যুৱক-যুৱতীসকল আপোনালোকে আধ্যাত্মিকভাৱে উন্নতি কৰিছেনে?
যুৱক-যুৱতীসকল আপোনালোকে আধ্যাত্মিকভাৱে উন্নতি কৰিছেনে?
হেডিয় নামৰ এজন ডেকা ব্যক্তিয়ে তেওঁ জুনিয়ৰ হাই স্কুলত পঢ়ি থকা দিনবোৰৰ বিষয়ে সোঁৱৰি এইদৰে কয়: “মই যদিও খ্ৰীষ্টান সভাবোৰত উপস্থিত হৈছিলোঁ তথাপিও যিহোৱাক সেৱা কৰাৰ বাবে মই আন্তৰিকতাৰে ইচ্ছুক নাছিলোঁ। মই প্ৰায়ে নিজকে সহপাঠীসকলৰ সৈতে জনাজাত হৈ পৰা আৰু ৰাস্তাত প্ৰেয়সীৰ সৈতে ঘূৰি-ফুৰাটো গৌৰৱ অনুভৱ কৰিছিলোঁ। মোৰ কোনো নিৰ্দ্দিষ্ট লক্ষ্য নাছিল আৰু আধ্যাত্মিৰূপে উন্নতি কৰাৰ প্ৰতিও মই আগ্ৰহী নাছিলোঁ।” হেডিয়ৰ দৰে বহুতো যুৱক-যুৱতীয়ে লক্ষ্যহীনভাৱে ভ্ৰমি ফুৰিছে আৰু তেওঁলোকে অৰ্থপূৰ্ণ লক্ষ্য ৰাখা বা উন্নতি কৰাৰ প্ৰতি কোনো ধাউতি নাই।
যদি আপুনি এজন ডেকা ব্যক্তি, তেনেহʼলে যেতিয়া কোনো খেল বা এটা মনৰ পছন্দৰ কাৰ্য্যত জড়িত হৈছে তেতিয়া নিশ্চয়ে উত্তেজিত হʼব। কিন্তু যেতিয়া কোনো আধ্যাত্মিক কাৰ্য্য কৰাৰ বিষয় আহে তেতিয়া আপুনি হয়তো তেনেদৰে উত্তেজিত অনুভৱ নকৰিব। আধ্যাত্মিক কাৰ্য্য বা লক্ষ্যসমূহৰ প্ৰতি উত্তেজিত হোৱাটো সম্ভৱনে? গীতমালা লিখকে লিখা এই বাক্যশাৰীক বিবেচনা কৰক: “যিহোৱাৰ সাক্ষ্য বিশ্বাসযোগ্য, অজ্ঞানক জ্ঞান দিওঁতা। . . . যিহোৱাৰ আজ্ঞা নিৰ্ম্মল, চকুৰ দীপ্তিজনক।” (গীতমালা ১৯:৭, ৮) ঈশ্বৰৰ বাক্যই “অজ্ঞানক” জ্ঞানীৰূপে চলিবলৈ নিৰ্দ্দেশনা আৰু তেওঁৰ ‘চকু দীপ্তিজনক’ কৰি তুলে। বাস্তৱতে আপুনি আধ্যাত্মিক কাৰ্য্যসমূহৰ দ্বাৰা আনন্দিত হʼব পাৰে। কিন্তু আপুনি আনন্দিত হʼবলৈ কিহৰ আৱশ্যক? আপুনি কʼৰ পৰা আৰম্ভ কৰিব?
