অধ্যয়নৰ লেখ ৪৭
এজনে-আনজনৰ প্ৰতি প্ৰেম কেনেকৈ বঢ়াব পাৰোঁ?
“আমি পৰস্পৰে প্ৰেম কৰোঁহঁক; কিয়নো প্ৰেম ঈশ্বৰৰ পৰা হয়।”—১ যোহ. ৪:৭.
গীত ১০৯ হৃদয়েৰে প্ৰেম কৰা
লেখৰ এক আভাস a
১-২. (ক) পাঁচনি পৌলে প্ৰেমৰ গুণক সকলোতকৈ শ্ৰেষ্ঠ বুলি কিয় কʼলে? (খ) আমি কি কি প্ৰশ্নৰ ওপৰত আলোচনা কৰিম?
এবাৰ পাঁচনি পৌলে বিশ্বাস, আশা আৰু প্ৰেমৰ বিষয়ে কথা পাতোঁতে, শেষত তেওঁ এইদৰে কৈছিল, “এই কেইটাৰ মাজত প্ৰেমেই শ্ৰেষ্ঠ।” (১ কৰি. ১৩:১৩) পৌলে এইদৰে কিয় কৈছিল? কিয়নো ভৱিষ্যতে নতুন পৃথিৱীৰ বিষয়ে ঈশ্বৰে কৰা প্ৰতিজ্ঞাৰ ওপৰত আমি বিশ্বাস কৰাৰ প্ৰয়োজন নহʼব আৰু এইবোৰ পূৰ হোৱাৰ বাবে আশাও কৰিব নালাগিব। কিয়নো সেই সময়ত এই সকলোবোৰ পূৰ হৈ যাব। কিন্তু যিহোৱা আৰু তেওঁৰ লোকসকলক আমি সদায় প্ৰেম কৰি থাকিব লাগিব। আচলতে তেওঁলোকৰ প্ৰতি আমাৰ প্ৰেম দিনক দিনে আৰু বাঢ়ি গৈ থাকিব।
২ আমি এজনে-আনজনক প্ৰেম কৰি থাকিব লাগিব। সেইবাবে, আহক আমি এই তিনিটা প্ৰশ্নৰ ওপৰত মন কৰোঁ: (১) আমি এজনে-আনজনক কিয় প্ৰেম কৰা উচিত? (২) আমি এজনে-আনজনক কেনেকৈ প্ৰেম দেখুৱাব পাৰোঁ? আৰু (৩) আমি এজনে-আনজনৰ প্ৰতি প্ৰেম কেনেকৈ বঢ়াই থাকিব পাৰোঁ?
এজনে-আনজনক কিয় প্ৰেম কৰিব লাগে?
৩. আমি এজনে-আনজনক কিয় প্ৰেম কৰা উচিত?
৩ আমি এজনে-আনজনক প্ৰেম কৰাটো কিয় গুৰুত্বপূৰ্ণ? ইয়াৰ বহুতো কাৰণ আছে। এটা কাৰণ হৈছে প্ৰেম সত্য খ্ৰীষ্টানসকলৰ পৰিচয়। যীচুৱে নিজৰ পাঁচনিসকলক এইদৰে কৈছিল, “তোমালোকে যদি পৰস্পৰৰ মাজত প্ৰেম ৰাখা, তেন্তে তোমালোক যে মোৰ শিষ্য, ইয়াক তাৰ দ্বাৰাই সকলোৱে জানিব।” (যোহ. ১৩:৩৫) ইয়াৰ উপৰিও, যেতিয়া আমি এজনে-আনজনক প্ৰেম কৰোঁ, তেতিয়া আমাৰ মাজত একতা থাকে। পাঁচনি পৌলে কৈছিল, “প্ৰেম সম্পূৰ্ণৰূপে একতাৰ বান্ধোনত বান্ধি ৰাখে।” (কল. ৩:১৪, NW) কিন্তু এজনে-আনজনক প্ৰেম কৰাৰ আৰু এটা গুৰুত্বপূৰ্ণ কাৰণ আছে। পাঁচনি যোহনে খ্ৰীষ্টানসকলক কৈছিল, “যি জনে ঈশ্বৰক প্ৰেম কৰে, তেওঁ আপোন ভাইকো প্ৰেম” কৰা উচিত। (১ যোহ. ৪:২১) ইয়াৰ অৰ্থ হৈছে, যেতিয়া আমি এজনে-আনজনক প্ৰেম কৰোঁ, তেতিয়া ইয়াৰ পৰা জানিব পাৰি যে আমি ঈশ্বৰকো প্ৰেম কৰোঁ।
৪-৫. উদাহৰণ দি বুজাওক যে ঈশ্বৰৰ প্ৰতি থকা প্ৰেম আৰু ভাই-ভনীসকলৰ মাজত থকা প্ৰেমৰ মাজত কি সম্বন্ধ আছে?
