Skip to content

Skip to table of contents

জীৱন কাহিনী

যিহোৱাই মোৰ ‘পথবোৰ সমান কৰিলে’

যিহোৱাই মোৰ ‘পথবোৰ সমান কৰিলে’

এবাৰ এজন ডেকা ভায়ে মোক সুধিছিল, “আপোনাৰ আটাইতকৈ বেছি ভাল লগা বাইবেলৰ পদ কোনটো হয়?” লগে লগে মই কʼলো, “হিতোপদেশ ৩ অধ্যায়ৰ ৫ আৰু ৬ পদটো। ইয়াত এইদৰে কৈছে: “তুমি সমস্ত মনেৰে সৈতে যিহোৱাত ভাৰসা কৰা; তোমাৰ নিজ বিবেচনাত তুমি নিৰ্ভৰ নকৰিবা। তোমাৰ সকলো কাৰ্য্যত তেওঁক স্বীকাৰ কৰা; তাতে তেওঁ তোমাৰ পথবোৰ সমান কৰিব।” হয়, যিহোৱাই মোৰ পথ সমান কৰিলে। কেনেকৈ বাৰু?

মোৰ পিতৃ-মাতৃয়ে মোক সঠিক পথ দেখুৱালে

১৯২০ চনৰ সময়ছোৱাত মোৰ পিতৃ-মাতৃয়ে সত্য শিকিছিল। সেইসময়ত তেওঁলোকৰ বিয়া হোৱা নাছিল। মোৰ জন্ম ১৯৩৯ চনত ইংলেণ্ডত হৈছিল। সৰুৰেপৰাই পিতৃ-মাতৃয়ে মোক সভালৈ লৈ গৈছিল। মই ঈশ্বৰশাসিত স্কুলত ভাগো লৈছিলোঁ। প্ৰথম ভাগ দিয়া দিনটো মোৰ এতিয়াও মনত আছে। মোৰ বয়স মাত্ৰ ছয় বছৰ আছিল। সকলোকে দেখা পাবলৈ মই এটা বক্সত থিয় হৈছিলোঁ। সেইদিনাখন মই কোনোমতে ভয়ে ভয়ে নিজৰ ভাগ প্ৰস্তুত কৰিছিলোঁ।

পিতৃ-মাতৃৰ লগত ৰাস্তাত সাক্ষ্য দিয়াৰ সময়ত

প্ৰচাৰ কৰিবলৈ মোৰ দেউতাই এখন সৰু কাৰ্ডত লিখি দিছিল যে মই লোকসকলক কি কম। আঠ বছৰ বয়সত মই প্ৰথমবাৰ অকলে এজন ব্যক্তিক সাক্ষ্য দিছিলোঁ। ব্যক্তিজনে মোৰ কাৰ্ডখন পঢ়ি “ঈশ্বৰ সত্য হওক”! নামৰ কিতাপখন লৈছিল। মই ইমানেই আনন্দিত হৈছিলোঁ যে মই দৌৰি গৈ দেউতাক কʼলোঁ। সভালৈ গৈ আৰু প্ৰচাৰ কৰি মোক ভাল লাগিছিল। এইবোৰে মোক পূৰ্ণসময় যিহোৱাৰ সেৱা কৰিবলৈ উৎসাহিত কৰিলে।

যেতিয়া মোৰ দেউতাই নিয়মিতভাৱে প্ৰহৰীদুৰ্গ আলোচনীৰ বাবে অনুৰোধ কৰিলে, তেতিয়াৰপৰা বাইবেলৰ সত্যতাই মোৰ হৃদয় স্পৰ্শ কৰিবলৈ ধৰিলে। মেইলত আলোচনী আহিলেই মই প্ৰতিটো আলোচনী অতি আগ্ৰহেৰে পঢ়িছিলোঁ। এইদৰে কৰি যিহোৱাৰ প্ৰতি মোৰ বিশ্বাস বাঢ়িল আৰু মই যিহোৱাক নিজৰ জীৱন সমৰ্পণ কৰিলোঁ।