ঈশ্বৰৰ সেৱা কৰিবলৈ প্ৰেৰিত হওক
সৰ্ব্বপ্ৰথমে আপুনি নিশ্চয়ে অনুপ্ৰেৰিত হোৱা আৱশ্যক। এই সম্পৰ্কে যিহূদাৰ ডেকা ৰজা যোচিয়াৰ বিষয়ে বিবেচনা কৰক। যেতিয়া যিহোৱাৰ ব্যৱস্থাৰ পুস্তকবোৰ মন্দিৰৰ পৰা আবিষ্কাৰ কৰা হʼল তেতিয়া যোচিয়াই সেই পুস্তকবোৰ পাঠ কৰিলে আৰু তেওঁ যি শুনিলে তাৰ দ্বাৰা গভীৰভাৱে প্ৰভাৱিত হʼল। ফলস্বৰূপে, “যোচিয়াই ইস্ৰায়েলৰ সন্তানবিলাকে অধিকাৰ কৰা সকলো দেশৰ পৰা আটাই ঘিণলগা বস্তুবোৰ দূৰ কৰিলে।” (২ বংশাৱলি ৩৪:১৪-২১, ৩৩) ঈশ্বৰৰ বাক্যক অধ্যয়ন কৰাৰ দ্বাৰা যোচিয়া ৰজাই শুদ্ধ উপাসনাক উন্নত কৰিবলৈ পৰিচালিত হʼল।
আপুনিও বাইবেলখন অধ্যয়ন আৰু তাৰ বিষয়বোৰত ধ্যান কৰি যিহোৱাক সেৱা কৰিবলৈ আগ্ৰহকতা বিকাশিত কৰিব পাৰে। যিহোৱাৰ সেৱা কৰিবলৈ একেইদৰে হেডিয়ও পৰিচালিত হʼল। তেওঁ পূৰ্ণ সময়ে প্ৰচাৰ কাৰ্য্য কৰা এজন বয়সস্থ যিহোৱাৰ সাক্ষী ভাইৰ সৈতে নিবিড়ভাৱে সঙ্গতি কৰিবলৈ ধৰিলে। সেই অগ্ৰগামী ভাইজন এজন পৰিশ্ৰমী বাইবেল বিদ্যাৰ্থী আছিল, যিজনে শিকা বিষয়বোৰৰ অনুসাৰে চলিবলৈ প্ৰচেষ্টা কৰিছিল। সেই অগ্ৰগামী ভাইজনৰ আৰ্হিৰে উৎসাহিত হৈ হেডিয়ও একেইদৰে কৰিবলৈ আৰম্ভ কৰিলে আৰু ঈশ্বৰ আৰু আন লোকক সেৱা কৰাৰ প্ৰতি অধিক আগ্ৰহী হʼল। তেওঁৰ আধ্যাত্মিক উন্নতিৰ ফলস্বৰূপে জীৱনটো অৰ্থপূৰ্ণ হৈ পৰিল।
বাইবেলখন দৈনিক পাঠ কৰি ডেকা ব্যক্তিসকলে প্ৰেৰিত হʼব পাৰে। এই বিষয়ে টাকাহিৰো নামৰ এজন ডেকা ব্যক্তিয়ে
এইদৰে কয়: “মই শুবলৈ যোৱাৰ পূৰ্ব্বেই যেতিয়াই অনুভৱ কৰোঁ যে মই দিনটোৰ বাইবেল পাঠ কৰা নাই তেতিয়াই মই বিছনাৰ পৰা নামি আহি বাইবেল পাঠ কৰোঁ। তাৰ ফলস্বৰূপে, মই যিহোৱাই প্ৰদান কৰা নিৰ্দ্দেশনাবোৰ অনুভৱ কৰিলোঁ। দৈনিক বাইবেল পাঠে মোক আধ্যাত্মিক উন্নতি কৰাত অধিককৈ সহায় কৰিলে। যিহোৱাৰ সেৱাত অধিক সময় অতিবাহিত কৰিবলৈ মই হাই স্কুল পাছ কৰাৰ পিছত নিয়মিত অগ্ৰগামী সেৱা কৰিবলৈ আগবাঢ়ি আহিলোঁ আৰু এতিয়া মই অগ্ৰগামী সেৱাত ভাগ লৈ অতি আনন্দিত হৈছোঁ।”