Skip to content

Skip to table of contents

কিছুমানে কেনেকৈ ঈশ্বৰৰ সম্বন্ধে থকা প্ৰশ্নসমূহৰ উত্তৰ লাভ কৰিলে

কিছুমানে কেনেকৈ ঈশ্বৰৰ সম্বন্ধে থকা প্ৰশ্নসমূহৰ উত্তৰ লাভ কৰিলে

কছুমানে কেনেকৈ ঈশ্বৰৰ সম্বন্ধে থকা প্ৰশ্নসমূহৰ উত্তৰ লাভ কৰিলে

 আজি কোটি কোটি লোকে ঈশ্বৰলৈ প্ৰাৰ্থনা কৰে। কিছুমানে বিশ্বাস কৰে যে তেওঁলোকৰ প্ৰাৰ্থনাৰ উত্তৰ দিয়া হৈছে। ইয়াৰ বিপৰীতে আনসকলে আচৰিত হয় যে কিয় তেওঁলোকৰ প্ৰাৰ্থনাৰ কোনো উত্তৰ পোৱা নাই। কিছুমান লোকে যদিও কিদৰে নিৱেদন কৰিব লাগে তাক নাজানে তথাপিও তেওঁলোকে উত্তৰ বিচাৰি ঈশ্বৰলৈ প্ৰাৰ্থনা কৰে।

বাইবেলে সত্য ঈশ্বৰক “প্ৰাৰ্থনা শুনোতা জনা” বুলি পৰিচয় দিছে। (গীতমালা ৬৫:২) আপুনি কেৱল সত্য ঈশ্বৰকে প্ৰাৰ্থনা কৰিছে বুলি নিশ্চিতনে? আপোনাৰ প্ৰাৰ্থনাবোৰ এনেদৰেনে যাৰ উত্তৰ তেওঁ দিব?

পৃথিৱীৰ বহুতো লোকে পোৱা উত্তৰে এই কথাৰ প্ৰমাণ দিছে যে তেওঁ আমাৰ প্ৰাৰ্থনা শুনে! তেওঁলোকে কেনেকৈ উত্তৰ পালে? তেওঁলোকে বাৰু কি শিকিলে?

ঈশ্বৰ—তেওঁ কোন?

পৰ্তুগালত বাস কৰা এগৰাকী অধ্যাপিকাই নান আৰু পাদুৰিবিলাকৰ পৰা শিক্ষা গ্ৰহণ কৰিছিল। তাই নিষ্ঠাৰে যি শিকিছিল তাক পালন কৰিছিল। যেতিয়া গীৰ্জাই সেইবোৰ শিক্ষাত সাল-সলনি কৰিলে আৰু তেনেদৰে পালন নকৰিবলৈ কʼলে তেতিয়া তাই বিভ্ৰান্ত হৈ পৰিল। তাই পূৰ্ব্বীয় দেশলৈ যাত্ৰা কৰি তাত উপাসনা কৰাৰ পদ্ধতিৰ বিষয়ে যেতিয়া জানিব পাৰিলে তেতিয়া সত্য ঈশ্বৰ কোন বুলি শিকি তাই অতি বিস্মিত হʼব ধৰিলে। তাই কেনেধৰণে উপাসনা কৰা উচিত? এই বিষয়ে বাইবেলৰ পৰা শিকাবলৈ যেতিয়া অধ্যাপিকা গৰাকীয়ে পাদুৰিজনৰ কাষ চাপিল তেতিয়া কোনো সন্তুষজনক উত্তৰ নাপালে আৰু ফলস্বৰূপে তাই নিৰুৎসাহিত হৈ পৰিল।