১৯৫০ চনত নিউয়ৰ্কত আমাৰ পৰিয়ালে ঈশ্বৰশাসিত প্ৰগতি নামৰ সন্মিলনত উপস্থিত হৈছিল। আগষ্ট ৩, বৃহস্পতিবাৰৰ বিষয় আছিল “মিচনেৰীসকলৰ দিন।” সেই দিনাখন ভাই কেৰী বাৰ্বাৰে বাপ্তিষ্মাৰ ভাষণ দিছিল। পাছলৈ তেওঁ প্ৰশাসন গোষ্ঠীৰ সদস্য হিচাপে সেৱা কৰিছিল। ভাষণৰ শেষত তেওঁ যেতিয়া বাপ্তিষ্মাৰ প্ৰাৰ্থীসকলক দুটা প্ৰশ্ন সুধিছিল, তেতিয়া মই থিয় হৈ এইদৰে কৈছিলোঁ, “হয়!” সেইসময়ত মই ১১ বছৰৰ আছিলোঁ। কিন্তু মই গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছোঁ বুলি জানিছিলোঁ। মই পানীত সোমাবলৈ ভয় খাইছিলোঁ, কিয়নো মই সাঁতুৰিব নাজানিছিলোঁ। মোৰ খোৰাই মোক কৈছিল, “ভয় নকৰিবা, মই তোমাৰ লগত আছোঁ।” সকলো ইমান সোনকালে হৈ গʼল যে মই গমেই নাপালোঁ। এজন ভায়ে মোক ধৰিলে আৰু আনজন ভায়ে মোক বাপ্তিষ্মা দিলে। সেই দিনটো মোৰ বাবে গুৰুত্বপূৰ্ণ আছিল। তেতিয়াৰেপৰা যিহোৱাই মোক সঠিক পথ দেখুৱাই আহিছে।

যিহোৱাৰ ওপৰত ভৰসা কৰিবলৈ নিৰ্ণয় লʼলোঁ

স্কুলৰ পঢ়া শেষ কৰাৰ পাছত মই অগ্ৰগামী সেৱা কৰিব বিচাৰিছিলোঁ। কিন্তু মোৰ শিক্ষকসকলে মোক উচ্চ শিক্ষা লʼবলৈ হেঁচা দিছিল। মই তেওঁলোকৰ হেঁচাত পৰি বিশ্ববিদ্যালয়লৈ গৈছিলোঁ। কিন্তু মই অতি সোনকালে অনুভৱ কৰিলোঁ যে মই দুয়োটা কাম একেলগে কৰিব নোৱাৰিম। যদি মই পঢ়ি থাকোঁ, তেনেহʼলে মই যিহোৱাৰপৰা আঁতৰি যাম। সেইবাবে, মই পঢ়া এৰিবলৈ নিৰ্ণয় লʼলোঁ। এই বিষয়ে মই যিহোৱালৈ প্ৰাৰ্থনা কৰিলোঁ আৰু পঢ়া এৰিম বুলি মই সন্মানেৰে এখন দৰ্খাস্ত লিখি শিক্ষকসকলক জনালোঁ। মই প্ৰথম বছৰতে পঢ়া এৰিলোঁ। যিহোৱাৰ ওপৰত সম্পূৰ্ণৰূপে ভৰসা ৰাখি মই অগ্ৰগামী সেৱা কৰিবলৈ আগবাঢ়িলোঁ।

১৯৫৭ চনৰ জুলাই মাহত মই ৱেলিংবাৰ্গ নামৰ ঠাইত পূৰ্ণসময়ৰ সেৱা কৰিবলৈ আৰম্ভ কৰিলোঁ। এজন অভিজ্ঞ অগ্ৰগামী ভাইৰ লগত সেৱা কৰিবলৈ মই লণ্ডন বেথেলৰ ভাইসকলক আবেদন জনালোঁ। ভাই বাৰ্ট ভাইচে এজন উদ্যমী প্ৰচাৰক আছিল আৰু তেওঁ মোক প্ৰচাৰ কাৰ্য্যৰ এখন ভাল তালিকা বনাবলৈ সহায় কৰিলে। আমাৰ মণ্ডলীত ভাই ভাইচে আৰু মোৰ লগতে ছগৰাকী বয়সস্থ ভনী আছিল। মই প্ৰতিটো সভাৰ বাবে প্ৰস্তুতি কৰিছিলোঁ আৰু সভাত ভাগো লৈছিলোঁ। এইদৰে কৰাৰ বাবে যিহোৱাৰ ওপৰত মোৰ বিশ্বাস বাঢ়িল আৰু মই নিজৰ বিশ্বাস প্ৰকাশ কৰিবলৈ শিকিলোঁ।