ইয়াৰ উপৰিও বাইবেল পাঠে আপোনাক যিহোৱাৰ স্তুতি কৰিবলৈ প্ৰেৰিত কৰেনে? টুমহিৰো নামৰ এজন ডেকা ব্যক্তিয়ে তেওঁৰ মাকৰ পৰা সত্যতাৰ বিষয়ে শিকিব পাৰিলে। তেওঁ এইদৰে কৈছিল: “মই যেতিয়ালৈকে জীৱনৰ কোনো উদ্দেশ্য আছেনে নামৰ কিতাপখন বিতংকৈ অধ্যয়ন কৰা নাছিলোঁ তেতিয়ালৈকে অৰ্থাৎ ১৯ বছৰ বয়সৰলৈকে যিহোৱাৰ প্ৰেম আৰু যীচুৰ মুক্তিপণ বলিদানৰ প্ৰতি আগ্ৰহকতা অনুভৱ কৰিব পৰা নাছিলোঁ। ঈশ্বৰৰ প্ৰতি থকা মূল্যাঙ্কনে মোক যিহোৱাৰ সেৱাত অধিক কাৰ্য্য কৰিবলৈ অনুপ্ৰেৰিত কৰিলে।” (২ কৰিন্থীয়া ৫:১৪, ১৫) টুমহিৰোৰ দৰে বহুতো যুৱক-যুৱতীয়ে বাইবেলখন কৰ্তব্যনিষ্ঠাৰে ব্যক্তিগত অধ্যয়ন কৰি আধ্যাত্মিকত উন্নতি কৰিছে।
এতিয়াও যদি আপুনি ঈশ্বৰক সেৱা কৰিবলৈ আগ্ৰহী হোৱা নাই তেন্তে কি কৰিব পাৰে? কোনোবাই আপোনাক এই ক্ষেত্ৰত সহায় কৰিব পাৰেনে? এই বিষয়ে পাঁচনি পৌলে এইদৰে লিখিছিল: “কিয়নো ঈশ্বৰেই নিজৰ হিত-সঙ্কল্পৰ কাৰণে তোমালোকৰ অন্তৰত ইচ্ছা কৰা আৰু কাৰ্য্য-সাধন কৰা, এই উভয়ৰ সাধনকৰ্ত্তা হৈছে।” (ফিলিপীয়া ২:১৩) যদি আপুনি সহায়ৰ বাবে যিহোৱালৈ প্ৰাৰ্থনা কৰে, তেনেহʼলে তেওঁ আপোনাক বিনামূল্যেই তেওঁৰ পবিত্ৰ আত্মা প্ৰদান কৰিব যিয়ে আপোনাক কেৱল ‘কাৰ্য্য-সাধন’ কৰিবলৈ নহয়, কিন্তু ‘ইচ্ছাকো’ বৃদ্ধি কৰিব। ইয়াৰ অৰ্থ হৈছে ঈশ্বৰৰ পবিত্ৰ আত্মাই যিহোৱাৰ সেৱাত আগ্ৰহী হʼবলৈ আৰু আধ্যাত্মিকৰূপে উন্নতি কৰিবলৈ সহায় কৰিব। গতিকে সম্পূৰ্ণকৈ যিহোৱাৰ শক্তিত ভাৰসা ৰাখক আৰু আপোনাৰ মানসিক শক্তিক বৃদ্ধি কৰক!