৪ ঈশ্বৰৰ প্ৰতি থকা প্ৰেম আৰু আমাৰ ভাই-ভনীসকলৰ মাজত থকা প্ৰেমৰ মাজত কি সম্বন্ধ আছে? ইয়াক বুজিবলৈ মন কৰক আমাৰ হৃদয় আৰু শৰীৰৰ আন অংগবোৰৰ মাজত কি সম্বন্ধ আছে। যেতিয়া এজন ডাক্তৰে আমাৰ হাতত ধৰি পাল্চ পৰীক্ষা কৰে, তেতিয়া তেওঁ কম বেছি পৰিমাণে আমাৰ হৃদয়ৰ অৱস্থাৰ বিষয়ে গম পায়। প্ৰেমৰ ক্ষেত্ৰতো এইদৰেই হয়।
৫ যেতিয়া এজন ডাক্তৰে আমাৰ হাতত ধৰি পাল্চ পৰীক্ষা কৰে, তেতিয়া হৃদয়খন কিমান মজবুত আছে তাক বুজি পায়। ঠিক সেইদৰে, যেতিয়া আমি চাওঁ যে আমি ভাই-ভনীসকলক কিমান প্ৰেম কৰোঁ, তেতিয়া তাৰ পৰা জানিব পাৰি যে আমি ঈশ্বৰক কিমান প্ৰেম কৰোঁ। যদি ভাই-ভনীসকলৰ প্ৰতি আমাৰ প্ৰেম কমি গৈছে বুলি আমাৰ অনুভৱ হয়, তেনেহʼলে ইয়াৰ অৰ্থ হৈছে ঈশ্বৰৰ প্ৰতিও আমাৰ প্ৰেম হয়তো কমিবলৈ ধৰিছে। কিন্তু আমি যদি ভাই-ভনীসকলক প্ৰেম কৰি থাকোঁ, তেনেহʼলে ইয়াৰ পৰা জানিব পাৰি যে আমি ঈশ্বৰকো বহুত প্ৰেম কৰোঁ।
৬. যদি ভাই-ভনীসকলৰ প্ৰতি আমাৰ প্ৰেম কমিবলৈ ধৰিছে, তেনেহʼলে এয়া কিয় এক বিপদৰ চিন হয়? (১ যোহন ৪:৭-৯, ১১)
৬ যদি ভাই-ভনীসকলৰ প্ৰতি আমাৰ প্ৰেম কমিবলৈ ধৰিছে, তেনেহʼলে এয়া বিপদৰ চিন হয়। কিয়নো ইয়াৰ অৰ্থ হʼব যে ঈশ্বৰৰ লগত থকা আমাৰ সম্পৰ্ক দুৰ্বল হʼবলৈ ধৰিছে। যোহনে ইয়াৰ বিষয়ে এইদৰে লিখিলে, “যি ভাইক তেওঁ দেখিলে, তেওঁক যদি প্ৰেম নকৰে, তেন্তে যি জনাক দেখা নাই, এনে ঈশ্বৰক তেওঁ প্ৰেম কৰিব নোৱাৰে।” (১ যোহ. ৪:২০) ইয়াৰ পৰা আমি কি শিকিব পাৰোঁ? যেতিয়া ‘আমি পৰস্পৰে প্ৰেম কৰিম,’ তেতিয়া যিহোৱা আমাৰ পৰা আনন্দিত হʼব।—১ যোহন ৪:৭-৯, ১১ পঢ়ক।
এজনে-আনজনক কেনেকৈ প্ৰেম দেখুৱাব পাৰোঁ?