সেনাত ভৰ্তি হʼবলৈ অস্বীকাৰ কৰাৰ বাবে কিছু সময়ৰ বাবে মই জেললৈ যাবলগীয়া হৈছিল। জেলৰপৰা ওলাই অহাৰ পাছত মই ভনী বাৰবাৰাক লগ পালোঁ। তাই এজনী বিশেষ অগ্ৰগামী সেৱক আছিল। আমি দুয়োজনে ১৯৫৯ চনত বিয়া কৰিলোঁ। আমি ভাবিছিলোঁ যে আমাক যʼলৈ সেৱা কৰিবলৈ পঠিওৱা হʼব, আমি আনন্দেৰে তালৈ যাম। প্ৰথমে আমাক ইংলেণ্ডৰ উত্তৰ-পশ্চিম অঞ্চলৰ লংকাচায়ৰ নামৰ ঠাইলৈ পঠিওৱা হৈছিল। তাৰ পাছত ১৯৬১ চনত মোক ৰাজ্য পৰিচৰ্য্যা স্কুলৰ বাবে লণ্ডন বেথেললৈ মাতিলে। সেই স্কুলৰ পাছত মোক কোৱা হʼল যে এতিয়াৰপৰা মই চাৰ্কিটৰ কাম কৰিব লাগিব। এয়া শুনি মই আচৰিত হৈছিলোঁ! দুসপ্তাহৰ বাবে মই বৰ্মিংহেম চহৰলৈ গৈছিলোঁ। তাত এজন অভিজ্ঞ চাৰ্কিট ওভাৰচিয়াৰে মোক শিকায় যে এই কাম মই কেনেকৈ কৰিব লাগে। সেইসময়ত বাৰবাৰাও মোৰ লগত আছিল। তাৰ পাছত আমি লংকাচায়ৰ আৰু চেচায়ৰত চাৰ্কিটৰ কাম কৰিছিলোঁ।

যিহোৱাৰ ওপৰত ভৰসা কৰি মই কেতিয়াও নিৰাশ নহʼলোঁ

১৯৬২ চনৰ আগষ্ট মাহত আমি ছুটীৰ আনন্দ উপভোগ কৰাৰ সময়ত বেথেলৰপৰা এখন চিঠি পালোঁ। সেই চিঠিখনত গিলিয়েড স্কুলৰ ফৰ্ম আছিল। আমি প্ৰাৰ্থনা কৰি লগে লগে ফৰ্মখন পূৰ কৰি পঠিয়াই দিলোঁ। পাঁচ মাহৰ পাছত আমাক গিলিয়েড স্কুলৰ ৩৮তম ক্লাছৰ বাবে ব্ৰুকলিনৰ নিউয়ৰ্কলৈ নিমন্ত্ৰণ জনালে। তাত আমি ১০ মাহলৈকে ক্লাছ কৰিছিলোঁ।

আমি গিলিয়েডৰপৰা বহুতো কথা শিকিলোঁ। যেনে বাইবেলৰ বিষয়ে, সংগঠনৰ বিষয়ে আৰু গোটেই পৃথিৱীত যিহোৱাৰ লোকসকলে কেনে পৰিস্থিতিত তেওঁৰ সেৱা কৰি আছে, সেয়াও শিকিলোঁ। আমি ক্লাছৰ আন বিদ্যাৰ্থীসকলৰপৰা বহুতো কথা শিকিলোঁ, কিয়নো আমি কেৱল ২০-২৫ বছৰ বয়সৰ আছিলোঁ। প্ৰতিদিনে অলপ সময় মই ভাই ফ্ৰেড ৰাস্কৰ লগত বেথেলত কাম কৰাৰ সুযোগ লাভ কৰিলোঁ। তেওঁ গিলিয়েড স্কুলৰ শিক্ষকো আছিল। তেওঁৰপৰা মই বহুতো কথা শিকিলোঁ, বিশেষকৈ আনক পৰামৰ্শ দিয়াৰ সময়ত, সেই পৰামৰ্শ বাইবেলৰপৰা হোৱা উচিত। ভাই নেথন নʼৰ, ফ্ৰেডৰিক ফ্ৰাঞ্জ আৰু কাৰ্ল ক্লাইন আদি অভিজ্ঞ ভাইসকলেও গিলিয়েডত ভাষণ দিছিল। বিশেষকৈ ভাই এ. এইচ. মেকমিলনৰ ভাষণ মোৰ এতিয়াও মনত আছে। তেওঁ কৈছিল যে ১৯১৪ চনৰপৰা ১৯১৯ চনত যেতিয়া যিহোৱাৰ লোকসকলৰ ওপৰত বহুতো সমস্যা আহিছিল, তেতিয়া যিহোৱাই কেনেকৈ তেওঁলোকৰ সহায় কৰিলে, তেওঁলোকৰ যত্ন লʼলে আৰু তেওঁলোকক সঠিক পথ দেখুৱালে। সেই নম্ৰ ভাইজনৰপৰা মই বহুতো কথা শিকিলোঁ।

নতুন দায়িত্ব লাভ কৰিলোঁ

গিলিয়েড ক্লাছৰ শেষত ভাই নʼৰে কৈছিল যে মই আফ্ৰিকাৰ বুৰুণ্ডী নামৰ ঠাইত যাব লাগিব। আমি এই ঠাইৰ বিষয়ে একোৱেই নাজানিছিলোঁ। সেইবাবে, আমি দৌৰি গৈ বেথেলৰ লাইব্ৰেৰীলৈ গʼলোঁ আৰু বাৰ্ষিক কিতাপখনত বিচাৰিবলৈ ধৰিলোঁ যে সেই ঠাইত কিমানজন প্ৰচাৰক আছে। আমি আচৰিত হʼলোঁ, সেই কিতাপখনত বুৰুণ্ডীৰ বিষয়ে কোনো তথ্য নাছিল। ইয়াৰ অৰ্থ হৈছে, সেই ঠাইত এতিয়ালৈকে প্ৰচাৰ হোৱা নাছিল। আমি আনন্দিত হোৱাৰ লগতে চিন্তিত হৈছিলোঁ। কিন্তু প্ৰাৰ্থনা কৰাৰ পাছত আমি অলপ শান্ত হʼলোঁ।

বুৰুণ্ডীৰ বতৰ, সংস্কৃতি আৰু ভাষা সকলো বেলেগ আছিল। আমি ফৰাচী ভাষা শিকিবলগীয়া হৈছিল। লগতে আমি থাকিবলৈ এখন ঘৰো বিচাৰিবলগীয়া হৈছিল। দুদিনৰ পাছত ভাই হেৰি আৰনেটে আমাক লগ কৰিবলৈ আহিছিল। তেওঁ গিলিয়েড ক্লাছত আমাৰ লগতে আছিল। তেওঁ সেৱা কৰিবলৈ পুনৰ জাম্বিয়ালৈ উভতি গৈছিল। ঘৰ বিচাৰিবলৈ তেওঁ আমাক সহায় কৰিলে। সেই ঘৰখন আমাৰ প্ৰথম মিচনেৰী ঘৰ আছিল। বুৰুণ্ডীৰ অধিকাৰীয়ে যিহোৱাৰ সাক্ষীসকলৰ বিষয়ে একো নাজানিছিল। সেইবাবে, তেওঁলোকে আমাৰ বিৰোধ কৰিবলৈ ধৰিলে। যেতিয়াই আমি প্ৰচাৰ কাৰ্য্যত আনন্দিত হʼবলৈ ধৰিলোঁ, তেতিয়া অধিকাৰীসকলে আমাক তাৰপৰা গুচি যাবলৈ কৈছিল। তেওঁলোকে কৈছিল যে যদি আমাৰ ওচৰত প্ৰমাণ-পত্ৰ নাই, তেনেহʼলে আমি তাত থাকিব নোৱাৰোঁ। বুৰুণ্ডী এৰি যাওঁতে আমাক বৰ দুখ লাগিছিল। তাৰ পাছত আমি এখন নতুন দেশ উগাণ্ডালৈ গʼলোঁ।