নিজৰ বাবে লক্ষ্য ৰাখক
এবাৰ আপুনি সম্পূৰ্ণকৈ যিহোৱাৰ সেৱা কৰিবলৈ নিৰ্ণয় লোৱাৰ পিছত আধ্যাত্মিকৰূপে উন্নতি কৰিবলৈ ব্যক্তিগত লক্ষ্যসমূহ ৰাখা আৱশ্যক। মানা নামৰ এগৰাকী যুৱতী খ্ৰীষ্টান ভনীয়ে এইদৰে কৈছিল: “লক্ষ্য ৰাখাৰ দ্বাৰা মোৰ বাবে অধিক সহায়ক হʼল। মই পিছলৈ উভতি যোৱাৰ পৰিৱৰ্তে আগবাঢ়িবলৈ সাহ কৰিব পাৰিলোঁ। মই ৰাখা লক্ষ্যসমূহৰ বিষয়ে মনত ৰাখি যিহোৱাৰ নিৰ্দ্দেশনা বিচাৰি তেওঁৰ ওচৰত নিৱেদন কৰিলোঁ আৰু মই অন্যমনস্ক নোহোৱাকৈ উন্নতি কৰাত সক্ষম হʼলোঁ।”
আপুনি ৰাখা লক্ষ্যসমূহ বাস্তৱিক আৰু উপলভ্য হোৱা উচিত। প্ৰত্যেক দিনা বাইবেলৰ পৰা এটা অধ্যায় পঢ়িবলৈ ৰাখা লক্ষ্যটো হৈছে বাস্তৱিক। তদুপৰি আপুনি পঢ়া বিষয়বোৰৰ ওপৰত অনুসন্ধান কৰিবলৈও আৰম্ভ কৰিব পাৰে। এই বিষয়ে বুজিবলৈ, ইংৰাজীত উপলব্ধ থকা প্ৰকাশনসমূহত আপুনি হয়তো যিহোৱাৰ গুণসমূহৰ বিষয়ে অনুসন্ধান কৰিব পাৰে। এই বিষয়ে ৱাচ্ টাৱাৰ পাব্লিকেশ্বন ইনডেক্স কিতাপখনত “যিহোৱা” নামৰ অন্তৰ্গত দিয়া “ক্ৰমানুসৰি গুণসমূহৰ নাম” বুলা শিৰোনামাতো চাওক। তাত প্ৰায় ৪০ টা সন্নিবিষ্ট বিষয় পাব যাক আপুনি বিবেচনা কৰিব পাৰে আৰু ইয়াত কোনো সন্দেহ নাই যে তেনেদৰে কৰা অনুসন্ধানে অৱশ্যেই আপোনাক যিহোৱাৰ কাষ চপাত সহায় কৰিব। ইয়াৰ উপৰিও আপুনি তেনে অনুসন্ধানৰ পৰা যিহোৱাৰ বিষয়ে অধিক জানিব পাৰিব। আপুনি আন উপলভ্য লক্ষ্যসমূহো ৰাখিব পাৰে যেনে, প্ৰত্যেক খ্ৰীষ্টান সভাত উপস্থিত হৈ অৰ্থপূৰ্ণ উত্তৰ দিয়া, প্ৰত্যেক সভাত মণ্ডলীৰ প্ৰত্যেকজন সদস্যৰ সৈতে ভালদৰে অৱগত হোৱা, প্ৰত্যেক দিনা যিহোৱাৰ কাৰ্য্যবোৰৰ প্ৰতি মনোযোগ আৰু আনক তেওঁৰ বিষয়ে কোৱা।
আপুনি যদি এতিয়াও ঈশ্বৰ শাসিত স্কুলত আপোনাৰ নাম দিয়া নাই, তেনেহʼলে নাম ভৰ্তি কৰাৰ এটা উত্তম লক্ষ্য ৰাখিব পাৰে। আপুনি ৰাজহুৱাভাৱে প্ৰচাৰ কাৰ্য্য আৰম্ভ কৰিলেনে? যদি এতিয়াও কৰা নাই, তেনেহʼলে বাপ্তিষ্মা নোলোৱা প্ৰকাশক হোৱাৰ লক্ষ্য ৰাখক। যিহোৱাৰ সৈতে থকা আপোনাৰ সম্বন্ধৰ বিষয়ে গভীৰভাৱে বিবেচনা কৰি নিজকে তেওঁলৈ সমৰ্পণ কৰাটো হৈছে প্ৰকৃততে পৰৱৰ্তী পদক্ষেপ। বহুতো যুৱক-যুৱতীয়ে পূৰ্ণ সময়ৰ পৰিচৰ্য্যাত ভাগ লৈ সমৰ্পণৰ অনুসাৰে জীৱন-যাপন কৰাৰ প্ৰচেষ্টাত সক্ষম হৈছে।