৭-৮. আমি এজনে-আনজনক প্ৰেম কৰোঁ বুলি কেনেকৈ দেখুৱাব পাৰোঁ?
৭ ঈশ্বৰৰ বাক্যত আমাক বহু বাৰ এইদৰে কোৱা হৈছে, ‘আমি পৰস্পৰে প্ৰেম কৰা উচিত।’ (১ যোহ. ৪:১১; যোহ. ১৫:১২, ১৭; ৰোম. ১৩:৮; ১ থিচ. ৪:৯; ১ পিত. ১:২২;) আমাৰ অন্তৰত হয়তো ভাই-ভনীসকলৰ বাবে প্ৰেম আছে। কিন্তু আমি ভাই-ভনীসকলক প্ৰেম কৰোঁ নে নকৰোঁ বুলি কোনেও আমাৰ অন্তৰখন চাব নোৱাৰে। সেইবাবে, আমি প্ৰেম দেখুৱা উচিত। এয়া আমি কেনেকৈ দেখুৱাব পাৰোঁ? আমি নিজৰ কথা আৰু কামৰ যোগেদি দেখুৱাব পাৰোঁ।
৮ আমি নিজৰ ভাই-ভনীসকলক প্ৰেম কৰোঁ বুলি বহুতো উপায়েৰে দেখুৱাব পাৰোঁ। যেনে, বাইবেলত কোৱা হৈছে, এজনে-আনজনক “সত্য কথা কোৱা।” (জখ. ৮:১৬) “পৰস্পৰে শান্তিৰে থাকা।” (মাৰ্ক ৯:৫০) “সমাদৰ কৰা কথাত, ইজনে সিজনতকৈ আগ হোৱা।” (ৰোম. ১২:১০) “ইজনে সিজনক গ্ৰহণ কৰা।” (ৰোম. ১৫:৭) “পৰস্পৰে ক্ষমা কৰা।” (কল. ৩:১৩) “ইজনে সিজনৰ ভাৰ বৈ” থাকা। (গালা. ৬:২) “পৰস্পৰক শান্ত্বনা দিবা।” (১ থিচ. ৪:১৮) “ইজনে সিজনক ধৰ্ম্মত বৃদ্ধি কৰা।” (১ থিচ. ৫:১১) “ইজনে সিজনৰ কাৰণে প্ৰাৰ্থনা কৰিবা।”—যাকো. ৫:১৬.