উগাণ্ডালৈ যোৱাৰ সময়ত আমি চিন্তিত হৈছিলোঁ। কিয়নো আমাৰ ওচৰত তাত থকাৰ ভিজা নাছিল। কিন্তু আমি যিহোৱাৰ ওপৰত ভৰসা ৰাখিলোঁ। যেতিয়া আমি তালৈ গʼলোঁ, তেতিয়া কানাডাৰ এজন ভায়ে আমাক সহায় কৰিলে। সেই ভাইজন তাত সেৱা কৰিবলৈ আহিছিল। তেওঁ অপ্ৰবাসী বা ইমীগ্ৰেশ্ব্যন অধিকাৰীজনক আমাৰ বিষয়ে সকলো কথা জনালে। সেই অধিকাৰীজনে আমাক ভিজা লʼবলৈ কিছুমাহৰ সময় দিলে। এয়া দেখি যিহোৱাই আমাক সহায় কৰিছে বুলি আমাৰ বিশ্বাস হʼল।

উগাণ্ডাৰ পৰিস্থিতি বুৰুণ্ডীতকৈ বেলেগ আছিল। যদিও গোটেই দেশত কেৱল ২৮ জন প্ৰচাৰক আছিল, তথাপি ইয়াত প্ৰচাৰ কাম আগৰেপৰা হৈছিল। উগাণ্ডাত বেছিভাগ লোকে ইংৰাজী ভাষা কৈছিল। কিন্তু আমি বুজি পালোঁ যে লোকসকলক তেওঁলোকৰ ভাষাত প্ৰচাৰ কৰিলেহে তেওঁলোকে সত্য শিকিব। আমি প্ৰচাৰ কৰা কম্পালা নামৰ ঠাইত বেছিভাগ লোকে লুগাণ্ডা ভাষা কৈছিল। সেইবাবে, আমি সেই ভাষা শিকিলোঁ। লুগাণ্ডা ভাষা শিকিবলৈ বহুবছৰ লাগিল। কিন্তু আমাৰ প্ৰচাৰ কাৰ্য্যত ইয়াৰ ভাল প্ৰভাৱ পৰিল। আমি নিজৰ বাইবেল বিদ্যাৰ্থীসকলক উন্নতি কৰিবলৈ আৰু ভালদৰে কেনেকৈ সহায় কৰিব পাৰোঁ, তাৰ বিষয়ে আমি বুজি পালোঁ। তেওঁলোকেও মনৰ কথা খুলি কʼব পাৰিলে যে সত্য শিকি তেওঁলোকক কেনে লাগিছে।

আমি বেলেগ বেলেগ ঠাইলৈ গʼলোঁ

উগাণ্ডাত প্ৰচাৰৰ এলেকা বিচৰাৰ সময়ত

আমি নম্ৰ লোকসকলক সত্য শিকাই আনন্দিত হৈছিলোঁ। কিন্তু যেতিয়া আমাক চাৰ্কিটৰ কাম দিয়া হʼল, তেতিয়া আমি বেছিকৈ আনন্দিত হৈছিলোঁ। আমি গোটেই দেশখন সাক্ষাৎ কৰিবলগীয়া হৈছিল। কেনিয়া শাখা কাৰ্য্যালয়ে আমাক আন এটা দায়িত্ব দিলে। আমি এনে ঠাই বিচাৰিবলগীয়া হৈছিল, যʼত বিশেষ অগ্ৰগামী সেৱকসকলক প্ৰচাৰ কৰিবলৈ পঠিওৱা হʼব। সেই এলেকাত লোকসকলে প্ৰথমবাৰ যিহোৱাৰ সাক্ষীসকলক লগ কৰিছিল। তথাপি তেওঁলোকে আমাক আদৰণি জনালে, আমাৰ চোৱা-চিতা কৰিলে আৰু আমাৰ বাবে আহাৰৰ ব্যৱস্থাও কৰিলে।