জীৱনত লক্ষ্যসমূহ ৰখা অতি উত্তম বিষয় যদিও প্ৰতিযোগিতামূলক মনোবৃত্তি ৰখাৰ পৰা বিৰত থাকক। যদি আপুনি নিজৰ কাৰ্য্যক আনৰ সৈতে তুলনা নকৰে তেন্তে তাক কৰি আনন্দিত হʼব।—হয়তো আপুনি নিজকে অভিজ্ঞতাহীন অনুভৱ কৰি নিজলৈ যুক্তিসঙ্গত লক্ষ্য ৰাখিবলৈ কঠিন অনুভৱ কৰিছে, তেনেহʼলে বাইবেলৰ এই পৰামৰ্শক পালন কৰক, যʼত এইদৰে কোৱা হৈছে: “তুমি কাণ পাতি জ্ঞানৱানবিলাকৰ কথা শুনা।” (হিতোপদেশ ২২:১৭) গতিকে আপুনি নিজৰ পিতৃ-মাতৃ বা আন পৰিপক্ক খ্ৰীষ্টান ব্যক্তিৰ পৰা সহায় লওক। এই বিষয়ে পিতৃ-মাতৃ আৰু আনসকলে যুক্তিসঙ্গতভাৱে উৎসাহিত কৰা আৱশ্যক। কিয়নো আনে নিৰ্দ্ধাৰিত কৰি দিয়া লক্ষ্যক উপনীত হোৱাৰ চেষ্টাৰ হেঁচাই ডেকাসকলৰ আনন্দ কাঢ়ি নিব আৰু যি উদ্দেশ্যৰে লক্ষ্য ৰাখা হৈছে সেয়াও বিফল হʼব পাৰে। তেনেদৰে এজনী ছোৱালীৰ সৈতে হৈছিল, যাৰ বিষয়ে তাই এনেদৰে কৈছিল: “মোৰ পিতৃ-মাতৃয়ে এটাৰ পিছত আনটো লক্ষ্য নিৰ্দ্ধাৰিত কৰিছিল, যেনে, ঈশ্বৰ শাসিত স্কুলত নাম ভৰ্ত্তি কৰা, প্ৰচাৰ কাৰ্য্যত ভাগ লোৱা, বাপ্তিষ্মা লোৱা আৰু অগ্ৰগামী সেৱা কৰা। সেই লক্ষ্যসমূহত উপনীত হʼবলৈ মই অনেক প্ৰচেষ্টা কৰিলোঁ। যেতিয়া মই এটা লক্ষ্যত উপনীত হলোঁ তেতিয়া মোৰ পিতৃ-মাতৃয়ে মই কৰা প্ৰচেষ্টাৰ প্ৰতি শলাগ লোৱাৰ পৰিৱৰ্তে আন এটা লক্ষ্যত উপনীত হʼবলৈ প্ৰচেষ্টা কৰিবলৈ কʼলে। ফলস্বৰূপে, মই লক্ষ্যসমূহত উপনীত হʼবলৈ সদায়ে নিজকে নিৰুপায় অনুভৱ কৰিছিলোঁ। লক্ষ্যসমূহত উপনীত হোৱাৰ সফলতা লাভ কৰাৰ বোধ কৰি মই একেবাৰে ক্লান্ত হৈ পৰিছিলোঁ।” ইয়াত কি ভুল হৈছিল? সেই সকলোবোৰ লক্ষ্য কাৰ্য্যকাৰী, কিন্তু তাই নিজেই ৰাখা লক্ষ্য নাছিল। গতিকে লক্ষ্যসমূহত সফলতাৰে উপনীত হʼবলৈ আপুনি নিজেই আগভাগ লৈ নিজৰ বাবে লক্ষ্য ৰাখা আৱশ্যক!