৯. আনক শান্ত্বনা দিয়াটো প্ৰেম দেখুৱাৰ আটাইতকৈ উত্তম উপায় হয় বুলি আমি কিয় কʼব পাৰোঁ? (ছবিখনো চাওক।)
৯ প্ৰেম প্ৰকাশ কৰাৰ যিবোৰ উপায়ৰ বিষয়ে আমি অনুচ্ছেদ ৮-ত আলোচনা কৰিছিলোঁ, আহক তাৰে মাজৰ এটাৰ ওপৰত মন কৰোঁ। আমি পৌলৰ এই পৰামৰ্শৰ ওপৰত মন কৰিম: “পৰস্পৰক শান্ত্বনা দিবা।” শান্ত্বনা দিয়া প্ৰেম দেখুৱাৰ এটা উত্তম উপায় হয়। আমি এয়া কিয় কʼব পাৰোঁ? এখন কিতাপত বাইবেলৰ এই পদৰ বিষয়ে এনেদৰে বৰ্ণনা কৰা হৈছে: ইয়াত যি শব্দৰ অনুবাদ “শান্ত্বনা দিবা” বুলি কৰা হৈছে, তাৰ অৰ্থ হৈছে, “এনে এজন ব্যক্তিৰ ওচৰত থিয় হোৱা আৰু তেওঁক উৎসাহিত কৰা, যিজনে বহুত কঠিন পৰিস্থিতিৰ মাজেৰে পাৰ হৈ আছে।” সেইবাবে, যেতিয়া আমি বহুত নিৰাশ হৈ পৰা কোনো ভাই বা ভনীক শান্ত্বনা দিওঁ, তেতিয়া এনে হয় যেন আমি তেওঁলৈ সহায়ৰ হাত আগবঢ়াইছোঁ যাতে তেওঁ আকৌ থিয় হৈ জীৱনৰ পথত চলিব পাৰে। প্ৰতিবাৰে যেতিয়া আমি নিৰাশাত একেবাৰে ভাঙি পৰা কোনো ভাই বা ভনীৰ দুখ অনুভৱ কৰোঁ, তেতিয়া আমি তেওঁক প্ৰেম দেখুৱাৰ দৰে হয়।—২ কৰি. ৭:৬, ৭, ১৩.
১০. আনক শান্ত্বনা দিবলৈ কৰুণা থকাটো কিয় প্ৰয়োজন? বুজাওক।
১০ কাৰোবাক শান্ত্বনা দিয়াৰ আগতে আমাৰ অন্তৰত তেওঁৰ প্ৰতি কৰুণা থকাটো অতি প্ৰয়োজন। কিয় বাৰু? কিয়নো যিজন ব্যক্তিয়ে কাৰোবাক দুখত থকা দেখি দুখ অনুভৱ কৰে বা তেওঁৰ অন্তৰত কৰুণা জাগি উঠে, সেইজন ব্যক্তিয়েই তেওঁক সহায় কৰিবলৈ বা শান্ত্বনা দিবলৈ আগবাঢ়ি আহে। ইয়াৰ অৰ্থ হৈছে যেতিয়া আমি আমাৰ ভাই-ভনীসকল কেনে সমস্যাৰ মাজেৰে পাৰ হৈ আছে অনুভৱ কৰিম বা তেওঁলোকৰ বাবে অন্তৰত কৰুণা জাগিব, তেতিয়াহে আমি তেওঁলোকক শান্ত্বনা দিব পাৰিম। পৌলে যিহোৱাৰ বিষয়ে এইদৰে লিখিছিল, যিহোৱা “কৰুণাময় পিতৃ, আৰু সকলো শান্ত্বনাৰ ঈশ্বৰ।” (২ কৰি. ১:৩) ইয়াত কোৱা “কৰুণাময়” শব্দৰ অৰ্থ হৈছে, আনৰ বাবে দুখ অনুভৱ কৰা। পৌলে যিহোৱাক “কৰুণাময় পিতৃ” বুলি কৈছিল, কিয়নো কৰুণাৰ আৰম্ভণি তেওঁৰ পৰাই হৈছে। কৰুণা থকাৰ বাবেই “তেওঁ আমাৰ ক্লেশৰ মাজত আমাক শান্ত্বনা দিয়ে।” (২ কৰি. ১:৪) যিদৰে পিয়াহ লগা এজন মানুহে ভুমুকৰ পৰা ওলোৱা পানী খাই সতেজতা অনুভৱ কৰে, ঠিক সেইদৰে যিহোৱাই দুখত বা নিৰাশাত থকা লোকসকলক শান্ত্বনা দিয়ে আৰু ইয়াৰ পৰা তেওঁলোকে সতেজতা অনুভৱ কৰে। যিহোৱাৰ দৰেই লোকসকলৰ প্ৰতি আমাৰ অন্তৰত কৰুণা থকা উচিত যাতে আমি তেওঁলোকক শান্ত্বনা দিব পাৰোঁ। আমি এয়া কেনেকৈ কৰিব পাৰোঁ? এটা উপায় হৈছে আমাৰ অন্তৰত এনে গুণবোৰ বঢ়োৱা, যাৰ বাবে আনক শান্ত্বনা দিবলৈ আমাৰ মন যাব। সেই গুণবোৰনো কি? আহক চাওঁ।
১১. আনক প্ৰেম কৰি থাকিবলৈ আৰু শান্ত্বনা দি থাকিবলৈ আমি কি কি গুণ বঢ়াই থকাৰ প্ৰয়োজন? (কলচীয়া ৩:১২; ১ পিতৰ ৩:৮)
১১ এজনে-আনজনক প্ৰেম কৰিবলৈ আৰু ‘পৰস্পৰক শান্ত্বনা দি থাকিবলৈ’ আমি কি কৰিব লাগিব? আমি এজনে-আনজনৰ দুখ অনুভৱ কৰিব লাগিব, ভাইৰ নিচিনা প্ৰেম কৰিব লাগিব, কৃপা কৰিব লাগিব আৰু আনৰ বাবে নিজৰ অন্তৰত কৰুণা অনুভৱ কৰিব লাগিব। (কলচীয়া ৩:১২; ১ পিতৰ ৩:৮ পঢ়ক।) যেতিয়া এইদৰে কৰাটো আমাৰ অভ্যাস হৈ পৰিব, তেতিয়া ভাই-ভনীসকলক দুখত দেখিলে আমি লগে লগে তেওঁলোকক সহায় কৰিবলৈ আগবাঢ়ি আহিম আৰু তেওঁলোকক শান্ত্বনা দিম। যীচুৱে এইদৰে কৈছিল, “হৃদয়ত যি থাকে, সেয়াই মুখৰ পৰা ওলায়। ভাল মানুহে ভাল কথা কয়, কিয়নো তেওঁৰ হৃদয় ভাল কথাৰে ভৰি থাকে।” (মথি ১২:৩৪, ৩৫) দুখত থকা ভাই-ভনীসকলক শান্ত্বনা দিয়াটো অতি প্ৰয়োজন। এইদৰে কৰিলে তেওঁলোকে জানিব পাৰিব যে আমি তেওঁলোকক কিমান প্ৰেম কৰোঁ।
আমি এজনে-আনজনৰ প্ৰতি প্ৰেম কেনেকৈ বঢ়াই থাকিব পাৰোঁ?
১২. (ক) আমি কিয় সাৱধান হোৱা উচিত? (খ) এতিয়া আমি কোনটো প্ৰশ্নৰ ওপৰত ধ্যান দিম?
১২ ‘আমি পৰস্পৰক প্ৰেম’ কৰাটো সকলোৱে বিচাৰোঁ। (১ যোহ. ৪:৭) কিন্তু যীচুৱে যি কৈছিল, সেয়াও আমি মনত ৰখা উচিত। তেওঁ এবাৰ এইদৰে কৈছিল, “বহুতো লোকৰ প্ৰেম ঠাণ্ডা হৈ পৰিব।” (মথি ২৪:১২) যীচুৱে কোৱাৰ অৰ্থ এয়া নাছিল যে তেওঁৰ শিষ্যসকলৰ প্ৰেম ঠাণ্ডা হʼব। কিন্তু আজি আমি জগতত এইদৰে হোৱাটো দেখিবলৈ পাইছোঁ। লোকসকলৰ প্ৰেম শেষ হʼবলৈ ধৰিছে। সেইবাবে, আমিও সাৱধান হোৱা উচিত যাতে আমি তেওঁলোকৰ দৰ নহওঁ। সেইবাবে, আহক আমি এই গুৰুত্বপূৰ্ণ প্ৰশ্নৰ ওপৰত মন কৰোঁ: আমি নিজৰ ভাই-ভনীসকলক কিমান প্ৰেম কৰোঁ বুলি কেনেকৈ জানিব পাৰোঁ?