তাৰ পাছত চেচেল্চত দুজন প্ৰচাৰকক সহায় কৰিবলৈ মোক কোৱা হৈছিল। চেচেল্চ ভাৰত মহাসাগৰৰ দ্বীপৰ এটা সমূহ আছিল। কম্পালাৰপৰা তালৈ ট্ৰেইনত যাবলগীয়া হৈছিল। দুদিন যাত্ৰা কৰাৰ পাছত কেনিয়াৰ বন্দৰ মোম্বাচালৈ গৈ পাইছিলোঁ। তাৰপৰা মই জাহাজেৰে চেচেল্চলৈ গৈছিলোঁ। ১৯৬৫ চনৰপৰা ১৯৭২ চনলৈকে বাৰবাৰেও মোৰ লগত চেচেল্চলৈ আহিবলৈ ধৰিলে। তাত বহুতো উন্নতি হʼবলৈ ধৰিলে। দুজন প্ৰচাৰকৰপৰা এটা সমূহ হʼল আৰু তাৰ পাছত এখন মণ্ডলী স্থাপন হʼল। ভাই-ভনীসকলক উৎসাহিত কৰিবলৈ মই আৰু কিছুমান ঠাইত যাত্ৰা কৰিলোঁ। যেনে: এৰিট্ৰিয়া, ইথিউপিয়া আৰু ছুদান।

যেতিয়া উগাণ্ডাত সামৰিক শাসন আৰম্ভ হʼল, তেতিয়াৰপৰা তাৰ পৰিস্থিতি বেয়ালৈ ঢাল খাবলৈ ধৰিলে। এনে কঠিন পৰিস্থিতিত আমি শিকিলোঁ যে বাইবেলৰ পৰামৰ্শ পালন কৰিলে আমাৰ লাভ আছে। বিশেষকৈ এই পৰামৰ্শ, “যি কৈচৰৰ, তাক কৈচৰক দিয়া।” (মাৰ্ক ১২:১৭) উদাহৰণস্বৰূপে, এবাৰ উগাণ্ডাত থকা সকলো বিদেশীক তেওঁলোকৰ ওচৰত থকা আৰক্ষী থানালৈ গৈ নিজৰ নাম লিখাবলৈ কোৱা হৈছিল। আমি অধিকাৰীসকলৰ কথা পালন কৰি লগে লগে নিজৰ নাম লিখালোঁ। কিছু দিনৰ পাছত যেতিয়া মই আৰু আন এজন মিচনেৰী ভাই কম্পালাৰপৰা গৈ আছিলোঁ, তেতিয়া কিছুমান চোৰাংচোৱা পুলিচে আমাৰ ফালে অহা দেখি আমি চিন্তিত হৈছিলোঁ। আমি চোৰাংচোৱা হয় বুলি তেওঁলোকে আমাৰ ওপৰত মিছা অভিযোগ কৰিলে আৰু তেওঁলোকে আমাক ডাঙৰ আৰক্ষী থানালৈ লৈ গʼল। আমি তেওঁলোকক কʼলোঁ যে আমি চোৰাংচোৱা নহয়, আমি মিচনেৰী হয় আৰু আমি শান্তিৰে নিজৰ কাম কৰোঁ। আমি তেওঁলোকক এয়াও কʼলোঁ যে আমি ঘৰৰ ওচৰত থকা থানাত নিজৰ নামো লিখাইছোঁ। কিন্তু তেওঁলোকে আমাৰ কথা নুশুনিলে। আমাক গ্ৰেপ্তাৰ কৰি মিচনেৰী ঘৰৰ ওচৰৰ আৰক্ষী থানালৈ লৈ গৈছিল। তাত আমি এজন পুলিচক লগ পালোঁ, যিজনে আমাক নাম লিখাই থকা দেখিছিল। তেওঁ আমাক চিনি পালে আৰু আমাক এৰি দিবলৈ কʼলে।