ক্ষন্তেক যীচুৰ বিষয়ে বিবেচনা কৰক। পৃথিৱীলৈ অহাৰ সময়ত তেওঁৰ পিতৃ যিহোৱাই তেওঁৰ পৰা কি অপেক্ষা কৰিছে তাৰ বিষয়ে তেওঁ জানিছিল। যীচুৱে নিজৰ নিযুক্তিসমূহৰ প্ৰতি কেনে দৃষ্টি ৰাখিছিল? তেওঁ এইদৰে কৈছিল: “মোক পঠোৱা জনাৰ ইচ্ছা পালন কৰা, আৰু তেওঁৰ কাৰ্য্য সিদ্ধি কৰাই মোৰ আহাৰ।” (যোহন ৪:৩৪) যীচুৱে তেওঁৰ পিতৃৰ ইচ্ছা পালন আৰু তেওঁ বিচৰা অনুসাৰে জীৱন-যাপন কৰিবলৈ আনন্দিত হৈছিল। কিয়নো সেইবোৰ তেওঁৰ বাবে আহাৰৰ দৰে আছিল। সেয়েহে তেওঁৰ পৰা আশা কৰা কাৰ্য্যসমূহক সম্পন্ন কৰি তেওঁ আনন্দিত আৰু সন্তুষ্টি লাভ কৰিছিল। (ইব্ৰী ১০:৫-১০) আপোনাৰ পিতৃ-মাতৃয়ে কৰিবলৈ উৎসাহিত কৰা কাৰ্য্যবোৰক সঠিক মনোবৃত্তিৰে কৰি আপুনিও আনন্দিত হʼব পাৰে।
যি উত্তম তাক কৰিবলৈ নিৰুৎসাহী নহʼব
আপুনি এবাৰ লক্ষ্য ৰাখাৰ পিছত তাত উপনীত হʼবলৈ পৰিশ্ৰম কৰক। এই সন্দৰ্ভত গালাতীয়া ৬:৯ পদত এইদৰে কৈছে: “সৎকৰ্ম্ম কৰি কৰি আমি নিৰুৎসাহ নহওঁহঁক; কিয়নো আমি ক্লান্ত নহলে, উচিত সময়ত দাবলৈ পাম।” ইয়াৰ বাবে আপুনি নিজৰ শক্তি আৰু ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰা উচিত নহয়। সময়ত হয়তো আপুনি কোনো বাধা অথবা কেতিয়াবা অস্থায়ীভাৱে বিফলতাৰ সম্মুখীন হʼব পৰে। কিন্তু বাইবেলে আমাক এইদৰে আশ্বাস দিছে: “তোমাৰ সকলো কাৰ্য্যত তেওঁক স্বীকাৰ কৰা; তাতে তেওঁ তোমাৰ পথবোৰ সমান কৰিব।” (হিতোপদেশ ৩:৬) বাস্তৱতে আধ্যাত্মিক লক্ষ্যসমূহত উপনীত হʼবলৈ আপুনি কৰা পৰিশ্ৰমত যিহোৱাই আপোনাক অৱশ্যেই সামৰ্থ প্ৰদান কৰিব।
দৰাচলতে যিহোৱাৰ সেৱা কৰিবলৈ বিকাশিত কৰা আগ্ৰহকতা আৰু আধ্যাত্মিক লক্ষ্যসমূহত উপনীত হৈ আপুনি ‘সকলোৰে আগত নিজৰ বৃদ্ধি প্ৰকাশিত’ কৰাত সফল হʼব। (১ তীমথিয় ৪:১৫) তেতিয়াহে আপুনি ঈশ্বৰৰ সেৱাত এক অৰ্থপূৰ্ণ জীৱন নিৰ্বাহ কৰিব পাৰিব। (w03 4/1)
[৯ পৃষ্ঠাৰ ছবি]
বাইবেল পাঠ আৰু আপুনি যি পঢ়িছে তাত ধ্যান কৰাৰ দ্বাৰা যিহোৱাৰ সেৱা কৰিবলৈ প্ৰেৰিত হʼব
[১০ পৃষ্ঠাৰ ছবি]
যীচুৱে তেওঁৰ পিতৃয়ে আশা কৰাৰ অনুসাৰে জীৱন-যাপন কৰিলে