১৩. আমি ভাই-ভনীসকলক কিমান প্ৰেম কৰোঁ বুলি কেনেকৈ জানিব পাৰিম?
১৩ আমি ভাই-ভনীসকলক কিমান প্ৰেম কৰোঁ, এয়া জনাৰ এটা ভাল উপায় হৈছে কিছুমান পৰিস্থিতিত আমি ভাই-ভনীসকলৰ লগত কেনে ব্যৱহাৰ কৰোঁ, তালৈ ধ্যান দিয়া। (২ কৰি. ৮:৮) এনে এটা পৰিস্থিতিৰ বিষয়ে পাঁচনি পিতৰে কৈছিল। তেওঁ এইদৰে কৈছিল, “বিশেষকৈ তোমালোকৰ মাজত পৰস্পৰে আগ্ৰহযুক্ত প্ৰেম ৰাখা; কিয়নো প্ৰেমে পাপসমূহ ঢাকে।” (১ পিত. ৪:৮) ইয়াৰ অৰ্থ হৈছে যেতিয়া ভাই-ভনীসকলৰ পৰা কিবা ভুল হয় বা তেওঁলোকে এনে কিছুমান কথা কয় অথবা কাম কৰে, যাৰ বাবে আমাক বহুত দুখ লাগে, তেতিয়া আমি কেনে প্ৰতিক্ৰিয়া দেখুৱাও তাৰ পৰা জানিব পাৰি যে আমি তেওঁলোকক কিমান প্ৰেম কৰোঁ।
১৪. প্ৰথম পিতৰ ৪:৮ পদৰ অনুসৰি আমি ভাই-ভনীসকলক কেনেদৰে প্ৰেম কৰা উচিত? বুজাওক।
১৪ এতিয়া আহক পিতৰে কোৱা কথাবোৰ চালি-জাৰি চাওঁ। পিতৰে ৮ পদৰ প্ৰথম ভাগত কৈছিল যে আমি এজনে-আনজনক “আগ্ৰহযুক্ত” প্ৰেম কৰা উচিত। ইয়াত পিতৰে যি প্ৰেমৰ বিষয়ে কৈছিল, তাৰ বাবে যি গ্ৰীক শব্দ ব্যৱহাৰ কৰা হৈছে, তাৰ অৰ্থ হৈছে “টানি বহল কৰা।” পদৰ দ্বিতীয় ভাগত কোৱা হৈছে যে যেতিয়া আমি ভাই-ভনীসকলক এনেধৰণৰ প্ৰেম কৰোঁ, তেতিয়া কি লাভ হয়? ইয়ে তেওঁলোকৰ পাপবোৰ ঢাকি দিয়ে। এয়া এনে হয় যেন আপুনি দুয়োখন হাতেৰে প্ৰেমৰ এখন কাপোৰ লৈ আছে, যাক টানি বহল কৰিব পাৰি। আপুনি ইয়াক ইমানেই টানি বহল কৰে যে ইয়াৰ পৰা আনৰ এটা বা দুটা নহয়, বহুতো ‘পাপ’ ঢাকি যায়। যেতিয়া পিতৰে ‘পাপসমূহ’ ঢাকি দিয়াৰ বিষয়ে কৈছিল, তেতিয়া ইয়াৰ অৰ্থ আছিল তেওঁলোকক ক্ষমা কৰা। যেনেকৈ এখন কাপোৰ পাৰি দিলে সকলো দাগ লুকাই যায়, ঠিক সেইদৰে প্ৰেমৰ পৰা আমি আনৰ দুৰ্বলতাবোৰ ঢাকি দিব পাৰোঁ।
১৫. আমি ভাই-ভনীসকলক বহুত প্ৰেম কৰিলে, কি কৰিব পাৰিম? (কলচীয়া ৩:১৩)