সেইসময়ত বহুবাৰ সৈনিকসকলে আমাক ৰাস্তাত আগচি ধৰি সোধ-পোছ কৰিছিল। প্ৰতিবাৰে যেতিয়া তেওঁলোকে আমাক আগচি ধৰিছিল, তেতিয়া আমাক বৰ ভয় লাগিছিল। বিশেষকৈ তেওঁলোকে অতিপাত মদ্যপান কৰাৰ সময়ত আমাক বেছি ভয় লাগিছিল। যেতিয়া আমি যিহোৱালৈ প্ৰাৰ্থনা কৰিছিলোঁ, তেতিয়া তেওঁ আমাৰ ভয় দূৰ কৰিছিল আৰু আমাক ৰক্ষাও কৰিছিল। বহুবাৰ সৈনিকসকলে আমাক সোধ-পোছ নকৰাকৈ যাবলৈ দিছিল। কিন্তু দুখৰ বিষয় যে ১৯৭৩ চনত উগাণ্ডাত থকা সকলো বিদেশী মিচনেৰীক তাৰপৰা যাবলৈ কোৱা হৈছিল।

কʼটে ডি আইবৰীৰ অবীজান চহৰৰ শাখা কাৰ্য্যালয়ত আমাৰ ৰাজ্য পৰিচৰ্য্যাৰ কপি বনোৱাৰ সময়ত

ইয়াৰ পাছত আমাক পশ্চিম আফ্ৰিকাৰ কʼটে ডি আইবৰীলৈ পঠিওৱা হৈছিল। সেই ঠাইত সকলো আমাৰ বাবে নতুন আছিল। কিয়নো আমি এই ঠাইৰ লোকসকলৰ দৰে জীৱন-যাপন কৰিবলগীয়া হৈছিল, পুনৰ ফৰাচী ভাষাত কথা পাতিবলগীয়া হৈছিল আৰু বিভিন্ন ঠাইৰ মিচনেৰীসকলৰ লগত থাকিবলগীয়া হৈছিল। কিন্তু মই বুজিব পাৰিলোঁ যে যিহোৱাই আমাক ইয়ালৈ পঠাইছে, কিয়নো বহুতো নম্ৰ লোকে সত্য গ্ৰহণ কৰিছিল। মই আৰু বাৰবাৰাই জীৱনত বহুবাৰ অনুভৱ কৰিলোঁ যে যেতিয়া আমি যিহোৱাৰ ওপৰত ভৰসা কৰোঁ, তেতিয়া তেওঁ আমাক সঠিক পথ দেখুৱায়।

জীৱনত অহা কঠিন পৰিস্থিতি

কিছু দিনৰ পাছত আমি গম পালোঁ যে বাৰবাৰাৰ কেন্সাৰ হৈছে। তাইৰ চিকিৎসাৰ বাবে আমি বহুবাৰ ইউৰোপলৈ আহিছিলোঁ। ১৯৮৩ চনত আমি বুজি পালোঁ যে আমি আফ্ৰিকাত আৰু সেৱা কৰিব নোৱাৰিম। ইয়াৰ বিষয়ে চিন্তা কৰি আমাৰ বৰ দুখ লাগিছিল।

আমি লণ্ডনৰ বেথেলত সেৱা কৰিবলৈ ধৰিলোঁ। ইয়াত বাৰবাৰাৰ চিকিৎসা কৰা হৈছিল। কিন্তু তাইৰ শৰীৰৰ অৱস্থা বেয়ালৈ ঢাল খাইছিল আৰু কিছু দিনৰ পাছত তাইৰ মৃত্যু হৈছিল। বেথেলৰ ভাই-ভনীসকলে মোৰ যত্ন লৈছিল, বিশেষকৈ এহাল দম্পতীয়ে বেছিকৈ যত্ন লৈছিল। তেওঁলোকে মোক যিহোৱাৰ ওপৰত ভৰসা কৰিবলৈ উৎসাহিত কৰিলে আৰু কঠিন পৰিস্থিতিৰ সন্মুখীন হʼবলৈ সহায় কৰিলে। কিছু দিনৰ পাছত এন নামৰ ভনীগৰাকীক মই লগ পালোঁ। তাই কিছু দিন কাম কৰিবলৈ বেথেলত আহিছিল। তাই আগতে বিশেষ অগ্ৰগামী সেৱাও কৰিছিল। মই দেখিলোঁ যে তাই যিহোৱাক বহুত প্ৰেম কৰে। ১৯৮৯ চনত আমি বিয়া কৰিলোঁ। তেতিয়াৰপৰা আমি আজিলৈকে লণ্ডনৰ বেথেলতে সেৱা কৰি আছোঁ।

