক নিৰ্ণয় কৰাৰ’ আৱশ্যকতা বিষয়ে বাইবেলৰ কেনেবোৰ আৰ্হিয়ে সেই গুৰুত্বতা দাঙি ধৰিছে?

[অধ্যয়নৰ বাবে প্ৰশ্নসমূহ]

[৯ পৃষ্ঠাৰ ছবি]

ৰজা যিহোচাফটে কেনেকৈ যিহোৱাক বিচাৰিছিল?

[১২ পৃষ্ঠাৰ ছবিসমূহ]

অধ্যয়ন, প্ৰাৰ্থনা আৰু ধ্যান কৰাৰ দ্বাৰা আমি নিশ্চিত হʼব পাৰোঁ যে ‘যিহোৱা কʼত আছে’