১৫ আমি ভাই-ভনীসকলক ইমানেই প্ৰেম কৰা উচিত যাতে আমি তেওঁলোকৰ ভুলবোৰ ক্ষমা কৰিব পাৰোঁ, আনকি সেই সময়তো যেতিয়া এইদৰে কৰিবলৈ বহুত কঠিন লাগে। (কলচীয়া ৩:১৩ পঢ়ক।) যেতিয়া আমি ভাই-ভনীসকলক ক্ষমা কৰোঁ, তেতিয়া ইয়াৰ পৰা জানিব পাৰি যে আমি ভাই-ভনীসকলক বহুত প্ৰেম কৰোঁ আৰু আমি যিহোৱাকো আনন্দিত কৰিব বিচাৰোঁ। ইয়াৰ উপৰিও ভাই-ভনীসকলক ক্ষমা কৰিবলৈ আৰু তেওঁলোকৰ যিবোৰ কথাৰ পৰা আমাৰ খং উঠে, সেইবোৰলৈ ধ্যান নিদিবলৈ আমি কি কৰিব পাৰোঁ? আহক চাওঁ।
১৬-১৭. কি কি কথাৰ ওপৰত ধ্যান দিলে আমি আনৰ সৰু-সুৰা ভুলবোৰ পাহৰি যাব পাৰোঁ? বুজাওক। (ছবিখনো চাওক।)
১৬ ভাই-ভনীসকলৰ দুৰ্বলতাবোৰলৈ নহয় ভাল গুণবোৰলৈ ধ্যান দিয়ক। অলপ সময় এই বিষয়ে চিন্তা কৰক। কিছুমান ভাই-ভনী একগোট হৈছে আৰু আপুনিও তেওঁলোকৰ লগত আছে। আপোনালোকে সকলোৱে মিলি বহুত আনন্দ-ফুৰ্তি কৰিছে। সকলোৱে যোৱাৰ আগতে আপুনি তেওঁলোকৰ লগত ফটো তুলিছে। আপুনি বহু কেইখন ফটো তুলিছে যাতে যদি এখন বেয়া হৈ যায়, তেনেহʼলে আপোনাৰ ওচৰত আৰু ভাল ফটো থাকিব পাৰে। পাছত আপুনি সেই ফটোবোৰ চাইছে আৰু মন কৰিছে যে এখন ফটোত এজন ভাইৰ চেহেৰা দেখিবলৈ ভাল লগা নাই। তেতিয়া আপুনি কি কৰে? আপুনি সেই ফটো ডিলিট কৰি দিয়ে কাৰণ আপোনাৰ ওচৰত আৰু ফটো আছে যʼত ভাইজনে ভালদৰে হাঁহি আছে।
১৭ আমি যিবোৰ ফটো চম্ভালি ৰাখোঁ, সেইবোৰ ভাল স্মৃতিবোৰৰ দৰে হয়। আমি ভাই-ভনীসকলৰ লগত যি সময় কটাওঁ, তাৰ বহুতো ভাল স্মৃতি আমাৰ লগত থাকে। কিন্তু চিন্তা কৰক, সেই সময়ত কোনো ভাই বা ভনীয়ে আপোনাক এনে কথা কʼলে, যাৰ বাবে আপোনাক বহুত দুখ লাগিছে। তেতিয়া আপুনি কি কৰিব? আপুনি বেয়া ফটোখন ডিলিট কৰাৰ দৰে সেই বেয়া স্মৃতি পাহৰি গʼলে কিমান ভাল হʼব। (হিতো. ১৯:১১; ইফি. ৪:৩২) আমি সেই ভাই বা ভনীৰ সৰু-সুৰা ভুলবোৰ পাহৰি যাব পাৰোঁ বা বেয়া স্মৃতিবোৰ ডিলিট কৰিব পাৰোঁ। কিয়নো তেওঁলোকৰ লগত কটোৱা সময়ৰ বহুতো ভাল স্মৃতি আমাৰ ওচৰত আছে আৰু সকলোৱে এনেধৰণৰ ভাল স্মৃতিবোৰ চম্ভালি ৰাখিব বিচাৰোঁ।
বৰ্তমান সময়ত এজনে-আনজনক প্ৰেম কৰাটো কিয় ইমান গুৰুত্বপূৰ্ণ?