অধ্যাপিকা গৰাকীৰ চহৰত থকা কেথলিক গীৰ্জাই এটা প্ৰচাৰমূলক পত্ৰৰ দ্বাৰা গীৰ্জাৰ সকলোবোৰ সদস্যক যিহোৱাৰ সাক্ষীসকলৰ সৈতে কোনো ধৰণৰ সম্পৰ্ক নাৰাখিবলৈ সতৰ্ক কৰিছিল। কিন্তু সেই অধ্যাপিকা গৰাকীৰ মনত থকা প্ৰশ্নবোৰে তাইক মনে মনে বহি থাকিবলৈ নিদিলে। এদিনাখন যিহোৱাৰ সাক্ষীসকলে তাইৰ ঘৰলৈ প্ৰচাৰ কৰিবলৈ অহাত তাই তেওঁলোকৰ বাৰ্ত্তাক মনোযোগেৰে শুনিলে। যিহোৱাৰ সাক্ষীসকলৰ সৈতে হোৱা কথা-বতৰাৰ সেইয়া আছিল তাইৰ বাবে প্ৰথম সুযোগ।

তাইৰ মনত থকা অনেক প্ৰশ্নৰ উত্তৰ পোৱাৰ আশাৰে সাক্ষীসকলৰ সৈতে বাইবেল অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিলে। প্ৰত্যেক সপ্তাহে তাই সাক্ষীসকলৰ সৈতে আলোচনা কৰিবলৈ প্ৰশ্নৰ এখন দীঘল লিষ্ট তৈয়াৰ কৰিছিল। কিয়নো তাই ঈশ্বৰৰ নাম, সত্য ঈশ্বৰ এজনা নে আৰু তেওঁ উপাসনাৰ বাবে মূৰ্ত্তিবোৰৰ অনুমতি দিয়ে নে নিদিয়ে, তাক জানিবলৈ আগ্ৰহেৰে ইচ্ছা কৰিছিল। যেতিয়া তাইৰ সকলোবোৰ প্ৰশ্নৰ উত্তৰ কোনো ব্যক্তিগত বিচাৰ বুদ্ধিৰে নহয় কিন্তু বাইবেলৰ দ্বাৰা দিয়া হʼল তেতিয়া তাই অতিশয় আচৰিত আৰু আনন্দিত হৈছিল। ক্ৰমান্বয়ে, তাইৰ বহুতো প্ৰশ্নৰ উত্তৰ দিয়া হʼল। বৰ্তমান তাই ‘সত্য উপাসকসকলে আত্মাৰে আৰু সত্যৰে যিহোৱাক উপাসনা কৰিব’ বুলি কোৱা যীচুৰ বাক্যশাৰীৰ সামঞ্জস্যত উপাসনা কৰিছে।—যোহন ৪:২৩.

শ্ৰীলংকাত বাস কৰা এটা পৰিয়ালে যদিও একেলগে নিয়মিতৰূপে বাইবেল অধ্যয়ন কৰিছিল তথাপিও তেওঁলোকে বহুতো গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ বিচাৰি পোৱা নাছিল। এই ক্ষেত্ৰত তেওঁলোকৰ পাদুৰিয়ে কোনো প্ৰকাৰে সহায় কৰিব নোৱাৰিলে। ঘৰে ঘৰে কৰা প্ৰচাৰ কাৰ্য্যত যিহোৱাৰ সাক্ষীসকলে এই পৰিয়ালক সাক্ষাৎ কৰিলে আৰু তেওঁলোকৰ ওচৰত এখন বাইবেল আধাৰিত আলোচনী এৰি গʼল। পিছৰবাৰত যিহোৱাৰ সাক্ষীসকলে পৰিয়ালটোৰ বহুতো বাইবেল প্ৰশ্নৰ সন্তোষজনক উত্তৰ দিয়াত তেওঁলোকে বাইবেল অধ্যয়ন কৰিবলৈ মান্তি হʼল। অধ্যয়নত তেওঁলোকে যি শিকিলে সেইবোৰে তেওঁলোকক অধিক আগ্ৰহী কৰি তুলিলে।