এন আৰু মই ব্ৰিটেইনৰ নতুন বেথেলৰ সন্মুখত থিয় হৈছোঁ

বিশ্ব মুখ্য কাৰ্য্যালয়ত মই ১৯৯৫ চনৰপৰা ২০১৮ চনলৈকে প্ৰতিনিধি হিচাপে সেৱা কৰাৰ সুযোগ পালোঁ। এই প্ৰতিনিধিসকলক জʼন ওভাৰচিয়াৰ বুলি কোৱা হৈছিল। সেই সময়ছোৱাত আমি ৬০ খন দেশৰ ভাই-ভনীসকলক লগ পালোঁ। যিকোনো পৰিস্থিতিতে যিহোৱাই যে নিজৰ লোকসকলৰ যত্ন লয়, সেয়া আমি সকলো দেশতে দেখিবলৈ পালোঁ।

মই প্ৰতিনিধি হিচাপে ২০১৭ চনত আফ্ৰিকালৈ যোৱাৰ সুযোগ পালোঁ। প্ৰথমবাৰ এনক বুৰুণ্ডী ঠাইখন দেখুৱাবলৈ পাই, মই বৰ আনন্দিত হʼলোঁ আৰু সেই ঠাইৰ ভাই-ভনীসকলৰ উন্নতি দেখি আমাৰ বৰ ভাল লাগিল। ১৯৬৪ চনত মই যি ৰাস্তাত প্ৰচাৰ কৰিছিলোঁ, সেই একেটা ৰাস্তাৰ কাষতে আজি সুন্দৰ বেথেল আছে আৰু গোটেই দেশত ১৫,৫০০-তকৈ বেছি প্ৰচাৰক আছে।

২০১৮ চনত মোৰ যিবোৰ ঠাইত যাবলগীয়া আছিল, তাৰ এখন তালিকা পালোঁ। সেই তালিকাখনত কʼটে ডি আইবৰী দেশৰ নাম দেখি মোৰ বৰ ভাল লাগিল। আমি কʼটে ডি আইবৰীৰ ৰাজধানী অবীজানলৈ গৈ পোৱাৰ সময়ত মোক এনে লাগিছিল যেন মই নিজৰ ঘৰলৈ উভতি আহিছোঁ। মই বেথেলৰ ফোনৰ তালিকা চোৱাৰ সময়ত এটা পৰিচিত নাম দেখিবলৈ পালোঁ আৰু তেওঁৰ নাম হৈছে চʼচু। তেওঁ মোৰ কাষৰ ৰুমত আছিল। মোৰ মনত পৰিল যে যেতিয়া মই অবীজানত আছিলোঁ, তেতিয়া এই নামৰ ভাইজন মণ্ডলীৰ নগৰ ওভাৰচিয়াৰ আছিল। মই ভাবিছিলোঁ হয়তো সেই ভাইজনেই হয়। কিন্তু তেওঁ সেই ভাইজন নাছিল, তেওঁৰ পুত্ৰহে আছিল।

সঁচাকৈ, যিহোৱাই নিজৰ সকলো প্ৰতিজ্ঞা পূৰ কৰে। কঠিন পৰিস্থিতিত যেতিয়া আমি যিহোৱাৰ ওপৰত ভৰসা কৰোঁ, তেতিয়া তেওঁ আমাক সঠিক পথ দেখুৱায়। মই যিহোৱাৰ পথত চলিব বিচাৰোঁ আৰু মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে নতুন পৃথিৱীত তেওঁ মোক এক সুন্দৰ জীৱন দিব।—হিতো. ৪:১৮.