১৮. এই লেখত আমি প্ৰেম কৰাৰ বিষয়ে কি বিশেষ কথাবোৰ শিকিলোঁ?
১৮ এই লেখত আমি শিকিলোঁ যে যেতিয়া আমি এজনে-আনজনক প্ৰেম কৰিম, তেতিয়া ইয়াৰ পৰা জানিব পাৰি যে আমি যিহোৱাক প্ৰেম কৰোঁ। আমি ভাই-ভনীসকলক কেনেকৈ প্ৰেম দেখুৱাব পাৰোঁ? এজনে-আনজনক শান্ত্বনা দিয়াৰ যোগেদি প্ৰেম দেখুৱাব পাৰোঁ। যেতিয়া আমাৰ অন্তৰত কৰুণা থাকিব, তেতিয়াহে আমি ‘পৰস্পৰক শান্ত্বনা দিব’ পাৰিম। আমি এজনে-আনজনৰ প্ৰতি প্ৰেম কেনেকৈ বঢ়াই থাকিব পাৰোঁ? আনক ক্ষমা কৰাৰ যোগেদি, সেই সময়তো যেতিয়া এইদৰে কৰিবলৈ আমাক বহুত কঠিন লাগে।
১৯. বৰ্তমান সময়ত এজনে-আনজনক প্ৰেম কৰি থকাটো কিয় অতি গুৰুত্বপূৰ্ণ?
১৯ বৰ্তমান সময়ত বিশেষকৈ এজনে-আনজনক প্ৰেম কৰাটো অতি প্ৰয়োজন। কিয় বাৰু? মন কৰক পিতৰে এইদৰে কৈছিল, “সকলোৰে শেষ ওচৰ চাপিছে; এতেকে . . . তোমালোকৰ মাজত পৰস্পৰে আগ্ৰহযুক্ত প্ৰেম ৰাখা।” (১ পিত. ৪:৭, ৮) এই দুষ্ট জগতৰ অন্ত চাপি অহাৰ লগে লগে পৰিস্থিতি আৰু বেয়ালৈ ঢাল খাব। যীচুৱেও নিজৰ শিষ্যসকলক কৈছিল, “মোৰ নামৰ কাৰণে সকলো ৰাষ্ট্ৰৰ লোকসকলে তোমালোকক ঘিণ কৰিব।” (মথি ২৪:৯) চয়তানে আমাৰ মাজত বিবাদৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰি থাকিব। গতিকে আমাৰ মাজত একতা থাকিলেহে আমি এইবোৰৰ সন্মুখীন হʼব পাৰিম। এই একতা বজাই ৰাখিবলৈ আমাৰ মাজত প্ৰেম থকাটো অতি গুৰুত্বপূৰ্ণ। এনে প্ৰেম যিয়ে আমাক “একতাৰ বান্ধোনত বান্ধি ৰাখে।”—কল. ৩:১৪, NW; ফিলি. ২:১, ২.
গীত ১৩০ ক্ষমা কৰিবলৈ শিকক
a বৰ্তমান সময়ত ভাই-ভনীসকলক প্ৰেম দেখুৱাটো অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে। কিয় বাৰু? আমি এজনে-আনজনক কেনেকৈ আৰু বেছিকৈ প্ৰেম দেখুৱাব পাৰোঁ?