সৰুকালৰে পৰা গীৰ্জাত শিক্ষা লাভ কৰাৰ বাবে এগৰাকী পত্নীয়ে যীচুৱে যে স্বয়ং তেওঁৰ পিতৃক “একমাত্ৰ সত্য ঈশ্বৰ” বুলি কৈছিল এই কথাফাঁকিক বিশ্বাস কৰিবলৈ টান পাইছিল। (যোহন ১৭:১, ৩) কিয়নো গীৰ্জাত তাইক শিকাইছিল যে যীচু আৰু পিতৃ এক আৰু এইটো হৈছে এটা “ধৰ্ম্মৰহস্য,” যাৰ ওপৰত কোনো প্ৰশ্ন কৰা উচিত নহয়। অকপটতা আৰু নিৰাশ মনেৰে তাই যিহোৱাৰ নাম লৈ প্ৰাৰ্থনা কৰিছিল আৰু যীচুৰ সম্বন্ধে থকা সত্যক জানিবলৈ সহায় বিচাৰিছিল। তাৰ পিছত তাই মনোযোগেৰে প্ৰাসঙ্গিক শাস্ত্ৰীয় পদবোৰ পুনৰাই নিৰীক্ষণ কৰিছিল। (যোহন ১৪:২৮; ১৭:২১; ১ কৰিন্থীয়া ৮:৫, ৬) এতিয়া তাই স্পষ্টকৈ জানিবলৈ পাৰিলে যে যিহোৱাই হৈছে সেই সত্য ঈশ্বৰ যিজনাই পৃথিৱী আৰু আকাশ-মণ্ডলৰ সৃষ্টিকৰ্ত্তা আৰু যীচুৰ পিতৃ।—যিচয়া ৪২:৮; যিৰিমিয়া ১০:১০-১২.

কিয় ইমান দুখ-কষ্ট ভুগিবলগীয়া হৈছে?

অত্যন্ত দুখ-কষ্টৰ সম্মুখীন হোৱা ইয়োবৰ বিষয়ে বিবেচনা কৰক। এটা ধুমুহা-বতাহত তেওঁৰ সকলোবোৰ সন্তানৰ অকালতে মৃত্যু হৈছিল আৰু তেওঁ দৰিদ্ৰ হৈ পৰিছিল। তদুপৰি তেওঁ যন্ত্ৰণাদায়ক ৰোগ আৰু ভুৱা বন্ধুসকলৰ মিছা অভিযোগৰো সম্মুখীন হৈছিল। লগতে তেওঁ কিছুমান অবিবেচনাপূৰ্ণ কথাও কৈছিল। (ইয়োব ৬:৩) কিন্তু ঈশ্বৰে তেওঁৰ পৰিস্থিতিক বুজিব পাৰিছিল। (ইয়োব ৩৫:১৫) সেয়েহে ঈশ্বৰে ইয়োবৰ মনৰ কথা বুজি পাই তেওঁক আৱশ্যকীয় পৰামৰ্শ দিছিল। একেইদৰে বৰ্তমানেও তেওঁ নিজৰ সেৱকসকলক পৰামৰ্শ প্ৰদান কৰে।

মোজাম্বিক চহৰত বাস কৰা কাচট্ৰোৱে কেৱল দহ বছৰ বয়সতে নিজৰ মাতৃক মৃত্যুত হেৰুৱাবলগীয়া হৈছিল। সেয়েহে তেওঁ বিহ্বল হৈ এইদৰে সুধিছিল: “তাই কিয় আমাক ত্যাগ দি মৃত্যুক সাৱটি লʼলে?” যদিও তেওঁ সাক্ষী পৰিয়ালত থাকি ডাঙৰ-দীঘল হৈছিল তথাপিও বিভ্ৰান্ত হৈছিল। কিহে তেওঁক শান্ত্বনা প্ৰদান কৰিলে? তেওঁ চীচিয়েৱা ভাষাৰ এখন সৰু বাইবেল পঢ়ি আৰু তেওঁৰ ককায়েকৰ সৈতে আলোচনা কৰি শান্ত্বনা লাভ কৰিছিল।

ক্ৰমান্বয়ে কাচট্ৰোৱে জানিব পাৰিলে যে তেওঁৰ মাকৰ মৃত্যুৰ কাৰণ ঈশ্বৰ নহয় কিন্তু মানৱ অসিদ্ধতাৰ বাবেহে তেনে হʼব পালে। (ৰোমীয়া ৫:১২; ৬:২৩) তদুপৰি বাইবেলে বৰ্ণনা কৰা পুনৰুত্থানৰ বাবে যে তেওঁ নিজৰ মাকক পুনৰাই জীৱিত দেখিবলৈ পাব, এই আশাই তেওঁক নিশ্চয়তা প্ৰদান কৰিলে। (যোহন ৫:২৮, ২৯; পাঁচনিৰ কৰ্ম্ম ২৪:১৫) দুখৰ বিষয় এই যে ঠিক চাৰি বছৰৰ পিছত তেওঁৰ দেউতাকৰো মৃত্যু হয়। কিন্তু এইবাৰ তেওঁ এই বেদনাদায়ক পৰিস্থিতিক সম্মুখীন হʼবলৈ সাজু আছিল। বৰ্তমান তেওঁ যিহোৱাক প্ৰেম কৰাৰ উপৰি নিষ্ঠাৰে তেওঁৰ সেৱা কৰি আছে। তেওঁ যি আনন্দ লাভ কৰিলে তাক তেওঁৰ সকলো পৰিচিত ব্যক্তিয়ে স্পষ্টকৈ দেখিবলৈ পালে।

যিসকল লোকে নিজৰ আপোনজনাক মৃত্যুত হেৰুৱাইছে তেওঁলোকে কাচট্ৰোৱে পোৱা সেই একেই বাইবেলৰ পৰা শান্ত্বনা লাভ কৰিছে। দুষ্ট লোকসকলৰ দ্বাৰা পীড়িত হোৱা কিছুমান লোকে ইয়োবৰ দৰে এইদৰে সোধে: “দুষ্টবোৰ কিয় জীয়াই থাকে?” (ইয়োব ২১:৭) কিন্তু যেতিয়া লোকসকলে যিহোৱাই কি কৈছে তাক বাইবেলৰ পৰা মনোযোগেৰে শুনে তেতিয়া তেওঁলোকৰ বাবে ঈশ্বৰে কৰা হিতজনক কাৰ্য্যক বুজি পায়।—২ পিতৰ ৩:৯.

আমেৰিকা সংযুক্ত ৰাষ্ট্ৰত ডাঙৰ-দীঘল হোৱা বাৰব্ৰাই কেতিয়াও ব্যক্তিগতভাৱে ভয়াবহ যুদ্ধৰ অভিজ্ঞতা হোৱা নাছিল। কিন্তু তাই যুদ্ধগ্ৰস্ত পৰিস্থিতিৰ মাজত থাকি ডাঙৰ-দীঘল হৈছিল। প্ৰত্যেকদিনা তাই যুদ্ধৰ বিষয়ে বাতৰিকাকতত পঢ়িবলৈ পাইছিল। তাই স্কুলত পঢ়ি থকা সময়ত ইতিহাসত কাহানিও নোহোৱা ঘটনাবোৰ ঘটা দেখি বিমোৰত পৰিছিল। ইয়াৰ বাবে দায়ী কোন? যি ঘটিছে তাৰ প্ৰতি ঈশ্বৰে দৃষ্টি কৰিছেনে? তাই বিশ্বাস কৰিছিল যে ঈশ্বৰ অস্তিত্বত আছে, কিন্তু তেওঁৰ প্ৰতি তাইৰ সংমিশ্ৰিত ধাৰণা আছিল।

যিয়ে নহওক, যিহোৱাৰ সাক্ষীসকলৰ সৈতে সঙ্গতি কৰাৰ পিছত বাৰব্ৰাৰ জীৱনলৈ ক্ৰমান্বয়ে পৰিৱৰ্তন আহিল। তাই তেওঁলোকৰ কথা শুনিলে আৰু বাইবেল অধ্যয়ন কৰিবলৈ ধৰিলে। তদুপৰি তাই ৰাজ্যগৃহৰ সভাবোৰত উপস্থিত হৈছিল। আনকি তাই বৃহৎ জিলা অধিৱেশনতো উপস্থিত হৈছিল। ইয়াৰ উপৰিও তাই লক্ষ্য কৰিব পাৰিলে যে সকলো যিহোৱাৰ সাক্ষীৰ সদস্যই তাই সোধা প্ৰশ্নবোৰৰ একেই উত্তৰ দিছিল। কিয়নো সাক্ষীসকলৰ উত্তৰৰ আধাৰ বাইবেল হোৱাৰ বাবে একেইদৰে অভিমত দাঙি ধৰিছিল।

সাক্ষীসকলে তাইক বাইবেলৰ পৰা স্পষ্টকৈ দেখুৱাইছিল যে এই জগতখন চয়তান অৰ্থাৎ ইয়াৰ শাসনকৰ্ত্তাৰ অধীনত আৰু তাৰ মনোভাৱ প্ৰতিফলিত কৰিছে। (যোহন ১৪:৩০; ২ কৰিন্থীয়া ৪:৪; ইফিচীয়া ২:১-৩; ১ যোহন ৫:১৯) সাক্ষীসকলে তাইক বৰ্ণনা কৰিলে যে যি ঘটনাবোৰক দৃষ্টি কৰি তাই বিমোৰত পৰিছে, সেইবোৰৰ সম্পৰ্কে বাইবেলত পূৰ্ব্বেই লিপিবদ্ধ কৰা আছে। (দানিয়েল ২, ৯ আৰু ৮ অধ্যায়) ঈশ্বৰে এই সকলোবোৰৰ বিষয়ে পূৰ্ব্বৰে পৰা উল্লেখ কৰিছে, কিয়নো তেওঁ যেতিয়াই ইচ্ছা কৰে তেতিয়াই ভৱিষ্যতে কি ঘটিব তাৰ বিষয়ে ভৱিষ্যতবাণী কৰিবলৈ তেওঁৰ ক্ষমতা আছে। ইয়াৰে কিছুমান ঘটনা ঈশ্বৰে নিজে ঘটাব আৰু কিছুমানক তেওঁ সাধাৰণভাৱে ঘটিবলৈ অনুমতি দিছে। ইয়াৰ উপৰিও সাক্ষীসকলে বাৰব্ৰাক কʼলে যে বৰ্তমানে ঘটি থকা ভাল-বেয়া ঘটনাবোৰৰ আৰু তাৰ কাৰণসমূহৰ বিষয়ে বাইবেলত পূৰ্ব্বৰে পৰা ভৱিষ্যতবাণী কৰিছে। (মথি ২৪:৩-১৪) তদুপৰি তেওঁলোকে তাইক কʼলে যে বাইবেলত প্ৰতিজ্ঞা কৰা অনুসৰি এক নতুন পৃথিৱী স্থাপিত হʼব যʼত ধাৰ্ম্মিকতা নিবাস কৰিব আৰু দুখ-কষ্ট নাথাকিব।—২ পিতৰ ৩:১৩; প্ৰকাশিত বাক্য ২১:৩, ৪.

ক্ৰমান্বয়ে বাৰব্ৰাই বুজিব পাৰিল যে মানৱজাতিয়ে ভুগি থকা দুখ-কষ্টৰ বাবে ঈশ্বৰ দায়ী নহয়, তদুপৰি আজ্ঞা পালন কৰিবলৈ তেওঁ জবৰদস্তিও নকৰে। (দ্বিতীয় বিবৰণ ৩০:১৯, ২০) আমি চিৰকাল জীয়াই থাকি জীৱনৰ আনন্দ লʼবলৈ ঈশ্বৰে ব্যৱস্থা কৰিলে। কিন্তু তেওঁ আমাক সুযোগ প্ৰদান কৰিছে যাতে আমি বৰ্তমানে তেওঁৰ ধাৰ্ম্মিক পথত চলি তেওঁৰ অনুসাৰে জীৱন-যাপন কৰোঁহঁক। (প্ৰকাশিত বাক্য ১৪:৬, ৭) বাৰব্ৰাই ঈশ্বৰৰ আৱশ্যকতাবোৰক পালন কৰিবলৈ সিদ্ধান্ত লʼলে আৰু সেই অনুসাৰে জীৱন-যাপন কৰিবলৈ আৰম্ভ কৰিলে। তদুপৰি তাই যীচুৰ প্ৰকৃত শিষ্যসকলৰ মাজত থকা প্ৰেমো সাক্ষীসকলৰ মাজত দেখিবলৈ পালে।—যোহন ১৩:৩৪, ৩৫.

আপুনিও বাৰব্ৰাক সহায় কৰা সেই প্ৰবন্ধবোৰৰ পৰা লাভৱান হʼব পাৰে।

জীৱনটো উদ্দেশ্যহীন নহয়

আনকি আৰামেৰে জীৱন-যাপন কৰা লোকসকলেও সেই বিভ্ৰান্তি জন্মোৱা প্ৰশ্নবোৰৰ উত্তৰ জানিবলৈ ইচ্ছা কৰিব পাৰে। উদাহৰণস্বৰূপে, বৃটেইনত বাস কৰা মেথিউ নামৰ এজন যুৱকে সত্য ঈশ্বৰ আৰু জীৱনৰ উদ্দেশ্যৰ বিষয়ে জানিবলৈ অতিশয় ইচ্ছা কৰিছিল। তেওঁ ১৭ বছৰ বয়সত দেউতাকক মৃত্যুত হেৰুৱাবলগীয়া হয়। তাৰ পিছত তেওঁ বিশ্ববিদ্যায়লৰ পৰা সঙ্গীত বিভাগত স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত তেওঁ ভৌতিকবাদত জীৱন-যাপন কৰাটো অসাৰতা বুলি অনুভৱ কৰে। তেওঁ ঘৰ এৰি লণ্ডনলৈ আহে আৰু নিচা জাতীয় পদাৰ্থ সেৱন, নাইট ক্লাব, জ্যোতিষ-বিদ্যা, প্ৰেতাত্মাবাদ, জেন বৌদ্ধ আৰু আন দৰ্শনশাস্ত্ৰবাদত জড়িত হৈ পৰে। অৱশেষত এই সকলোবোৰৰ পৰা নিৰাশ হৈ সত্যতাক বিচাৰি পাবলৈ তেওঁ ঈশ্বৰৰ পৰা সহায় বিচাৰে।

দুদিনৰ মূৰত মেথিউৱে তেওঁৰ এজন পুৰণি বন্ধুক লগ পায় আৰু নিজৰ দুৰ্দশাৰ বিষয়ে কয়। সেই বন্ধুজনে যিহোৱাৰ সাক্ষীসকলৰ সৈতে বাইবেল অধ্যয়ন কৰিছিল। যেতিয়া সেই বন্ধুজনে তেওঁক ২ তীমথিয় ৩:১-৫ পদটো খুলি দেখুৱাই তেতিয়া তেওঁ আচৰিত হৈ পৰিল যে কেনেকৈ বাইবেলে ইমান সঠিকভাৱে চলিত ঘটনাবোৰৰ বিষয়ে বৰ্ণনা কৰিছে। যেতিয়া মেথিউৱে যীচুৱে উল্লেখ কৰা পৰ্ব্বতীয় উপদেশ পঢ়ে তেতিয়া সেইবোৰে তেওঁৰ হৃদয় স্পৰ্ষ কৰে। (মথি ৫-৭ অধ্যায়) তেওঁ সাক্ষীসকলৰ বিৰুদ্ধে লিখা কিছুমান কিতাপ পঢ়াৰ বাবে প্ৰথম অৱস্থাত তেওঁ যিহোৱাৰ সাক্ষীসকলৰ সৈতে সঙ্গতি কৰিবলৈ কুন্ঠাবোধ কৰিছিল। কিন্তু অৱশেষত তেওঁৰ ঘৰৰ ওচৰত থকা যিহোৱাৰ সাক্ষীসকলৰ ৰাজ্যগৃহত হোৱা সভাত উপস্থিত হʼবলৈ ঠিৰাং কৰিলে।

তেওঁ মণ্ডলীৰ সভাত যি শুনিলে তাত অতিশয় আনন্দিত হʼল আৰু মণ্ডলীৰ এজন প্ৰাচীনৰ সৈতে অধ্যয়ন কৰিবলৈ আৰম্ভ কৰে। তেওঁ শীঘ্ৰেই বুজিব পাৰিলে যে অতীতত যি বিচাৰি প্ৰাৰ্থনা কৰিছিল, তেওঁ সেইবোৰৰ উত্তৰ পালে। তেওঁৰ যিহোৱাক অসন্তুষ কৰা সকলোবোৰ বেয়া অভ্যাস ত্যাগ দি লাভৱান হোৱাৰ অভিজ্ঞতা হʼল। তেওঁ ঈশ্বৰলৈ হিতকাৰক ভয় বজাই ৰাখি তেওঁৰ আজ্ঞাৰ অনুসাৰে জীৱন-যাপন কৰিব ধৰিলে। এইদৰে মেথিউৱে জানিব পাৰিলে যে জীৱনটো অৰ্থহীন নহয় কিন্তু ইয়াৰ এটা প্ৰকৃত উদ্দেশ্য আছে।—উপদেশক ১২:১৩.

এই লেখটোত উল্লেখ কৰা মেথিউ আৰু অন্য ব্যক্তিসকলে এক সন্তোষ্টিদায়ক জীৱন-যাপন কৰিব বুলি পূৰ্ব্বৰে পৰা নিৰ্দ্ধাৰিত কৰা নাছিল। তথাপিও তেওঁলোকে যিহোৱাৰ প্ৰেমময় উদ্দেশ্য যʼত আনন্দেৰে তেওঁৰ আজ্ঞা পালন কৰোঁতাসকল সন্মিলিত আছে, সেই বিষয়ে জানিব পাৰিলে। (পাঁচনিৰ কৰ্ম্ম ১০:৩৪, ৩৫) সেই উদ্দশ্যত এনে এখন সুন্দৰ পৃথিৱী সন্মিলিত আছে যʼত কোনো যুদ্ধ, ৰোগ, ভোকাতুৰ অৱস্থা আৰু মৃত্যু নাথাকিব। (যিচয়া ২:৪; ২৫:৬-৮; ৩৩:২৪; যোহন ৩:১৬) এনে এক পৰিস্থিতি আপুনিও বিচাৰেনে? যদি বিচাৰে তেন্তে বাইবেল আধাৰিত আলোচনা কৰা যিহোৱাৰ সাক্ষীসকলৰ ৰাজ্যগৃহত হোৱা সভাত উপস্থিত হৈ সন্তুষ্টিজনক জীৱন-যাপন কৰাৰ বিষয়ে জানিব পাৰিব। আপোনাক আন্তৰিকতাৰে আমন্ত্ৰত কৰা হৈছে। (w03 5/1)

[৪ পৃষ্ঠাৰ স্বীকৃতিপ্ৰাপ্ত ছবিসমূহ]

পদভ্ৰমণকাৰী: Chad Ehlers/Index Stock Photography

[৭ পৃষ্ঠাৰ ছবি]

ঈশ্বৰৰ ব্যক্তিগত নাম ব্যৱহৰ কৰি একান্ত মনেৰে তেওঁলৈ প্ৰাৰ্থনা কৰক

[৭ পৃষ্ঠাৰ ছবিসমূহ]

প্ৰকৃততে যিসকলে বাইবেলৰ পৰা সত্যতা শিকাই তেওঁলোকৰ সৈতে বাইবেল অধ্যয়ন কৰক

[৭ পৃষ্ঠাৰ ছবি]

ৰাজ্যগৃহত আয়োজন কৰা সভাবোৰত উপস্থিত হওক